ETV Bharat / state

আমেৰিকান মিছনেৰীয়ে স্থাপন কৰা লখিমপুৰৰ এখন বিদ্যালয়ৰ কথা; গৰকিলে ১৩৩ বছৰ

দেশৰ স্বাধীনতাৰ পূৰ্বে লখিমপুৰত এই অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰা হৈছিল । এশ বছৰৰ অধিক পুৰণি এই বিদ্য়ালয়ৰ ওপৰত লখিমপুৰৰ পৰা জীৱন গোস্বামীৰ প্ৰতিবেদন ।

John Firth Christian English high school
আমেৰিকান মিছনেৰীয়ে স্থাপন কৰা এখন অসমীয়া মাধ্যমৰ বিদ্যালয়; গৰকিলে ১৩৩ বছৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 28, 2026 at 2:56 PM IST

6 Min Read
Choose ETV Bharat

লখিমপুৰ : দেশৰ স্বাধীনতাৰ পূৰ্বে এমেৰিকান মিছনেৰীয়ে লখিমপুৰত প্ৰতিষ্ঠা কৰা এখন স্কুল । ১৩৩ বছৰ ধৰি সগৌৰৱেৰে চলি থকা স্কুলখনৰ আছে বৰ্ণিল ইতিহাস । দেশে তেতিয়াও স্বাধীনতাৰ ন-সূৰুয দেখাই নাই । সেয়া ১৮৯৩ চনৰ কথা । চৌদিশে অটব্য অৰণ্যৰে পৰিৱেষ্টিত পৰিবেশ । আধুনিক শিক্ষা ব্যৱস্থাৰ নিশকতীয়া অৱস্থা । তেনে সময়তে অসমত ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য লৈ প্ৰৱেশ কৰিছিল আমেৰিকাৰ খ্ৰীষ্টান মিছনেৰী । ধৰ্ম প্ৰচাৰৰ বাবে আহি তেওঁলোকে স্থানীয় লোকৰ শিক্ষাৰ অভাৱৰ কথা অনুভৱ কৰিছিল । যাৰ বাবে শিক্ষাৰ ব্যবস্থাপনাতো তেওঁলোকে মন দিছিল ।

লখিমপুৰতো প্ৰতিষ্ঠা হৈছিল তেনে এখন বিদ্যালয় । সেই সময়ত লখিমপুৰ জিলাৰ সৰহভাগ অঞ্চল আছিল হাবি-জংঘলেৰে ভৰা । বৰ্তমানৰ লখিমপুৰ নগৰখনৰ তেতিয়া চিন-মোকামেই নাছিল । সেই সময়তে আমেৰিকাৰ পৰা লখিমপুৰলৈ সপত্নীক আহে মিছনেৰী ৰেভাৰেণ্ড জন ফাৰ্থ । তেওঁ যদিও ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য লৈ আহিছিল, তথাপি শিক্ষাৰ দিশত মন দিয়ে । বৰ্তমানৰ লখিমপুৰ নগৰৰ মাজত হাবি-জংঘল কাটি স্থাপন কৰে জন ফাৰ্থ খ্ৰীষ্টিয়ান প্ৰাইমেৰী স্কুল । যদিও মিছনেৰীয়ে এই স্কুলখন স্থাপন কৰিছিল, তথাপি কিন্তু স্কুলখন অসমীয়া মাধ্যমৰ আছিল

John Firth Christian English high school
ৰেভাৰেণ্ড জন ফাৰ্থ (ETV Bharat Assam)

