ETV Bharat / state

কোনে ক'ত উৰুৱাব গণৰাজ্য দিৱসৰ পতাকা

ডিব্ৰুগড়ৰ নৱ-নিৰ্মিত সচিবালয়ত ত্ৰিৰংগ পতাকা উৰুৱাব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

TRICOLOR
ত্ৰিৰংগ পতাকা (ফাইল ফটো) (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 25, 2026 at 2:18 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : সোমবাৰে দেশে পালন কৰিব ৭৭ সংখ্যক গণৰাজ্য দিৱস ৷ অসমতো ইয়াৰ আয়োজন সম্পূৰ্ণ হৈ উঠিছে ৷ গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হ'বলগীয়া গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত ত্ৰিৰংগ পতাকা উৰুৱাব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৷

আনহাতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ নৱ-নিৰ্মিত সচিবালয়ত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাব ৷ একেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভাগে ভাগে অনুষ্ঠিত হ'ব গণৰাজ্য দিৱসৰ কাৰ্যসূচী ৷ বিভাগীয় মন্ত্ৰী আৰু বিভিন্ন স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকলক সেই অনুসৰি ৰাজ্য চৰকাৰৰ ফালৰ পৰা ভগাই দিয়া হৈছে স্থানসমূহ ৷

REPUBLIC DAY 2026
কোনে ক'ত উৰুৱাব গণৰাজ্য দিৱসৰ পতাকা (ETV Bharat)
REPUBLIC DAY 2026
কোনে ক'ত উৰুৱাব গণৰাজ্য দিৱসৰ পতাকা (ETV Bharat)

কোনে ক'ত উৰুৱাব গণৰাজ্য দিৱসৰ পতাকা:

ৰণজিৎ দাস (মন্ত্ৰী) - বজালী

অতুল বৰা (মন্ত্ৰী) - ডিব্ৰুগড়

কেশৱ মহন্ত (মন্ত্ৰী) - তিনিচুকীয়া

উৰ্খাও গৌৰা ব্ৰহ্ম (মন্ত্ৰী) - চিৰাং

চন্দ্ৰমোহন পাটোৱাৰী (মন্ত্ৰী) - কামৰূপ

ডাঃ ৰণোজ পেগু (মন্ত্ৰী) - ধেমাজি

অশোক সিংহল (মন্ত্ৰী) - শোণিতপুৰ

যোগেন মহন (মন্ত্ৰী) - মাহমৰা সমজিলা

অজন্তা নেওগ (মন্ত্ৰী) - গোলাঘাট

পিযুষ হাজৰীকা (মন্ত্ৰী) - জাগীৰোড সমজিলা

বিমল বড়া (মন্ত্ৰী) - টিংখং সমজিলা

জয়ন্ত মল্লবৰুৱা (মন্ত্ৰী) - নলবাৰী

নন্দিতা গাৰ্লোছা (মন্ত্ৰী) - নগাওঁ

প্ৰশান্ত ফুকন (মন্ত্ৰী) - উত্তৰ লক্ষীমপুৰ

কৌশিক ৰায় (মন্ত্ৰী) - শিলচৰ

কৃষ্ণেন্দু পাল (মন্ত্ৰী) - শ্ৰীভূমি

ৰূপেশ গোৱালা (মন্ত্ৰী) - ডুমডুমা সমজিলা

চৰণ বড়ো (মন্ত্ৰী) - বঙাইগাওঁ

তুলিৰাম ৰংহাং (চি ই এম) - ডিফু

হাগ্ৰামা মহিলাৰী (চি ই এম) - কোকৰাঝাৰ

ৰিহণ দৈমাৰী (ডেপুটী চি ই এম) - ওদালগুৰি

দেবোলাল গাৰ্লোছা (চি ই এম) - হাফলং

টংকেশ্বৰ ৰাভা (চি ই এম) - দুধনৈ সমজিলা

ডাঃ নোমল মমিন (উপাধ্যক্ষ, অসম বিধানসভা) - শিৱসাগৰ

লগতে পঢ়ক: ১৪ ফেব্ৰুৱাৰীত মৰাণৰ নৱনিৰ্মিত ৰানৱে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমান অৱতৰণৰ সম্ভাৱনা