ETV Bharat / state

মহাবাহুত বিলীন হ'ল জুবিনৰ চিতাভস্ম

গুৱাহাটী আৰু যোৰহাটত একেদিনাই ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ'ল জুবিন গাৰ্গৰ চিতাভস্ম ।

Zubeen Garg's ashes were immersed
যোৰহাটত ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ'ল জুবিন গাৰ্গৰ চিতাভস্ম (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : October 29, 2025 at 4:35 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট : অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ আজি ৪০ দিন । ন্যায়ৰ দাবীত অটল ৰাজ্যবাসী । তাৰ মাজতে ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ'ল জুবিন গাৰ্গৰ চিতাভস্ম । গুৱাহাটীৰ লগতে যোৰহাটতো প্ৰিয় শিল্পীগৰাকীৰ চিতাভস্ম বৰলুইতত উটুৱাই দিলে পৰিয়ালৰ লোকে । মৰমৰ শিল্পীগৰাকীৰ গৃহ চহৰ যোৰহাটত জিলা প্ৰশাসনৰ উদ্যোগত নিমাতী ঘাটত জুবিন গাৰ্গৰ চিতাভস্ম বিৰ্সজন দিয়া হয় ।

ধৰ্মীয় ৰীতি-নীতিৰে জুবিন গাৰ্গৰ পৰিয়ালৰ সহায়ক তথা ভ্ৰাতৃসম অৰুণ গাৰ্গ, জুবিন গাৰ্গ ফেন ক্লাৱ, আত্মীয়, বন্ধু বৰ্গ আৰু জিলা প্ৰশাসনৰ লোকৰ উপস্থিতত মহাবাহুত চিতাভস্ম বিৰ্সজনৰ কাম সম্পন্ন কৰা হয় । অশ্ৰুসিক্ত নয়নেৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিতাভস্ম বিৰ্সজন দিয়ে অৰুণ গাৰ্গে ।

যোৰহাটত ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ'ল জুবিন গাৰ্গৰ চিতাভস্ম (ETV Bharat)

জুবিন গাৰ্গৰ চিতাভস্ম বিসৰ্জন কৰি কান্দোনত ভাগি পৰে অৰুণ গাৰ্গ আৰু আত্মীয় । বিসৰ্জনৰ কৰ্ম সম্পাদনৰ পিছতে জুবিন গাৰ্গৰ ন্যায় দাবী কৰি অৰুণ গাৰ্গে কয়, "আজি ৪০ দিন হ'ল, মোৰ দাদাই কিয় ন্যায় পোৱা নাই ? বৌৱে দিন-ৰাতিয়ে সদায় কান্দিয়ে থাকে, মই বৌক কামৰ কথাও সুধিব নোৱাৰা দৰে পৰিস্থিতি হৈছে । দাদা ছিংগাপুৰলৈ যোৱা আৰু ভিডিঅ'বোৰ কি হ'ল ? ছিংগাপুৰত থকাসকলে সেই সময়ত কি কৰি আছিল, তেওঁলোকে মোৰ দাদাক ব্যৱহাৰ কৰিলে, তেওঁ মোৰ দাদাই নাছিল মোৰ সকলো আছিল । কোনোবাই কয় ভগৱানক বিচাৰি নাপায়, কিন্তু মোৰ ভগৱান ওচৰতে আছিল । মই বেছি সময় বৌৰ লগত আছিলো, সেয়েহে দাদাক মই প্ৰগেমতহে বেছি পাইছিলোঁ ।"

Zubeen Garg's ashes were immersed
যোৰহাটত অৰুণ গাৰ্গে বিসৰ্জন দিলে জুবিন গাৰ্গৰ চিতাভস্ম (ETV Bharat)

আনহাতে জুবিন গাৰ্গৰ পেহীয়েকে কয়, "জুবিনক সোনকালে ন্যায় দিয়ক । এই ন্যায় পানী নসৰকা হ'ব লাগে । আমাৰ শিশু সুলভ গল্ডীক কিয় তালৈ লৈ যোৱা হ'ল, কিয় পানীত নামিবলৈ দিয়া হ'ল ? তাৰ উত্তৰ আমাক লাগে...। তাৰ স্বাস্থ্যৰ কথা সকলোৱে জানিছিল । তাৰ পিছতো কিয় আমাৰ গল্ডীক সেয়া কৰিবলৈ দিয়া হ'ল । আমি তাৰ নিজৰ মানুহ আছিলোঁ, কিন্তু তাৰ পিছতো তাৰ ওচৰলৈ যাবলৈ আমি সুবিধা পোৱা নাছিলোঁ ।"

Zubeen Garg's ashes were immersed
যোৰহাটত ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ'ল জুবিন গাৰ্গৰ চিতাভস্ম (ETV Bharat)

উল্লেখ্য যে গুৱাহাটীত পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামী বৰঠাকুৰৰ লগতে একাংশ শুভাকাংক্ষীৰ উপস্থিতিত জুবিন গাৰ্গৰ চিতাভস্ম উটুৱাই দিয়া হয় ।

লগতে পঢ়ক :বুঢ়ালুইতৰ বুকুত উটুৱাই দিয়া হ'ল অমৃতকণ্ঠৰ চিতাভস্ম