অৰুণাচল প্ৰেদশ, মিজোৰাম আদি উত্তৰ-পূবৰ বহু ঠাইৰ ছাত্র-ছাত্রীয়ে অধ্যয়ন কৰে এই স্কুলখনত । সেই সময়ত ৰাস্তা-পদূলিৰ কোনো বিশেষ ব্যৱস্থা নাছিল । যাতায়াতৰ ক্ষেত্রত যান-বাহনৰ ব্যৱস্থা নাছিল । গৰুগাড়ীত যাতায়াত কৰিছিল মিছনেৰীসকলে । লখিমপুৰৰ পৰা তেজপুৰ পৰ্যন্ত গৰুগাড়ীত যাতায়াত কৰিছিল মিছনেৰীসকলে । তেনেদৰেই প্ৰতিষ্ঠা কৰা এই স্কুলখন পৰৱৰ্তী সময়ত মাধ্যমিক পৰ্যায়লৈ উন্নীত কৰাৰ লগতে মাধ্যম ইংৰাজীলৈ সলনি কৰা হয়

John Firth Christian English high school
আমেৰিকান মিছনেৰীয়ে স্থাপন কৰা এখন অসমীয়া মাধ্যমৰ বিদ্যালয়; গৰকিলে ১৩৩ বছৰ (ETV Bharat Assam)

তাহানিতে সুদূৰ আমেৰিকাৰ পৰা আহি স্কুলখন প্ৰতিষ্ঠা কৰা মিছনেৰীসকলৰ এতিয়াও স্কুলখনৰ প্ৰতি আছে চেনেহ । পাহৰিব নোৱাৰি খা-খবৰ লৈ থকাৰ উপৰি পৰামৰ্শ প্ৰদান কৰি আহিছে তেওঁলোকে । বৰ্ণিল ইতিহাস বুকুত সামৰি এতিয়াও সগৌৰৱে চলি আছে স্কুলখন ।

স্কুলখনৰ ঐতিহাসিক আলোকপাত

তাহানিতে ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য লৈ আমেৰিকাৰ পৰা অসমলৈ আহিছিল কিছুসংখ্যক খ্ৰীষ্টান মিছনেৰী । শিৱসাগৰ, শদিয়া আদিত তেওঁলোকে ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য লৈ আহে । তেনেদৰে লখিমপুৰলৈ আহিছিল ৰেভাৰেণ্ড জন ফাৰ্থ ।

John Firth Christian English high school
আমেৰিকান মিছনেৰীয়ে স্থাপন কৰা এখন অসমীয়া মাধ্যমৰ বিদ্যালয়; গৰকিলে ১৩৩ বছৰ (ETV Bharat Assam)

তেওঁ লখিমপুৰলৈ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য লৈ আহি শিক্ষাৰ প্ৰয়োজনীতা উপলব্ধি কৰে । সেয়ে নগৰৰ মাজত তেতিয়াৰ হাবি-জংঘল কাটি চাফা কৰি ১৮৯৩ চনত স্থাপন কৰে জন ফাৰ্থ খ্ৰীষ্টিয়ান প্ৰাইমেৰী স্কুল । অসমীয়া মাধ্যমৰ আছিল স্কুলখন । কিছু দিনৰ পাছত তেওঁ পত্নীকো আনে । পৰৱৰ্তী সময়ত আমেৰিকাৰ পৰা আন কেইবাজনো মিছনেৰী আহি স্কুলখনত সহযোগ কৰে । গৰুগাড়ীৰ বাহিৰে কোনো যান-বাহন নথকা সেই যুগত তেওঁলোকে তেনেদৰেই স্কুলখন পৰিচালনা কৰিছিল । পাছত ১৯৪৫ চনত স্কুলখন মাধ্যমিক পৰ্যায়লৈ উন্নীত কৰা হয় । তাৰ লগতে অসমীয়াৰ পৰা ইংৰাজীলৈ মাধ্যমো সলনি কৰা হয় ।

John Firth Christian English high school
আমেৰিকান মিছনেৰীয়ে স্থাপন কৰা এখন অসমীয়া মাধ্যমৰ বিদ্যালয়; গৰকিলে ১৩৩ বছৰ (ETV Bharat Assam)

