ETV Bharat / state

প্ৰধানমন্ত্ৰী আহি আছে কাৰণে হেলিপেড-পথ নিৰ্মাণ কৰি নষ্ট কৰা হৈছে খেতিপথাৰ; ৰাইজ ইয়াকে লৈ অগ্নিশৰ্মা

নামৰূপত প্ৰধানমন্ত্ৰীৰ সভাস্থলীক লৈ স্থানীয় ৰাইজৰ ক্ষোভ ৷ প্ৰধানমন্ত্ৰীৰ সভাস্থলী নিৰ্মাণৰ নামত প্ৰশাসনে খেতিপথাৰ নষ্ট কৰাৰ অভিযোগ ৷ তদুপৰি প্ৰতিশ্ৰুতিমৰ্মে ক্ষতিপূৰণ প্ৰদান নকৰাৰ অভিযোগ ৷

PM MODI ASSAM VISIT
প্ৰধানমন্ত্ৰীৰ সভাস্থলী নিৰ্মাণৰ নামত খেতিপথাৰ নষ্ট কৰাৰ অভিযোগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 18, 2025 at 11:49 AM IST

4 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ ডিচেম্বৰত ডিব্ৰুগড়ৰ নামৰূপত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানাত ১২.৭ লাখ মেট্ৰিকটন ইউৰিয়া উৎপাদনক্ষম নতুন প্ৰকল্প নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব ৷ নামৰূপৰ হাপজানত অনুষ্ঠিত হ'বলগা প্ৰধানমন্ত্ৰীৰ সভাক লৈ চলোৱা হৈছে যুদ্ধকালীন প্ৰস্তুতি ৷‌ ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী আগমনৰ পূৰ্বে প্ৰতিবাদমুখৰ হৈ পৰিছে নামৰূপ ৷ প্ৰশাসনে প্ৰধানমন্ত্ৰীৰ সভাস্থলী নিৰ্মাণ কৰাৰ নামত খেতিপথাৰ নষ্ট কৰাৰ গুৰুতৰ অভিযোগ কৰিছে ৰাইজে ৷

ৰাইজে জানিবলৈ দিয়া অনুসৰি নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়াই প্ৰধানমন্ত্ৰীৰ সভা অনুষ্ঠিত কৰাৰ বাবে সমূহ ৰাইজৰ সৈতে আলোচনা কৰাৰ পৰিৱৰ্তে স্থানীয় কিছু বচা বচা মানুহৰ সৈতে প্ৰাৰম্ভিক পৰ্যায়ত সভা পাতি হাপজান পথাৰত প্ৰধানমন্ত্ৰীৰ সভা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰে ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজক প্ৰশাসনে পথাৰৰ কোনো ক্ষতি নোহোৱাকৈ কেৱল মূল মণ্ডপত মাটি পেলাই পাছৰ বছৰ খেতিৰ উপযোগী হোৱাকৈ পথাৰখন সভাৰ বাবে ব্যৱহাৰ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল ৷ সেই সময়ত পথাৰৰ ধান ভাল দৰে পকা নাছিল ৷ কেঁচা ধান দাবলৈ হেঁচা প্ৰয়োগ কৰিছিল প্ৰশাসনে ৷

প্ৰধানমন্ত্ৰীৰ সভাস্থলী নিৰ্মাণৰ নামত খেতিপথাৰ নষ্ট কৰাৰ অভিযোগ (ETV Bharat Assam)

স্থানীয় ৰাইজক চৰকাৰে বিঘাই প্ৰতি ৩০ হাজাৰ টকাকৈ প্ৰদান কৰিম বুলি কোৱাত আধা পকা ফচল কাটিবলৈ বাধ্য হয় যদিও আজি পৰ্যন্ত সেই ক্ষতিপূৰণৰ ধন স্থানীয় ৰাইজে লাভ নকৰিলে ৷ এতিয়া প্ৰশাসনে প্ৰধানমন্ত্ৰীৰ সভাস্থলী নিৰ্মাণ কৰাৰ নামত খেতি পথাৰ নষ্ট কৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ ৷

PM MODI ASSAM VISIT
প্ৰধানমন্ত্ৰীৰ সভাস্থলী নিৰ্মাণৰ নামত খেতিপথাৰ নষ্ট কৰাৰ অভিযোগ (ETV Bharat Assam)

বৰ্তমান সভাস্থলী নিৰ্মাণৰ নামত পথাৰৰ পলসুৱা মাটিৰ তৰপটো কাটি তাত শিল-বালি ভৰাই গোটেই পথাৰখন ধ্বংস কৰাৰ লগতে খেতি পথাৰতে নিৰ্মাণ কৰা হৈছে হেলিপেড ৷ হেলিপেড নিৰ্মাণ, পথাৰতে পকী পথ নিৰ্মাণ কৰাৰ ফলত সেই স্থানত কোনো কালে খেতি যে নহ'ব সেই কথা বুজি উঠিছে স্থানীয় ৰাইজে ৷ ‌ফলত ক্ষোভ বৃদ্ধি পাইছে ৰাইজৰ ৷‌

