ETV Bharat / state

কমলাৰ সোৱাদ বিচাৰি লোকাৰণ্য ডিমৰীয়াৰ বান্দৰগোগ, আৰম্ভ আম্প্ৰী ভেলী কমলা মহোৎসৱ ২০২৫

সুমথিৰাৰ সুবাসেৰে আমোলমোল হৈ পৰিছে অসম-মেঘালয় সীমান্তৱৰ্তী বান্দৰগোগ । আৰম্ভ হ'ল ‘আম্প্ৰী ভেলী কমলা মহোৎসৱ ২০২৫' ।

Ampri Valley Orange Festival 2025 has begun in Dimoria
আৰম্ভ হ'ল আম্প্ৰী ভেলী কমলা মহোৎসৱ ২০২৫ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 28, 2025 at 9:36 AM IST

3 Min Read
Choose ETV Bharat

সোণাপুৰ: ডিমৰীয়াৰ অসম-মেঘালয় সীমান্তৱৰ্তী বান্দৰগোগৰ আকাশ-বতাহ এতিয়া সুমথিৰাৰ সুবাসেৰে আমোলমোল হৈ পৰিছে । চৌদিশে কেঁচা সোণ স্বৰূপ কমলাৰ ৰং আৰু ৰাইজৰ উখল-মাখল পৰিৱেশ । শনিবাৰৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে অন্যতম আকৰ্ষণ ‘আম্প্ৰী ভেলী কমলা মহোৎসৱ ২০২৫' ।

পাহাৰৰ কমলাৰ বিশ্বমানৰ বজাৰৰ লক্ষ্য:

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে অনন্য সোৱাদৰ বাবে পৰিচিত ডিমৰীয়া তথা সোণাপুৰ অঞ্চলৰ কমলাক এক বিশ্বমানৰ স্বীকৃতি তথা বজাৰ প্ৰদানৰ লক্ষ্যৰেই এই মহোৎসৱৰ আয়োজন কৰা হৈছে । মহোৎসৱথলীত প্ৰায় ডেৰকুৰি বিপনীত স্থানীয় কৃষকসকলে তেওঁলোকৰ উৎপাদিত ৰসাল কমলাসমূহ সজাই তুলিছে । কেৱল কমলাই নহয়, পাহাৰীয়া মাটিত উৎপাদিত আলু, কচু,কোমোৰা আদি বিভিন্ন থলুৱা কৃষি সামগ্ৰীয়েও মেলাৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে ।

আৰম্ভ হ'ল আম্প্ৰী ভেলী কমলা মহোৎসৱ ২০২৫ (ETV Bharat Assam)

পৰম্পৰা আৰু প্ৰকৃতিৰ সংমিশ্ৰণ:

উৎসৱৰ প্ৰথম দিনটোত কাৰ্বি পৰম্পৰা অনুসৰি ‘ছাৰকিদুং’ কাৰ্যসূচী সম্পন্ন কৰে উপেন টেৰণে । উদযাপন সমিতিৰ সভাপতি বকুল টেৰণে মহোৎসৱৰ পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে । পৰিৱেশ সুৰক্ষাৰ মহান বাৰ্তাৰে গাঁও প্ৰধান গহন ৰামদেই নাহৰ পুলি ৰোপণ কৰে ।

Ampri Valley Orange Festival 2025 has begun in Dimoria
তৈয়াৰ কৰি থোৱা হৈছে চাংঘৰ (ETV Bharat Assam)

আৰম্ভণি অনুষ্ঠানত মুখ্য তোৰণ মুকলি কৰে মাৰকাং ৰেচ ভূৱন ৰহাং আৰু সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জুৰি দেৱীয়ে । উক্ত অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে ডিমৰীয়া মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড৹ মহানন্দ বৰা আৰু অৱসৰপ্ৰাপ্ত অধ্যক্ষ অমল ৰয়ৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে । ইয়াৰ পিছতে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ হয় ।

দৰ্শনাৰ্থীৰ বাবে বিশেষ আকৰ্ষণ:

'যিমান ইচ্ছা সিমান খাওক'

মহোৎসৱৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হৈছে, মাত্ৰ ১৫০ টকা প্ৰদান কৰি পৰ্যটকসকলে পোনপটীয়াকৈ কমলা বাগিচাত সোমাই নিজ হাতেৰে চিঙি যিমান ইচ্ছা সিমান কমলা খাব পাৰিব । অৱশ্যে ঘৰলৈ নিব বিচাৰিলে বিপনীৰ পৰা উচিত মূল্যত ক্ৰয় কৰিব লাগিব ।

Ampri Valley Orange Festival 2025 has begun in Dimoria
কমলা চিঙাৰ সময়ত এগৰাকী যুৱতী (ETV Bharat Assam)

মহোৎসৱলৈ অহা এগৰাকী উৎসাহী যুৱতীয়ে কয়, "পৰিয়ালৰ লগত প্ৰথমবাৰ আহিছোঁ । সীমান্তৰ এই ভিতৰুৱা অঞ্চলত ইমান সুন্দৰ আয়োজন দেখি আচৰিত হৈছো । আপোনালোকো আহক আৰু এই সৌন্দৰ্য উপভোগ কৰক ।"

Ampri Valley Orange Festival 2025 has begun in Dimoria
দৰ্শকক আকৰ্ষণৰ বাবে সজাই তোলা হৈছে মহোৎসৱস্থলী (ETV Bharat Assam)

কৃষকৰ উৎসাহ আৰু জীৱিকাৰ সুৰক্ষা:

উদযাপন সমিতিৰ এগৰাকী উদ্যোক্তাই জনাই, "যোৱা বছৰৰ তুলনাত এইবেলি ৰাইজৰ সঁহাৰি দুগুণ । বিভিন্ন ৰোগৰ বাবে পূৰ্বৰ দৰে কমলাৰ উৎপাদন নোহোৱাত কৃষকসকল চিন্তিত হৈছিল যদিও এই মহোৎসৱে তেওঁলোকক পুনৰ উৎসাহিত কৰিছে । মহোৎসৱৰ জৰিয়তে কমলাৰ গুণাগুণ আৰু আধুনিক কৃষি পদ্ধতিৰ জ্ঞান লাভ কৰি বহু কৃষকে নতুনকৈ বাগিচা প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছে । থলুৱা খাদ্য সম্ভাৰ, হস্ততাঁত শিল্পৰ প্ৰদৰ্শনী আৰু সীমান্তৰ প্ৰাকৃতিক শোভাই এই ‘আম্প্ৰী ভেলী কমলা মহোৎসৱ’ক এক অন্যতম পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে ।"

Ampri Valley Orange Festival 2025 has begun in Dimoria
কমলা বিপনীত গ্ৰাহকৰ ভিৰ (ETV Bharat Assam)

যদি আপুনিও পাহাৰীয়া কমলাৰ সোৱাদ আৰু প্ৰকৃতিৰ সান্নিধ্য বিচাৰে, তেন্তে সোনকালেই ঢাপলি মেলক বান্দৰগোগৰ আম্প্ৰী ভেলীলৈ ।

Ampri Valley Orange Festival 2025 has begun in Dimoria
কমলা মহোৎসৱত ফটোৰ বাবে পজ এগৰাকী যুৱতী (ETV Bharat Assam)

লগতে পঢ়ক: আজি অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

৭৩২ পৰিয়ালক মাটিৰ পট্টা দিয়াৰ বাবে কেবিনেটৰ অনুমোদন আৰু কি কি আছে কেবিনেটৰ সিদ্ধান্তত ?