বন্যাৰ্তক সহায়ৰ বাবে মুখ্যমন্ত্রীক ডেৰ লাখ টকা প্ৰদান অশীতিপৰ অঞ্জু ভট্টাচাৰ্যৰ
বানাক্ৰান্তৰ সীমাহীন দুখ-দুৰ্গতি দেখি আন বহুজনৰ দৰে উচুপি উঠিছে গুৱাহাটীৰ এগৰাকী বৃদ্ধাই । এইগৰাকী বৃদ্ধা গুৱাহাটীৰ উজান বজাৰৰ অঞ্জু ভট্টাচার্য, বাংলাদেশীক উচ্ছেদ-বিতাড়নৰো আহ্বান

Published : August 13, 2026 at 8:09 PM IST
গুৱাহাটী: উজনি অসমৰ চাৰিখন জিলাত হোৱা ভয়াৱহ বানৰ বিভিষীকাময় পৰিস্থিতিয়ে বিভিন্ন স্তৰৰ লোকক জোঁকাৰি গৈছে । পানী শুকাইছে যদিও বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্গতিৰ সীমা নোহোৱা হৈছে । দুৰ্গত লোকসকলক সহায় কৰাৰ বাবে বিভিন্ন লোক তথা অনুষ্ঠান-প্ৰতিষ্ঠান আগবাঢ়ি আহিছে । বানাক্ৰান্তৰ সীমাহীন দুখ-দুৰ্গতি দেখি আন বহুজনৰ দৰে উচুপি উঠিছে গুৱাহাটীৰ এগৰাকী বৃদ্ধাই ।
শৰীৰে বাধা দিলেও পালেগৈ মুখ্যমন্ত্ৰীৰ ওচৰ
এইগৰাকী বৃদ্ধা হৈছে গুৱাহাটীৰ উজান বজাৰৰ অঞ্জু ভট্টাচার্য । তেওঁৰ বয়স ৮৮ বছৰ আৰু স্বামীৰ বয়স ৯৩ বছৰ । গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰালৰ সহাকৰী গ্ৰন্থাগাৰিক হিচাপে ১৯৯৮ চনত অৱসৰ গ্ৰহণ কৰা অঞ্জু ভট্টাচাৰ্যই স্বামীৰ সৈতে উজান বজাৰত বাস কৰে । একমাত্ৰ সন্তান থাকে দিল্লীত । সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত উজনিৰ ভয়াৱহ বান পৰিস্থিতি দেখি তেওঁৰ হৃদয়ে হাহাকাৰ কৰিছিল । যাৰ বাবে কিছু সহায় আগবঢ়োৱাৰ বাবে তেওঁ মুখ্যমন্ত্ৰীৰ কাষ চাপিছিল ।
বানৰ দৃশ্যই কন্দুৱাইছিল তেওঁক
বানৰ ছবিবোৰ দেখাৰ পৰা মনত তেওঁৰ এটাই চিন্তা আছিল, কিদৰে সহায় কৰিব বানাক্ৰান্ত লোকক । ইচ্ছা কৰিলেও বয়সে বহু কাম কৰিবলৈ নিদিয়ে । কিন্তু তথাপিও বানাক্ৰান্তৰ বাবে কিবা এটা কৰিবৰ মন বৃদ্ধাগৰাকীৰ । শেষত তেওঁ ভাবিলে, টকা দি কিছু সহায় আগবঢ়াব । প্ৰথমে ভাবিলে ৫০ হাজাৰ টকা দিব । নহয়, কম হ'ব ! শেষত সিদ্ধান্ত ল'লে এক লাখ টকা দিয়াৰ । কিন্তু দিব কাক ? সকলোকে বিশ্বাস কৰিব নোৱাৰি । টকাৰ সদব্যৱহাৰ হ'ব নে নাই ?