PM MODI ASSAM VISIT
প্ৰধানমন্ত্ৰীৰ সভাস্থলী নিৰ্মাণৰ নামত খেতিপথাৰ নষ্ট কৰাৰ অভিযোগ (ETV Bharat Assam)

বুধবাৰে সভাস্থলীত উপস্থিত হোৱা উচ্চ পৰ্যায়ৰ বিষয়াসকলক এই সম্পৰ্কে জবাবদিহি কৰে ৰাইজে ৷‌

PM MODI ASSAM VISIT
প্ৰধানমন্ত্ৰীৰ সভাস্থলী নিৰ্মাণৰ নামত খেতিপথাৰ নষ্ট কৰাৰ অভিযোগ (ETV Bharat Assam)

আমাৰ খেতিপথাৰত এনেকৈ কৰা হ'ব বুলি আমাক কোৱা নাছিল :

প্ৰশাসনৰ এই অবিবেচক কাণ্ডৰ পাছতে ক্ষোভিত হৈ পৰা এগৰাকী জ্যেষ্ঠ মহিলাই কয়, "হেলিপেড নিৰ্মাণৰ বাবে খেতি পথাৰত পকী কৰিছে, শিলগুটি পেলাইছে এতিয়া ইয়াত আকৌ কেনেকৈ খেতি হ'ব ৷ আমাৰ খেতিপথাৰত এনেকৈ কৰা হ'ব বুলি আমাক কোৱা নাছিল ৷ কেঁচাতে ধান দাব লগা হোৱা বাবে যি ক্ষতিপূৰণ দিম বুলি কৈছিল সেইয়াও আজিও দিয়া নাই ৷ আমাক খেতি পথাৰ লাগিব ৷ প্ৰয়োজন হ'লে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈও যাম ৷"

PM MODI ASSAM VISIT
প্ৰধানমন্ত্ৰীৰ সভাস্থলী নিৰ্মাণৰ নামত খেতিপথাৰ নষ্ট কৰাৰ অভিযোগ (ETV Bharat Assam)

অহা বছৰ কেনেকৈ খেতি কৰিম তাক লৈ চিন্তা কৰিব লগা হৈছে :

ভুক্তভোগী আন এগৰাকী মহিলাই কয়, "আমাৰ খেতিপথাৰত শিল বালি পেলাই শেষ কৰি দিলে ৷ আমাৰ পথাৰ খান্দি শিল-বালি পেলালে ৷‌ আমি সোধাত আকৌ আগৰ দৰে কৰা হ'ব বুলি কৈছিল ৷ ‌আমাৰ পথাৰত মাটি খান্দি আন ঠাইত পেলালে ইয়াত শিল বালি পেলাই পেণ্ডেল বনাইছে ৷ আমি দৰিদ্ৰ মানুহ অহা বছৰ কেনেকৈ খেতি কৰিম তাক লৈ চিন্তা কৰিব লগা হৈছে ৷‌"

PM MODI ASSAM VISIT
প্ৰধানমন্ত্ৰীৰ সভাস্থলী নিৰ্মাণৰ নামত খেতিপথাৰ নষ্ট কৰাৰ অভিযোগ (ETV Bharat Assam)

খাদ্যৰ যোগান ধৰা পথাৰখন শেষ কৰি পেলালে :

প্ৰশাসনৰ এই কাৰ্যৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি আন এগৰাকী মহিলাই কয়, "আমি এনেকুৱা এটা দিন‌ দেখিবলৈ পাম বুলি ভবা নাছিলোঁ ৷ আমাক প্ৰধানমন্ত্ৰী আহিব বুলি জনাইছিল ৷ আমি ভাল পাইছিলো ৷‌ সেয়ে পথাৰত সাধাৰণভাৱে সভা পাতিব বুলি ভবা হৈছিল আৰু আমাক কোৱা হৈছিল কোনো ধৰণৰ ক্ষতি নকৰাকৈ সভা অনুষ্ঠিত কৰা হ'ব ৷ আমাক পথাৰখন ক্ষতি নকৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল আৰু সভাৰ আগতেই ক্ষতিপূৰণ দিয়া হ'ব বুলি জনাইছিল যদিও সেইয়া কাৰ্যকৰী নকৰিলে ৷ যি পথাৰে আমাক খাদ্য যোগান ধৰে সেই পথাৰত ১০ বছৰলৈ খেতি কৰিব নোৱৰা কৰিলে ৷ ৰাইজক ক্ষতিপূৰণ দিব লাগিব অন্যথা ৰাইজ ক্ষান্ত নাথাকে ৷"

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী আহিব নামৰূপলৈ; মোদীৰ সভাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

২১ ডিচেম্বৰত নামৰূপলৈ আহিব প্ৰধানমন্ত্ৰী; সভাস্থলীৰ নিৰাপত্তাৰ বুজ ল'লে আৰক্ষীৰ সঞ্চালক প্ৰধানে

২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল