ETV Bharat / state

সংকটত বিহালী অভয়াৰণ্য: অৰুণাচলীৰ আগ্ৰাসন, বনৰক্ষীলৈ গুলীচালনাৰ অভিযোগ

বিহালী অভয়াৰণ্যৰ বনাঞ্চল ধ্বংস কৰি বনৰক্ষীলৈ গুলীচালনাৰ অভিযোগ । অবৈধ দখল আৰু বনাঞ্চল ধ্বংসৰ অভিযোগ পৰিদৰ্শন সাংসদ ৰঞ্জিত দত্তৰ ।

Behali Wildlife Sanctuary
সংকটত বিহালী অভয়াৰণ্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 7, 2026 at 8:12 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ: উত্তৰ অসমৰ অন্যতম গুৰুত্বপূৰ্ণ সংৰক্ষিত বনাঞ্চল বিহালী অভয়াৰণ্যত অবৈধ দখল, বৃহৎ পৰিসৰৰ গছ কটা আৰু বনৰক্ষীৰ ওপৰত গুলীচালনাৰ অভিযোগে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি, অৰুণাচল প্ৰদেশৰ পৰা অহা দুৰ্বৃত্তই অভয়াৰণ্যখনৰ ভিতৰত অবৈধভাৱে গছ কাটি বনাঞ্চল ধ্বংস কৰাৰ লগতে ভূমি দখল কৰি কৃষিকাৰ্য চলাই আছে ।

সংকটত বিহালী অভয়াৰণ্য (ETV Bharat Assam)

অভিযোগ অনুসৰি, সোমবাৰৰ দিনা অবৈধ গছ কটাত বাধা দিবলৈ যোৱা অসমৰ বনৰক্ষীৰ দলৰ ওপৰত দুৰ্বৃত্তই প্ৰায় ১৬ ৰাউণ্ড গুলীচালনা কৰে । এই ঘটনাত বনৰক্ষীসকলে আত্মৰক্ষাৰ বাবে স্থান ত্যাগ কৰিবলৈ বাধ্য হয় । ঘটনাটোৰ একাংশ মোবাইল ফোনৰ কেমেৰাত বন্দী কৰা হৈছে ।

অভিযোগ অনুসৰি, সোমবাৰে অবৈধ গছ কটাত বাধা দিবলৈ যোৱা অসমৰ বনৰক্ষীৰ দলৰ ওপৰত দুৰ্বৃত্তই প্ৰায় ১৬ ৰাউণ্ড গুলীচালনা কৰে । এই ঘটনাত বনৰক্ষীসকলে আত্মৰক্ষাৰ বাবে উক্ত স্থান ত্যাগ কৰিবলৈ বাধ্য হয় । ঘটনাটোৰ একাংশ মোবাইল ফোনৰ কেমেৰাত বন্দী কৰা হৈছে ।

আনহাতে, ঘটনাৰ গুৰুত্ব উপলব্ধি কৰি তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তই ঘটনাস্থলী পৰিদৰ্শন কৰে । তেওঁৰ সৈতে বিশ্বনাথ জিলাৰ আয়ুক্ত কৰৱী শইকীয়া কৰণ, জ্যেষ্ঠ আৰক্ষী অধীক্ষক অজগৰণ বসুমতাৰী আৰু বন বিভাগৰ উচ্চপদস্থ বিষয়াসকলো উপস্থিত থাকে । পৰিদৰ্শনৰ সময়ত বনৰক্ষীসকলে গুলীচালনাৰ ঘটনাৰ বিৱৰণ সাংসদ আৰু জিলা প্ৰশাসনৰ সন্মুখত দাঙি ধৰে ।

স্থানীয় ৰাইজৰ অভিযোগ, বিশেষকৈ নাহৰজান আৰু চাউলধোৱা অঞ্চলত অভয়াৰণ্যৰ ভূমি অবৈধভাৱে দখল কৰি কচু আৰু পাম অইলৰ খেতি আৰম্ভ কৰা হৈছে । ইয়াৰ ফলত অভয়াৰণ্যখনৰ জৈৱ-বৈচিত্ৰ্য আৰু বন্যপ্ৰাণীৰ স্বাভাৱিক বাসস্থান সংকুচিত হৈ পৰিছে ।

ইয়াৰ উপৰি 134 ECO Task Force-এ বন সংৰক্ষণৰ বাবে ৰোপণ কৰা বহু গছ জেচিবি মেচিন ব্যৱহাৰ কৰি নিশাৰ ভিতৰতে উচ্ছেদ কৰাৰ অভিযোগ উত্থাপিত হৈছে । অভিযোগ অনুসৰি, উচ্ছেদ কৰা স্থানসমূহত পাছত বাসগৃহও নিৰ্মাণ কৰা হৈছে ।

স্থানীয় লোকসকলে অভিযোগ কৰে যে দীৰ্ঘদিন ধৰি চলি অহা অবৈধ দখল আৰু বনাঞ্চল ধ্বংসৰ বিৰুদ্ধে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতেই এনে কাৰ্য অব্যাহত আছে । তেওঁলোকৰ মতে, বিহালী বনাঞ্চলক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হ'লেও অসম–অৰুণাচল সীমা সংক্ৰান্তীয় জটিলতাৰ বাবে সংৰক্ষণ ব্যৱস্থা প্ৰভাৱিত হৈছে ।

ৰাইজে অসম চৰকাৰ আৰু বন বিভাগক ঘটনাটোৰ তাৎক্ষণিক আৰু নিৰপেক্ষ তদন্ত চলাই দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বিহালী অভয়াৰণ্যৰ ভূমি, বনাঞ্চল আৰু জৈৱ-বৈচিত্ৰ্য সুৰক্ষিত কৰিবলৈ স্থায়ী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।

উল্লেখ্য যে এই সকলো অভিযোগৰ পিছতে সাংবাদিকৰ দল ঘটনাস্থলীত উপস্থিত হয় । ঘটনা সন্দৰ্ভত জিলা আয়ুক্ত কৰৱী শইকীয়া কৰণে সাংবাদ মাধ্যমক জনায় যে দিকাল আৰু ৰাধাচো বন শিবিৰৰ অধীনত থকা অঞ্চলত গছ কাটি পেলোৱা দেখা গৈছে । ইতিমধ্যে বন প্ৰাধিকাৰীয়ে সবিশেষ জনাইছে । গুলীচালনা কৰাৰ বিষয়েও অৱগত কৰে । এই ঠাই পৰিদৰ্শন কৰি অসম চৰকাৰক সকলো তথ্য প্ৰেৰণ কৰা হ'ব বুলি তেওঁ লগতে জনায় ।

লগতে পঢ়ক :ড্ৰাগছৰ শিপাডাল ক'ত শেষ হয়? বিধানসভাত ম্য়ানমাৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক তথ্য
লগতে পঢ়ক :৩ লাখ হেক্টৰৰো অধিক বনভূমি বেদখলকাৰীৰ কৱলত: বিধানসভাত বনমন্ত্ৰী