অৱশেষত অঞ্জু ভট্টাচার্যই ভাবিলে মুখ্যমন্ত্ৰীৰ হাততে দিব টকাখিনি । পিছে দিব কেনেকৈ ? পুৰণি বহী এখনত থকা এজন সাংবাদিকৰ নম্বৰ উলিয়াই ফোন কৰিলে আৰু সাংবাদিকজনক মনৰ কথাখিনি ক'লে ।
সাংবাদিজনেও অঞ্জু ভট্টাচার্যৰ মনৰ ভাৱ উপলব্ধি কৰি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি তেওঁক দিছপুৰত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ ব্যৱস্থা কৰি দিলে । সেই অনুসৰি যোৱা দেওবাৰে বৃদ্ধাগৰাকীয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি নিজৰ পৰা ১ লাখ আৰু স্বামীয়ে দিয়া ৫০ হাজাৰ টকা সহিতে মুঠ ডেৰ লাখ টকাৰ চেক মুখ্যমন্ত্ৰীৰ হাতত তুলি দিয়ে । উজনিৰ ভয়াৱহ বান পৰিস্থিতি দেখি নিজৰ সাঁচতীয়া ধন আগবঢ়াই এইগৰাকী বৃদ্ধাই দেখুৱালে নিজৰ মহানুভৱতা ।
ইটিভি ভাৰতক মনৰ ভাৱ ব্যক্ত কৰিলে অঞ্জু ভট্টাচাৰ্যই
বৃহস্পতিবাৰে ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত অঞ্জু ভট্টাচাৰ্যই ব্যক্ত কৰিলে নিজৰ মনৰ ভাৱ আৰু অনুভূতি । তেওঁ কয়, ‘‘বানত মানুহৰ দুৰ্দশা দেখি বহুত কষ্ট পাইছোঁ । আমিও বানপানী দেখিছোঁ যদিও এনে অভাৱনীয় পৰিৱেশ দেখা নাছিলোঁ । এই মানুহবোৰক কেনেদৰে সহায় কৰিব পাৰো তাক লৈ মই চিন্তিত হৈ পৰিছিলোঁ । ভাবিলোঁ অলপ পইচা দিব পাৰোঁ । কিন্তু কেনেকৈ দিম ? আচলতে আজিকালি মানুহৰ পইচাৰ বৰ খঁক । কাৰোবাৰ হাতত দিম, কি কৰিব নাজানো । তাৰ বাবে মুখ্যমন্ত্ৰীৰ হাতত দিয়াটো উপযুক্ত স্থান হ'ব বুলি ভাবিলোঁ ।’’
স্বামী-স্ত্ৰীয়ে আগবঢ়ালে ডেৰ লাখ টকা
‘‘সেইবাবে মই এজন সাংবাদিকক যোগাযোগ কৰিলোঁ আৰু মোৰ মনৰ কথা ক’লোঁ । তেওঁ মোক সহায় কৰি মুখ্যমন্ত্ৰীৰে যোগাযোগৰ ব্যৱস্থা কৰি দিলে । প্ৰথমে ভাবিলো ৫০ হাজাৰ টকা দিম । ৰাতিও চিন্তা কৰোঁ, কি কৰিম ! তাৰ পিছত ভাবিলোঁ এক লাখ টকা দিম । মই মোৰ স্বামীক কথাটো ক'লো । অৱশ্যে তেওঁ একো নক’লে । তেওঁ বিচনাৰ পৰা উঠিব নোৱাৰে । মই তেওঁক মোবাইলত বানৰ ভয়াৱহ পৰিস্থিতিসমূহ দেখুৱালোঁ । তেওঁক ক’লো মানুহৰ কিমান দুখ-দুৰ্গতি হৈছে । কিবা সহায় কৰিব পাৰিলে ভাল হয় । তেওঁ একো কোৱা নাছিল যদিও দেওবাৰে দিনৰ ১ বজাত মুখ্যমন্ত্ৰীক লগ ধৰিবলৈ যাওঁতে তেওঁ মোক ৫০ হাজাৰ টকাৰ চেক এখন দিলে । আমি দুয়োজনে মিলি ডেৰ লাখ টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালোঁ ।’’
উচ্ছেদৰ লগতে বিতাড়নৰ বাবে আহ্বান মুখ্যমন্ত্ৰীক
বৃদ্ধাগৰাকীয়ে কয়, ‘‘আইতা বুলি মোক সম্বোধন কৰি ভিতৰলৈ মাতিলে । মিছা নকওঁ, মুখ্যমন্ত্ৰীয়ে মোক কি ক'লে আৰু মই কি ক'লো মোৰ একেবাৰে মনত নাই । কেৱল ওলাই অহাৰ সময়ত মই মুখ্যমন্ত্ৰীক উচ্ছেদ কৰিলেই নহ'ব পুচবেকো কৰিব লাগিব বুলি কৈছিলোঁ ।’’
‘‘মোৰ সদায় মনত এটা কথা লাগি থাকে যে গোটেই অসমখন বাংলাদেশীয়ে শেষ কৰি দিলে । ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী, ইলেক্ট্ৰচিয়ান আদি সকলোতে কেৱল বাংলাদেশী । মই মুখ্যমন্ত্ৰীক পুচবেক কৰাৰ কথা কোৱাৰ পাছত তেওঁ কিছু সময় ৰৈ যায় । তাৰ পিছত তেওঁ মোক কয় যে উচ্ছেদো হ'ব আৰু পুচবেকো হ'ব । তেওঁৰ কথা শুনি মোৰ বহুত ভাল লাগিছে । মুখ্যমন্ত্ৰীক গামোচা পিন্ধাই মৰমো কৰিছোঁ আৰু আশীৰ্বাদো দিছো ।’’ তেওঁ লগতে কয় ৷
লগতে পঢ়ক: বন্যাৰ্তক সহায় কৰিবলৈ ১৫ আগষ্টত অনশনত বহিব শিৱসাগৰৰ বিধায়ক অখিল গগৈ