সময় বাগৰিল ।পৰৱৰ্তী সময়ত ১৯৩৬ চনত স্কুলখনৰ দায়িত্ব লয় ব্যাপ্টিষ্ট জেনেৰেল কনফাৰেন্সে । মিছনেৰী ৰেভাৰেণ্ড হেকচম চাহাব আৰু তেওঁৰ পৰিয়ালে স্কুলখন চলাবলৈ লয় । ১৯৬৭ চনত মিছনেৰীসকল লখিমপুৰৰ পৰা একেবাৰেই আমেৰিকালৈ গুচি যায় । স্কুলখনৰ দায়িত্ব হস্তান্তৰ কৰা হয় নৰ্থ বেংক ব্যাপ্টিষ্ট খ্ৰীষ্টান এছোচিয়েচনলৈ । তেতিয়াৰে পৰা ইতিহাসৰ গৌৰৱোজ্জ্বল ধাৰাক বুকুত সাৱটি চলি আছে স্কুলখন ।

কি কয় নৰ্থ বেংক ব্যাপ্টিষ্ট খ্ৰীষ্টিয়ান এছোচিয়েচনৰ সম্পাদকে

স্কুলখনৰ পৰিচালনা সমিতিৰ সদস্য তথা নৰ্থ বেংক ব্যাপ্টিষ্ট খ্ৰীষ্টিয়ান এছোচিয়েচনৰ সাধাৰণ সম্পাদক ৰেভাৰেণ্ড চাওৰাম দৈমাৰীয়ে (Chowaram Daimari) স্কুলখনৰ ঐতিহাসিক দিশসমূহ ব্যাখা কৰি কয়, "অসমত ধৰ্মৰ বাণী বিলাবলৈ আহি আমেৰিকাৰ মিছনেৰী ৰেভাৰেণ্ড জন ফাৰ্থে উত্তৰপাৰত হাবি-জংঘল কাটি ১৮৯৩ চনত স্কুলখন প্ৰতিষ্ঠা কৰিছিল । তেওঁৰ লগত সহযোগ কৰিছিল পত্নী ইভা ৱেবষ্টাৰে। যীশুৰ বাণী, শুভবাৰ্তাসমূহ বিলাবলৈ আহি তেওঁলোকে লখিমপুৰত এই স্কুলখন বৰ কষ্টৰে প্ৰতিষ্ঠা কৰিছিল ।"

আমেৰিকান মিছনেৰীয়ে স্থাপন কৰা এখন অসমীয়া মাধ্যমৰ বিদ্যালয়; গৰকিলে ১৩৩ বছৰ (ETV Bharat Assam)

লক্ষণীয়ভাৱে স্কুলখন প্ৰতিষ্ঠা কৰা হৈছিল অসমীয়া মাধ্যমত । পৰৱৰ্তী সময়ত আমেৰিকাৰ পৰা কেইবাজনো মিছনেৰী আহি স্কুলখনত সহযোগ কৰে আৰু স্কুলখন মাধ্যমিক পৰ্যায়লৈ উন্নীত কৰাৰ লগতে অসমীয়াৰ পৰা ইংৰাজীলৈ মাধ্যম সলনি কৰা হয় । তাহানিতে প্ৰতিষ্ঠা হোৱা এই স্কুলখনে কেৱল লখিমপুৰতে নহয়, বৰং উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যলৈ শিক্ষাৰ পোহৰ বিয়পাইছিল । অৰুণাচল প্ৰদেশ, মিজোৰাম আদি বিভিন্ন ঠাইৰ ছাত্র-ছাত্রীসকল আহি হোষ্টেলত থাকি স্কুলখনত শিক্ষা গ্ৰহণ কৰিছিল ।

অৰুণাচলৰ তদানীন্তন গৃহ মন্ত্রী নিৰম টাৰাম, অসমৰ প্ৰয়াত প্ৰাক্তন মন্ত্রী ইন্দ্ৰ গগৈ, লখিমপুৰৰ প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোঁহাই আদি এইখন স্কুলৰে ছাত্র আছিল বুলি তেওঁ গৌৰৱ প্ৰকাশ কৰে । কেৱল এইকেইজনেই নহয়, এইখন স্কুলত অধ্যয়ন কৰি ওলাই যোৱা বহু ছাত্র-ছাত্রী দেশে-বিদেশে বিভিন্ন ক্ষেত্রত উচ্চ পদবীত নিযুক্ত হৈ দেশ তথা সমাজৰ সেৱা কৰি আছে ।

