ETV Bharat / state

ছিপনছিলা পাহাৰত অবাধ বনধ্বংসৰ অভিযোগ : ৫ জন কৰায়ত্ত বন বিভাগৰ

একাংশ দুষ্টচক্ৰই পাহাৰখনত থকা শাল, চেগুণৰ দৰে মূল্যৱান গছবোৰ কাটি তহিলং কৰি থকাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ৷

Forest destruction in Bongaigaon
বন বিভাগৰ অভিযানত জব্দ কাঠৰ কুণ্ডাসমূহৰ একাংশ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 11, 2026 at 11:26 PM IST

3 Min Read
Choose ETV Bharat

বঙাইগাঁও: কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ অধীনৰ ছিপনছিলা পাহাৰত চলিছে অবাধ বনধ্বংস ৷ দিনে-নিশাই একাংশ দুষ্টচক্ৰই পাহাৰখনত থকা শাল, চেগুণৰ দৰে মূল্যৱান গছবোৰ কাটি তহিলং কৰি থকাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ৷ এই দুষ্টচক্ৰটোৰ সৈতে স্থানীয় কেইবাজনো লোক জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে ৷

অভিযোগ অনুসৰি, নিশা হ’লেই এই চক্ৰটো সক্ৰিয় হৈ পৰে ৷ মাজনিশা মালবাহী মেজিক বা বলেৰ’ বাহনত কটা গছৰ কুণ্ডা ছিপনছিলাৰ জগডোবা, ধনতোলা আদি অঞ্চলৰ পৰা নি থকাৰ দৃশ্য এতিয়া ইয়াত সুলভ ৷ বন বিভাগৰ একাংশ লোকৰ আশীৰ্বাদত এই বনধ্বংস যজ্ঞ চলাৰ অভিযোগ তুলিছে সচেতন মহলে ৷

তাৰপিছতো কিন্তু নীৰৱ জিলা প্ৰশাসন তথা বন বিভাগ ৷ ছিপনছিলা অঞ্চলৰ এই অবাধ বনধ্বংসৰ বিৰুদ্ধে একাংশ প্ৰকৃতিপ্ৰেমী লোকে ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি আহিছে ৷ সমান্তৰালকৈ দোষী ব্যক্তিক কৰায়ত্ত কৰিবলৈ বন বিভাগক অহৰহ দাবী জনাইছে ৷

বুধবাৰে সন্ধিয়া এক বিশেষ সূত্ৰৰ পম খেদি জিলাখনৰ বন বিষয়া খনীন্দ্ৰ কলিতাৰ নেতৃত্বত বন বিভাগৰ এটা বৃহৎ দলে ছিপনছিলা অঞ্চলত চলায় অভিযান ৷ এই অভিযানৰ সময়তেই চোৰাং কাঠ সৰবৰাহ কৰা এখন বাহন জব্দ কৰে বিভাগে ৷ লগতে দীৰ্ঘদিনৰ পৰা বনধ্বংস অভিযানৰ নেতৃত্ব দিয়া জীৱন ৰায় নামৰ এজন যুৱককো কৰায়ত্ত কৰে ৷ জীৱন ৰায়ৰ এএছ ১৯ এচি ৪১৫৫ নম্বৰৰ মালবাহী বাহনখনেৰে চোৰাং কাঠ সৰবৰাহ কৰাৰ প্ৰমাণ পোৱাৰ পিছত নিশা বন বিভাগৰ দলে জীৱন ৰায়ৰ স্বীকাৰোক্তিৰ ভিত্তিত ঘনদল অঞ্চলত পুনৰ অভিযান চলায় ৷ এই অভিযানকালত কেইবাটাও বৃহৎ কাণ্ডৰ কুণ্ডা উদ্ধাৰ কৰে বনবিভাগে ৷

বন বিভাগৰ জেৰাত জীৱন ৰায়ে দিয়া স্বীকাৰোক্তিৰ ভিত্তিত বনধ্বংসৰ লগত জড়িত আন চাৰিজন লোকক কৰায়ত্ত কৰা হৈছে ৷ তেওঁলোক হ’ল ক্ৰমে - মাধৱ চন্দ্ৰ ৰায়, ৰাজীৱ ৰায়, মানৱ সৰকাৰ আৰু কবিন সিংহ ৷ এই লোককেইজন দীৰ্ঘদিনৰ পৰা ছিপনছিলা পাহাৰত বনধ্বংসৰ লগত জড়িত থকাৰ প্ৰমাণো বন বিভাগে লাভ কৰা বুলি জানিব পৰা গৈছে ৷

ইফালে বনধ্বংসৰ অন্যতম নায়ক জীৱন ৰায়ক কৰায়ত্ত কৰাৰ পিছতে হাহাকাৰ লাগে বঙাইগাঁৱত ৷ একাংশ লোকে জীৱন ৰায়ক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা চলায় ৷ নিশাই বন বিভাগক হেঁচা প্ৰয়োগ কৰে ৷ ইফালে একাংশ লোকে অভয়াপুৰীৰ বন বিষয়া শংকৰ ৰায়ৰ ভূমিকাকো সন্দেহ প্ৰকাশ কৰে । বৃহস্পতিবাৰে বন ধ্বংসৰ লগত জড়িত পাঁচজন ব্যক্তিক লৈ ছিপনছিলা পাহাৰত অভিযান চলায় বন বিভাগে ৷ অভিযানৰ সময়ছোৱাত বহুসংখ্যক কটা গছৰ টুকুৰা প্ৰত্যক্ষ কৰে বন বিভাগৰ দলে ৷

ইপিনে অভয়াপুৰী বন বিভাগে বৃহস্পতিবাৰে দিনৰ ভাগত বনধ্বংসৰ লগত জড়িত ব্যক্তিকেইজনক জামিনত মুকলি কৰি দিয়া কাৰ্যই গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে ৷ কি কাৰণত, কাৰ হেঁচাত এইদৰে বনধ্বংসৰ লগত জড়িত লোককেইজনক বন বিভাগে মুকলি কৰি দিলে সেয়া ৰহস্যৰ বিষয় ৷

লগতে পঢ়ক: কোনে হত্যা কৰিলে ববিতাক, ইয়াৰ আঁৰৰ ৰহস্য কি ?