গুৱাহাটী বিশ্ববিদ্যালয়ত নিযুক্তি কেলেংকাৰী উপাচাৰ্য ননীগোপাল মহন্তৰ, অভিযোগ দুলু আহমেদৰ
গুৱাহাটী বিশ্ববিদ্যালয়ত নিযুক্তি কেলেংকাৰীৰ অভিযোগ তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদৰ । সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদানতো ধনৰ লেনদেন হোৱাৰ অভিযোগ ।

Published : November 14, 2025 at 8:09 AM IST
গুৱাহাটী: গুৱাহাটী বিশ্ববিদ্যালয়ত শেহতীয়াকৈ হৈছে নিযুক্তি কেলেংকাৰী । গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ননী গোপাল মহন্তই দুৰ্নীতি আৰু অনিয়মেৰে বিশ্ববিদ্যালয়খনৰ চাকৰিত নিযুক্তি দিছে । এই অভিযোগ তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদৰ । বৃহস্পতিবাৰে তৃণমূল কংগ্ৰেছৰ গুৱাহাটীস্থিত ৰাজ্যিক কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি দুলু আহমেদে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিযুক্তিৰ ক্ষেত্রত দুৰ্নীতি-অনিয়ম হোৱাৰ তথ্য সদৰী কৰে ।
তেওঁ কয়, "গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ননীগোপাল মহন্তই তেওঁৰ বিৰুদ্ধে মই অনা বিভিন্ন অভিযোগ সন্দৰ্ভত তেওঁ মোৰ বিৰুদ্ধে মানহানিৰ গোচৰ দিম বুলি কৈছিল । কিন্তু বিগত ৫০ দিনৰ পাছতো কোনো ধৰণৰ গোচৰ নিদিলে । অৱশ্যে কিছুদিন পূৰ্বে আৰ এছ এছৰ সৰু সৰু ল'ৰাৰ জৰিয়তে পানবজাৰ ক্ৰাইম ব্ৰাঞ্চত মোৰ বিৰুদ্ধে কিছুমান ভুৱা গোচৰ দিছে । মই ননীগোপাল মহন্তৰ দুৰ্নীতিৰ কথাহে কৈছিলো । তাত কোনো সাম্প্ৰদায়িক কথা নাছিল । ইমান অভিযোগ-প্ৰতিঅভিযোগ চলি থকাৰ পাছতো ননীগোপাল মহন্তই আৰু এটা সাহস কৰিছে ।"
TMC নেতাগৰাকীয়ে লগতে কয়, "মই তেওঁৰ বিৰুদ্ধে আৰু এটা অভিযোগ দিছিলো । অসমত ইমান গণ্যমান্য ব্যক্তি থকাৰ পাছতো ননীগোপাল মহন্তই অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্রীগৰাকীক গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী দিছিল । তাতো ধনৰ লেনদেন হৈছিল । এইবিষয়ত মই সবিশেষ কম ।"
তেওঁ লগতে কয়, "শেহতীয়াকৈ নীতি বহির্ভূতভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ত নিযুক্তি লাভ কৰিছে ৫ গৰাকী ব্যক্তিয়ে । ৯ মে' ২০২৫ত ৭ টা পদবীৰ বাবে প্ৰকাশিত বিজ্ঞাপনৰ আধাৰত চাকৰি লাভ কৰিছে এই পাঁচগৰাকীয়ে । ২৪ আগষ্টত লিখিত পৰীক্ষা হৈছিল আৰু প্ৰায় ২৪২ গৰাকী অৱতীৰ্ণ হৈছিল । অতি লাজৰ কথা যে লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা নোহোৱাকৈ ননীগোপাল মহন্তই সাতটা পদৰ বিপৰীতে পাঁচগৰাকীক নিযুক্তি দিছে যোৱা ১১ নবেম্বৰত । বুধবাৰে তেওঁলোকে দায়িত্ব গ্ৰহণ কৰিলে । কথা হ'ল যে সেই পাঁচগৰাকী কোন ?"