John Firth Christian English high school
আমেৰিকান মিছনেৰীয়ে স্থাপন কৰা এখন অসমীয়া মাধ্যমৰ বিদ্যালয়; গৰকিলে ১৩৩ বছৰ (ETV Bharat Assam)

স্কুলখনৰ চেনেহ পাহৰিব পৰা নাই মিছনেৰীসকলে

স্কুলখনে বৰ্তমান ১৩৩ বছৰত ভৰি থলে । প্ৰতিষ্ঠাকালৰে বা পৰৱৰ্তী সময়ত স্কুলখনৰে জড়িত হোৱা মিছনেৰীসকলৰ বহুতো পৰলোকগামী হয় যদিও তেওঁলোকৰ পৰিয়ালবৰ্গই এতিয়াও স্কুলখনৰ চেনেহ পাহৰিব পৰা নাই । তেওঁলোকে বিভিন্ন ধৰণে স্কুলখনৰ খা-খবৰ লৈ থাকে । মাজে-সময়ে তেওঁলোক স্কুলখন চাবলৈও আহে । সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে আগবঢ়ায় পৰামর্শ । প্ৰয়োজনত আৰ্থিক সাহায্যও দিয়ে তেওঁলোকে ।

ব্ৰিটিছৰ সমাধি ক্ষেত্র আছে স্কুলখনৰ চৌহদত

স্কুলখনৰ চৌহদত আছে ভালেখিনি সমাধি ক্ষেত্র । স্কুল কৰ্তৃপক্ষই সযতনে সংৰক্ষণ কৰি ৰাখিছে সমাধিসমূহ । এই সন্দৰ্ভত দৈমাৰীয়ে কয়, "এই সমাধিসমূহ স্কুলখনৰ চৌহদত আছে যদিও সমাধিসমূহ মিছনেৰীসকলৰ নহয় । স্কুলখনৰ প্ৰতিষ্ঠাকালত জড়িত বা পিছৰ পৰ্যায়ত জড়িতসকলৰ সমাধি ক্ষেত্র নাই স্কুলখনৰ চৌহদত। ব্ৰিটিছ শাসনকালত বিভিন্ন সময়ত মৃত্যু হোৱা একাংশ ব্ৰিটিছ নাগৰিকৰহে সমাধি ক্ষেত্র ।"

স্কুলখনৰ চৌহদত ব্ৰিটিছ নাগৰিকৰ সমাধি কেনেদৰে হ'বলৈ পালে সেই সন্দৰ্ভত কিন্তু বিশেষ তথ্য একো নাই । স্বাধীনতাৰ পূৰ্বৰে পৰা আমেৰিকাৰ মিছনেৰীৰ উদ্যোগত প্ৰতিষ্ঠা হোৱা এই স্কুলখনে এশ বছৰৰো অধিককাল শিক্ষাৰ পোহৰ বিয়পাই আছে । অটব্য অৰণ্যৰ পৰা বৰ্তমানৰ আধুনিক সময়লৈকে এক গৌৰৱোজ্বল শৈক্ষিক ধাৰা বুকুত সাৱটি সগৌৰৱে চলি আছে স্কুলখন । এসময়ত উত্তৰ-পূৰ্বাঞ্চলতে শিক্ষাৰ পোহৰ বিলোৱা স্কুলখন আজিও সমানেই শিক্ষাৰ আলোকেৰে শত সহস্রজনক আলোকিত কৰি আছে ।

লগতে পঢ়ক :ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ সৈতে অসম চৰকাৰৰ বুজাবুজি চুক্তি স্বাক্ষৰ
লগতে পঢ়ক :সমিতিয়ে দিয়া প্ৰতিবেদন অনুসৰি বাস্তৱায়িত হ'ব জুবিন ক্ষেত্ৰ: বিমল বড়া