ETV Bharat / state

বৰপেটাত ভাৰ্চুৱেলী ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ আধাৰশিলা স্থাপন অমিত শ্বাহৰ

২৮৪ কোটি টকা ব্যয় সাপেক্ষে বৰপেটা মেডিকেল কলেজ আৰু হাস্পতালত নিৰ্মাণ হ'ব অত্য়াধুনিক হাস্পতাল ।

foundation stone of the Super Specialty Hospital in Barpeta
বৰপেটাত ভাৰ্চুৱেলী ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ আধাৰশিলা স্থাপন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 15, 2026 at 6:40 PM IST

2 Min Read
Choose ETV Bharat

বৰপেটা : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দেওবাৰে ভাৰ্চুৱেলী বৰপেটা মেডিকেল কলেজ আৰু হাস্পতালত ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ লগতে ডিফু মেডিকেল কলেজ আৰু হাস্পতালত ছুপাৰ স্পেচিয়েলিটি হাস্পতাল, যোৰহাট মেডিকেল কলেজ আৰু হাস্পতালত ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ আধাৰশিলা স্থাপন কৰে । দীৰ্ঘদিনীয়া আশা পূৰণৰ দিশে অগ্ৰসৰ হোৱাত উৎফুল্লিত হৈ পৰিছে বৰপেটাৰ জনগণ ।

বৰপেটাৰ লগতে নামনি অসমৰ বাবে অতিকৈ ভাল খবৰ । বৰপেটাত ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে । দেওবাৰে গুৱাহাটীৰ পৰাই ভাৰ্চুৱেলী বৰপেটা ছুপাৰ স্পেচিয়েলিটি হাস্পতালখনৰ আধাৰশিলা স্থাপন কৰে ।

বৰপেটাত ভাৰ্চুৱেলী ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ আধাৰশিলা স্থাপন (ETV Bharat Assam)

২৮৪ কোটি টকা ব্যয় সাপেক্ষে হ'ব নিৰ্মাণ :

বৰপেটা মেডিকেল কলেজ চৌহদত স্থাপন হ'বলগীয়া ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ আধাৰশিলা স্থাপনৰ লগে লগে বৰপেটাৰ লগতে নামনি অসমৰ ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত এক আশাৰ বতৰা কঢ়িয়াই আনিলে । ২৮৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া বৰপেটা ছুপাৰ স্পেচিয়েলিটি হাস্পতালখন ২০২৭ চনৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে লক্ষ্য বান্ধি লোৱা হৈছে ।

চৰকাৰৰ পদক্ষেপক বৰপেটাবাসীৰ আদৰণি :

এই হাস্পতাল নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক বৰপেটাবাসীয়ে আন্তৰিকতাৰে আদৰণি জনাইছে । হাস্পতালখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে স্নায়ু, হৃদৰোগ আদিকে ধৰি সকলোধৰণৰ জটিল ৰোগৰ চিকিৎসা সেৱা উপলব্ধ হ'ব । ফলত বৰপেটাৰ লগতে নামনি অসমবাসীৰ বাবে আজিৰ দিনটো অতিকৈ শুভ দিন বুলি মন্তব্য় কৰিছে বৰপেটাৰ ৰাইজে ।

foundation stone of the Super Specialty Hospital in Barpeta
বৰপেটাত ভাৰ্চুৱেলী ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ আধাৰশিলা স্থাপন (ETV Bharat Assam)

এই চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন সন্দৰ্ভত সমাজকৰ্মী অনিল কুমাৰ দাসে কয়, "অহা ২০২৭ ত উদ্বোধন হ'বলগীয়া ছুপাৰ স্পেছিয়েলিটি হাস্পতালখনে কেবল বৰপেটা জিলাৰে নহয়, সমগ্ৰ পশ্চিম অসমৰ ৰাজহুৱা চিকিৎসাখণ্ডলৈ বৃহৎ পৰিৱৰ্তন আনিব । যোৱা দহ বছৰত অসমৰ চৰকাৰী চিকিৎসাখণ্ডলৈ অভাৱনীয় পৰিৱৰ্তন আহিছে । এই পৰিৱৰ্তন সাধাৰণ মানুহৰ জীৱনত বৃহৎ সকাহ হৈ পৰিছে ।"

foundation stone of the Super Specialty Hospital in Barpeta
বৰপেটাত ভাৰ্চুৱেলী ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ আধাৰশিলা স্থাপন (ETV Bharat Assam)

আধাৰশিলা স্থাপন উপলক্ষে বৰপেটা মেডিকেল কলেজ প্ৰেক্ষাগৃহত এখন সভা অনুষ্ঠিত হয় । সভাত জিলা আয়ুক্ত ৰোহণ কুমাৰ ঝা, বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰ, অধীক্ষক ডাঃ পাৰ্থ প্ৰতীম বৰুৱা প্ৰমুখ্যে বৰপেটাৰ ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক: গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ

খানাপাৰাত বিজেপিৰ 'যুৱ শক্তি সমাৰোহ'ত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বা