সেই পাঁচগৰাকীৰ বিষয়ে উল্লেখ কৰি আহমেদে কয়, "ইয়াৰে সহকাৰী পঞ্জীয়ক পদত নিযুক্তি লাভ কৰিছে হীৰকজ্যোতি শৰ্মাই । তেওঁ সক্ৰিয় আৰ এছ এছ কৰ্মী । আনহাতে তথ্য আৰু পৰিসংখ্যা বিষয়া হিচাপে নিযুক্তি লাভ কৰিছে প্রার্থনা শর্মাই । তেওঁ হৈছে এ এছ পি গীতার্থ দেৱ শৰ্মাৰ পত্নী । সেইদৰে সহকাৰী পৰীক্ষা নিয়ন্ত্রক পদত নিযুক্তি লাভ কৰিছে লুকু ডেকাই । তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ পঞ্জীয়ক উৎপল শৰ্মাৰ প্ৰতিৱেশী তথা পঞ্জীয়কৰ পুত্ৰক টিউচন কৰে ।"
TMC ৰ নেতাগৰাকীয়ে কয়, "আনহাতে সহকাৰী কোষাধ্যক্ষ পদত নিযুক্তি লাভ কৰিছে গীতাশ্রী শর্মাই । তেওঁ ননীগোপাল মহন্তৰ পৰিয়ালৰ লগত অতি ঘনিষ্ঠ । সেইদৰে সহকাৰী গ্রন্থাগাৰিক পদত নিযুক্তি লাভ কৰিছে কণিকা মালাকাৰে । তেওঁ ননীগোপাল মহন্তৰ অতিকৈ ঘনিষ্ঠ । ক্ষমতাৰ অপব্যৱহাৰ কৰি ননীগোপাল মহন্তই তেওঁলোকক নিযুক্তি দিছে ।"
তেওঁ কয়, "ৰাজনৈতিক প্ৰভাৱ খটুৱাই নিযুক্তি দিছে । যোগ্যসকল বঞ্চিত হৈছে । এই নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতি হৈছে । ইয়াৰ আমি তদন্ত বিচাৰিছো । দাবী কৰিলেও তদন্ত নিদিয়ে আমি জানো । চৰকাৰে কি কৰে চৰকাৰৰ কথা । সকলোতে জাতি-ধৰ্মতে সুবিধাবাদী চৰিত্র থাকে । কিন্তু অসমৰ আটাইতকৈ ব্ৰাক্ষ্মণ সমাজৰ যিকেইজন বেইমান আৰু সুবিধাবাদী হিচাপে চিনাক্ত হৈছে গোটেই কেইগৰাকী আছে গুৱাহাটী বিশ্ববিদ্যালয়ত । তেওঁলোকৰ চৰ্দাৰ হৈছে ননীগোপাল মহন্ত ।"
দুলু আহমেদে শেষত কয়, "মই ব্ৰাক্ষ্মণ সমাজক ঠাট্টা কৰি কোৱা নাই । সকলোতে থাকে । গুৱাহাটী বিশ্ববিদ্যালয়ত থকা কেইজন হৈছে পঞ্জীয়ক উৎপল শৰ্মা, নিয়ন্ত্রক কন্দৰ্প শৰ্মা, কাৰ্যবাহী সংস্থা শেখৰ শৰ্মা, সহকাৰী নিয়ন্ত্রক হিৰকজ্যোতি শৰ্মা, পৰিসংখ্যা বিষয়া প্ৰাৰ্থনা শৰ্মা, সহকাৰী কোষাধ্যক্ষ গীতাশ্ৰী শৰ্মা । ডাঙৰ ডাঙৰ পদবীত তেওঁলোকে গেং এটা বনাই লৈছে আৰু গেঙৰ নেতৃত্ব লৈছে ননীগোপাল মহন্তই । তেওঁলোকক সুৰক্ষা দি আছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । এইটো অতি লাজ লগা বিষয় ।" সংবাদমেলত উপস্থিত থাকে অসম তৃণমূল কংগ্ৰেছৰ কেইবাগৰাকী নেতা ।

