জিএমচিএইছত ভয়ংকৰ কাণ্ড : নাৰ্ছে জ্বৰ হোৱা ৰোগীক দিলে বৃক্ক ৰোগৰ বেজী
জিএমচিএইছত নাৰ্ছৰ বিৰুদ্ধে চিকিৎসাত গাফিলতিৰ অভিযোগ । জ্বৰত আক্ৰান্ত ৰোগীক দিলে বৃক্ক ৰোগী বেজী । তদন্ত অব্যাহত ।

Published : July 4, 2026 at 6:16 PM IST
গুৱাহাটী : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে । ৰোগীৰ চিকিৎসাৰ নামত চৰম গাফিলতিৰ অভিযোগ উত্থাপন হৈছে নাছৰ বিৰুদ্ধে । চিকিৎসালয়খনৰ এগৰাকী নাৰ্ছে ৰোগীক ভুল বেজী দিয়াত এগৰাকী ৰোগীয়ে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ল বুলি অভিযোগ উত্থাপন হৈছে ।
অভিযোগ অনুসৰি কৰ্তব্যৰত নাৰ্ছগৰাকীয়ে জ্বৰ হোৱা ৰোগীক বৃক্ক ৰোগ সংক্ৰান্তীয় বেজী দিছিল । নিশা কৰ্তব্যত থকা এগৰাকী প্ৰশিক্ষণৰত নাৰ্ছে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ অভিযোগ উঠিছে । ঘটনাৰ বিৱৰণ অনুসৰি নিশা কৰ্তব্য পালন কৰি আছিল প্ৰশিক্ষণৰত নাৰ্ছগৰাকীয়ে । কিন্তু নাৰ্ছগৰাকীয়ে আন ৰোগীক দিবলগীয়া বেজী দিলে ডেকা উপাধিৰ এগৰাকী মহিলাক ।
জ্বৰত আক্ৰান্ত মহিলাগৰাকীক তিনিটাকৈ বৃক্ক ৰোগ সংক্ৰান্তীয় বেজী দিছিল । বেজী দিয়াৰ পাছতেই ৰোগীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে । ৰোগীগৰাকীৰ দেহত বিভিন্ন ধৰণৰ উপসৰ্গই দেখা দিয়ে । এই ঘটনাৰ পিছতে ৰোগীৰ পৰিয়ালে জৱাবদিহি কৰাত বেজী দিয়াৰ কথা স্বীকাৰ কৰে নাৰ্ছগৰাকীয়ে । মুখ্য নাৰ্ছ মীনাক্ষী দুৱৰাৰ নেতৃত্বত কৰ্তব্য পালন কৰিছিল উক্ত নাৰ্ছগৰাকীয়ে । এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছতে প্ৰশিক্ষণৰত নাৰ্ছগৰাকীক অব্যাহতি দিয়া হয় ।
জিএমচিএইছৰ অধীক্ষকে ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা কৰিছে । উল্লেখ্য যে নাৰ্ছগৰাকী জিএমচিএইছৰ অধীনৰ নাৰ্ছিং প্ৰতিষ্ঠানৰ প্ৰশিক্ষণৰত ছাত্ৰী আছিল । ইফালে ঘটনা সন্দৰ্ভত জিএমচিএইছৰ অধীক্ষক ডাঃ দেৱজিত চৌধুৰীয়ে কয়, "যোৱা নিশা যিটো ঘটনা হ'ল সেই ঘটনাত প্ৰতীক্ষা স্কুল অৱ নাৰ্ছিঙৰ এগৰাকী ইণ্টাৰ্ণি আছিল । তিনিটা বেজী ১৭ নম্বৰ বিছনাৰ ৰোগীক দিবলগীয়া আছিল আৰু ১৮ নম্বৰ বিছনাৰ ৰোগীক দুটা বেজী দিবলগীয়া আছিল । সেই বেজী ১৭ নম্বৰ বিছনাৰ ৰোগীক দিয়াৰ পৰিৱৰ্তে ১৮ নম্বৰ বিছনাৰ ৰোগীক দিয়া হ'ল । বিষয়টো লগে লগে গম পোৱা গ'ল । বিপি পৰীক্ষা কৰা হ'ল । পেচাব অলপ বেছি হ'ল । পাছত সকলোখিনি নৰ্মেল হৈ গ'ল । এতিয়া কোনো অসুবিধা নাই ।"
তেওঁ লগতে কয়, "ইণ্টাৰ্ণি হিচাপে বেজী দিয়াটো তেওঁলোকৰ পাঠ্যক্ৰমৰ কাৰ্যক্ৰমণিকাত পৰে । ঘটনাটো হোৱাৰ পাছত ইণ্টাৰ্ণিগৰাকীক আমি ইয়াৰ পৰা আঁতৰাই দিলো । আনহাতে ষ্টাফ নাৰ্ছগৰাকীৰ ক্ষেত্রত সমগ্ৰ ঘটনাৰ এক তদন্ত কৰিব দিয়া হৈছে । কিবা গাফিলতি থাকিলে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।"
লগতে পঢ়ক :
গুৱাহাটী আৰক্ষীৰ বন্দুকৰ পৰা ওলাল বুলেট, আহত জালনোট সৰবৰাহকাৰী অজয় বিশ্বকৰ্মা

