ETV Bharat / state

চাহ বাগিচাৰ নলাত পৰি কণমানি হাতী পোৱালিৰ মৃত্যু

হাতী-মানুহৰ সংঘাতৰ মাজতে সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা । চাহ বাগিচাৰ মালিক পক্ষই খন্দা মৰণফান্দ ৰূপী দ নলাত পৰি মৃত্যু এটি হাতী পোৱালিৰ ।

An elephant calf died after falling into a tea garden ditch in Golaghat
চাহ বাগিচাৰ নলাত পৰি কণমানি হাতী পোৱালিৰ মৃত্যু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 29, 2026 at 8:20 AM IST

2 Min Read
Choose ETV Bharat

গোলাঘাট: বন্যহস্তীৰ মৃত্যুৰ ঘটনা এতিয়া সুলভ হৈ পৰিছে গোলাঘাটত জিলাত । কেতিয়াবা যদি বিদ্যুৎস্পৃষ্ট হৈ আকৌ কেতিয়াবা চাহ বাগিচাত খন্দা মৰণফান্দ ৰূপী দ নলাত পৰি মৃত্যু ঘটে বন্যহস্তীৰ । এইবাৰ এটি কণমানি হাতী দ নলাত পৰি মৃত্যু হয় দৈগ্ৰোং চাহ বাগিচাত । গোলাঘাটৰ জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত মৰঙী মৌজাৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ দৈগ্ৰোং বাগিচাৰ ১০ নম্বৰ চেকচনৰ দ নলাত পৰি এটা পোৱালি হাতীয়ে কৰুণ মৃত্যুক আঁকোৱালি লয় ।

মাকে উদ্ধাৰ কৰিবলৈ যোৱাত পোতখাই মৃত্যু হয় হাতী পোৱালিটোৰ । হাতী পোৱালিটো নলাত পৰি মৃত্যু হোৱা প্ৰত্যক্ষ কৰি চাহ বাগিচাৰ শ্ৰমিকে বন বিভাগৰ লোকক খবৰ দিয়াত ঘটনাস্থলীত বন বিভাগৰ এটা দল উপস্থিত হৈ হাতী পোৱালিটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ অন্তত সৎকাৰৰ ব্যৱস্থা গ্ৰহণ কৰে ।

চাহ বাগিচাৰ নলাত পৰি কণমানি হাতী পোৱালিৰ মৃত্যু (ETV Bharat)

দুদিন পূৰ্বেই হাতী পোৱালিটোৰ মৃত্যু হোৱা বুলি অনুমান কৰিছে বন বিভাগৰ লোকে । এই সম্পৰ্কে এজন বন বিষয়াই কয়, "আমাক এক বিশেষ সূত্ৰই খবৰ দিয়ে যে এই স্থানত এটি কণমানি হাতী পোৱালি নলাত পৰি মৃত্যু হৈছে । তাৰ পাছত আমি এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি এই স্থানত উপস্থিত হৈছোঁ । হাতী পোৱালিটো নলাত পৰি মৃত্যু হৈছে আৰু যেতিয়া হাতী পোৱালি নলাত পৰে মাকে উঠাবলৈ চেষ্টা কৰে তেতিয়া মাটিৰ হেঁচা খাই মৃত্যু হয় ।"

উল্লেখযোগ্য যে এই ঘটনাৰ পূৰ্বেও এনেদৰে বাগিচাৰ মালিক পক্ষই খন্দা মৰণফান্দ ৰূপী দ নলাত পৰি বহু বন্যহস্তীৰ মৃত্যু হৈছে যদিও এই ক্ষেত্ৰত বিয়াগোম বন বিভাগে বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । আনহাতে দৈগ্ৰোং-নামবৰ সংৰক্ষিত বনাঞ্চলৰ পৰা নিলগত থকা প্ৰায় অৰ্ধশতাধিক চাহ বাগিচাৰ মালিক পক্ষই এনেদৰে বৃহৎ আকাৰৰ নলা খান্দি বন্যহস্তী অহা-যোৱা কৰা পথত বাধাৰ সৃষ্টি কৰিছে বুলিও অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক: আলফা স্বাধীনৰ নামত ধন সংগ্ৰহৰ অভিযোগত আৰক্ষীৰ জালত পৰিছে ইজনৰ পিছত সিজন, NIA য়ো চলাইছে তদন্ত

মোৰ ভয় খাবলগীয়া একো নাই আৰু বিজেপিলৈ যোৱাৰো কোনো কথা নাই : কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া