ETV Bharat / state

স্বৰ্গদেউ প্ৰতাপ সিংহই স্থাপন কৰা এছিয়াৰ প্ৰথমখন পক্ষী অভয়াৰণ্য পুনৰুজ্জীৱিত কৰাৰ প্ৰচেষ্টা

১৭০০ শতিকাতেই মাজুলীত স্থাপন কৰা হৈছিল চৰাইচুং অভয়াৰণ্য । পৰিদৰ্শন কৰিলে বিধায়ক ভূৱন গামে ।

Charaichung Bird Sanctuary in Majuli
এছিয়াৰ প্ৰথমখন পক্ষী অভয়াৰণ্য চৰাইচুং (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 18, 2025 at 12:12 PM IST

2 Min Read
Choose ETV Bharat

মাজুলী : আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই ১৭০০ শতিকাতেই মাজুলীত স্থাপন কৰিছিল এছিয়াৰ প্ৰথমখন পক্ষী অভয়াৰণ্য চৰাইচুং । স্বৰ্গদেউৱে পক্ষীৰ বিচৰণথলীৰূপে গঢ়ি তোলা প্ৰাচীন পক্ষী অভয়াৰণ্য চৰাইচুং এতিয়া বিপদাপন্ন । এই পক্ষী অভয়াৰণ্যখন পুনৰুজ্জীৱিত কৰাৰ বাবে আগবাঢ়ি আহিছে স্থানীয় বিধায়ক ভূৱন গাম । স্থানীয় বাসিন্দাৰ লগতে খেতিয়কৰ কোনো ক্ষতিসাধন নকৰাকৈ পক্ষী অভয়াৰণ্য পুনৰুজ্জীৱিত কৰিবলৈ পৰিকল্পনা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ।

এই পক্ষী অভয়াৰণ্যখনলৈ প্ৰতি বছৰে হাজাৰ হাজাৰ নানা ধৰণৰ পক্ষীৰ আগমন ঘটে । বিশেষকৈ শীতৰ আগমণৰ লগে লগে পক্ষীকূলৰ কলৰৱত মুখৰিত হৈ পৰে মাজুলীৰ চৰাইচুং । এই অভয়াৰণ্য়খনলৈ দেশী-বিদেশী পৰ্যটকৰ আগমণ বৃদ্ধি কৰাৰ লক্ষ্য়ৰে জিলা প্ৰশাসন আৰু মাজুলীৰ বিধায়কগৰাকীয়ে উদ্য়োগ গ্ৰহণ কৰিছে । এই চৰাইচুং পক্ষী অভয়াৰণ্যখন পুনৰুজীৱিত কৰাৰ উদ্দেশ্য সোমবাৰে চৰাইচুং অঞ্চলটো পৰিদৰ্শন কৰে মাজুলীৰ বিধায়ক ভূৱন গামৰ লগতে জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক ।

১৭০০ শতিকাতেই মাজুলীত স্থাপন কৰা চৰাইচুং অভয়াৰণ্য (ETV Bharat Assam)

এই অঞ্চলটো পৰিদৰ্শন কৰি বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, "আমি এই পক্ষী উদ্যানখন পুনৰুদ্ধাৰৰ বাবে জিলা প্ৰশাসনৰ লগত এইস্থান পৰিদৰ্শন কৰিলো । পক্ষী উদ্যানখন পুনৰুদ্ধাৰ কৰি পৰ্যটনস্থলী হিচাপে গঢ় দিয়াৰ বাবে চিন্তা কৰিছো । ইয়াৰ বাবে জিলা প্ৰশাসন, স্থানীয় ৰাইজ আৰু বন বিভাগৰ সমৰ্থনৰ সৈতে পুনৰ চৰাইচুংক অভয়াৰণ্যৰূপে আগবঢ়াবলৈ প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰা হ'ব ।"

ইপিনে, পৰ্যটনৰ সম্ভাৱনা বৃদ্ধি কৰি এই অঞ্চলটোক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তুলি চৰাইচুং পৰিদৰ্শন কৰিব পৰাকৈ পথৰ উন্নয়নৰ কাম শীঘ্ৰই আৰম্ভ হ'ব বুলি জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে স্থানীয় ৰাইজক জানিবলৈ দিয়ে ।

Charaichung Bird Sanctuary in Majuli
চৰাইচুং অভয়াৰণ্য পৰিদৰ্শন কৰিলে বিধায়ক ভূৱন গামে (ETV Bharat Assam)

জিলা আয়ুক্তগৰাকীয়ে এই চৰাইচুংস্থলী পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত কয়, "চৰাইচুং পক্ষী অভয়াৰণ্যখন পুনৰুজ্জীৱিত কৰি অসমৰ লগতে অসমৰ বাহিৰৰ লোকৰ সন্মুখলৈ আনিব লাগে যাতে মাজুলীৰ এই পক্ষী অভয়াৰণ্যখনৰ বিষয়ে সকলোৱে জানিব পাৰে । আশা কৰিছো চৰাইচুং পক্ষী অভয়াৰণ্যখন পুনৰুদ্ধাৰ কৰি যাতে ভৱিষ্যতৰ বাবে সংৰক্ষিত কৰি ৰাখিব পাৰি তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে ।"

চৰাইচুং পক্ষী উদ্যান উদ্ধাৰ হোৱা মানেই প্ৰাকৃতিক সম্পদ সংৰক্ষণ, জৈৱ বৈচিত্ৰ্য ৰক্ষা আৰু মাজুলীৰ পৰ্যটন উন্নয়নৰ দিশত এক অৱদান হ'ব বুলি আশা প্ৰকাশ কৰিছে মাজুলীৰ আয়ুক্তগৰাকীয়ে ।

লগতে পঢ়ক:পৰিৱেশ-বান্ধৱ, বহনক্ষম পৰ্যটনৰ বাবে কেন্দ্ৰৰ ৰাষ্ট্ৰীয় কৌশল প্ৰস্তুত; অন্তৰ্ভুক্ত পানীদিহিং পক্ষী অভয়াৰণ্য

এপাক আপুনিও আহক মাগুৰমাৰী-ঘটাহোলা বিলৰ পাৰলৈ...