ETV Bharat / state

দশম অসম আৰক্ষী বাহিনীৰ অত্যাধুনিক মুখ্য কাৰ্যালয়ৰ শিলান্যাস গৃহমন্ত্ৰী অমিত শ্বাহৰ

২৬০.৬৮ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হ’ব দশম অসম আৰক্ষী বাহিনীৰ অত্যাধুনিক মুখ্য কাৰ্যালয়টো ।

AMIT SHAH ASSAM VISIT
দশম অসম আৰক্ষী বাহিনীৰ অত্যাধুনিক মুখ্য কাৰ্যালয়ৰ শিলান্যাস গৃহমন্ত্ৰী অমিত শ্বাহৰ (Himanta Biswa Sarma FB Account)
author img

By ETV Bharat Assamese Team

Published : February 21, 2026 at 11:55 PM IST

3 Min Read
Choose ETV Bharat

সোণাপুৰ : গুৱাহাটীৰ সোণাপুৰৰ কচুতলীৰ উচ্ছেদিত স্থানত শনিবাৰে এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰয় ডিমৰীয়াৰ ৰাইজ । দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে আজি এই স্থানত উপস্থিত হৈ দশম অসম আৰক্ষী বাহিনীৰ নতুন মুখ্য কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে । এই অনুষ্ঠানত গৃহমন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যিক কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকা, কেশৱ মহন্ত, ৰূপেশ গোৱালা আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমীত সিঙকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

১৭৪ বিঘা ভূমিত ২৬০.৬৮ কোটিটকীয়া অভিলাষী প্ৰকল্প

১৭৪ বিঘা বিশাল ভূমি সামৰি স্থাপন হ’বলগীয়া এই নতুন মুখ্য কাৰ্যালয়টো নিৰ্মাণৰ বাবে চৰকাৰে ২৬০.৬৮ কোটি টকা ব্যয় নিৰ্ধাৰণ কৰিছে । এই চৌহদত আৰক্ষী বাহিনীৰ বাবে সকলো ধৰণৰ অত্যাধুনিক সা-সুবিধা উপলব্ধ হ’ব । প্ৰকল্পটোৰ ভিতৰত থাকিব অত্যাধুনিক নিয়ন্ত্ৰণ কক্ষ আৰু ফায়াৰিং ৰেঞ্জ, বিশাল পেৰেড গ্ৰাউণ্ড আৰু প্ৰশিক্ষণ কেন্দ্ৰ, আৱাসিক এলেকা, বিদ্যালয় আৰু চিকিৎসালয়, নামঘৰ আৰু অন্যান্য ধৰ্মীয় তথা সাংস্কৃতিক স্থান ।

AMIT SHAH ASSAM VISIT
সোণাপুৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ জনসভাত জনসমাগম (ETV Bharat Assam)

গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁৰ ভাষণত কয়, "অসম আৰক্ষীক আধুনিকীকৰণ কৰাৰ যি প্ৰক্ৰিয়া ৰাজ্য চৰকাৰে হাতত লৈছে, এই নতুন কাৰ্যালয়ে তাক এক নতুন গতি প্ৰদান কৰিব । তেওঁ লগতে কয় যে নিৰাপত্তা বাহিনীৰ বাবে এক উন্নত কৰ্ম পৰিৱেশ সৃষ্টি কৰাটো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অন্যতম লক্ষ্য ।

AMIT SHAH ASSAM VISIT
দশম অসম আৰক্ষী বাহিনীৰ অত্যাধুনিক মুখ্য কাৰ্যালয়ৰ শিলান্যাস গৃহমন্ত্ৰী অমিত শ্বাহৰ (ETV Bharat Assam)

উচ্ছেদিত ভূমিত উন্নয়নৰ জোৱাৰ

মন কৰিবলগীয়া যে যোৱা বছৰ সোণাপুৰৰ এই কচুতলী অঞ্চলত জনগোষ্ঠীয় আবেষ্টনীৰ ভূমিৰ পৰা বহু অবৈধ দখলকাৰীক উচ্ছেদ কৰি হাজাৰ বিঘাৰো অধিক ভূমি মুকলি কৰা হৈছিল । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সেই সময়তেই এই মুক্ত ভূমিত আৰক্ষীৰ বৃহৎ প্ৰকল্প স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল । আজি সেই ঘোষণা বাস্তৱায়িত হোৱাৰ দিশত এক গুৰুত্বপূৰ্ণ খোজ হিচাপে বিবেচিত হৈছে ।"

AMIT SHAH ASSAM VISIT
জনসভা সম্বোধন গৃহমন্ত্ৰী অমিত শ্বাহৰ (ETV Bharat Assam)

জনসভাত হাজাৰ হাজাৰ লোকৰ সমাগম

শিলান্যাস অনুষ্ঠানৰ সমান্তৰালকৈ গৃহমন্ত্ৰীগৰাকীয়ে এখন বিশাল জনসভাকো সম্বোধন কৰে । ডিমৰীয়া আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ হাজাৰ হাজাৰ লোকে এই সভাত অংশগ্ৰহণ কৰি চৰকাৰৰ এই উন্নয়নমূলক পদক্ষেপক আদৰণি জনায় ।

AMIT SHAH ASSAM VISIT
দশম অসম আৰক্ষী বাহিনীৰ অত্যাধুনিক মুখ্য কাৰ্যালয়ৰ নক্সা (ETV Bharat Assam)

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, "এই অঞ্চলটো অবৈধ দখলৰ পৰা মুক্ত কৰি চৰকাৰে স্থানীয় খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে আৰক্ষী বাহিনীৰ আধুনিকীকৰণৰ দিশতো এক ডাঙৰ মাইলৰ খুঁটি স্থাপন কৰিলে ।" অসম আৰক্ষীৰ এই নতুন মুখ্য কাৰ্যালয়ে সমগ্ৰ অঞ্চলটোৰ আইন-শৃংখলা অধিক কটকটীয়া কৰাৰ লগতে স্থানীয় অৰ্থনীতি আৰু আন্তঃগাঁথনিৰ উন্নয়নতো সহায় কৰিব বুলি আশা কৰা হৈছে ।’’

লগতে পঢ়ক : কংগ্ৰেছৰ পাপৰ পৰা বিজেপিয়ে মুক্ত কৰিব অসম : অমিত শ্বাহ

গুৱাহাটীত চিআৰপিএফৰ ৮৭সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

ভাইব্ৰেণ্ট ভিলেজ প্ৰ'গ্ৰামৰ জৰিয়তে অসমৰ ১৪০খন গাঁৱে লাভ কৰিব সা-সুবিধা : অমিত শ্বাহ