চিকিৎসকৰ গাফিলতিক কেন্দ্ৰ কৰি বিশ্বনাথ চাৰিআলিত উত্তপ্ত পৰিস্থিতি
বিশ্বনাথ চাৰিআলিৰ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসকে কৰিলে এই কাণ্ড...

Published : June 29, 2026 at 11:29 AM IST
বিশ্বনাথ চাৰিআলি : বিশেষভাৱে সক্ষম শিশুৰ জন্মৰ পিচতেই বিশ্বনাথ চাৰিআলিৰ এখন ব্যক্তিগত চিকিৎসালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। চিকিৎসালয়খনৰ চিকিৎসকে প্ৰসূতিৰ লগতে তেওঁৰ পৰিয়ালক বিগত কেইবামাহ ধৰি প্ৰকৃত বিষয়টো গাপ দি ৰাখি আভুৱাভাৰি থকাৰ অভিযোগ উত্থাপনৰ পিচতেই পৰিস্থিতিৰ বেয়ালৈ ঢাল খায় ।
বিশ্বনাথ চাৰিআলিৰ ব্যক্তিগত চিকিৎসালয় কেপি মেম'ৰিয়েলত দেওবাৰে এনে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিচত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জিলা আৰক্ষীৰ উচ্চ পদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হয় ।
উত্থাপিত অভিযোগ মতে, চতিয়াৰ মৃত্যুঞ্জয় বৰা নামৰ লোকজনৰ গৰ্ভৱতী পত্নীক প্ৰথমৰে পৰাই কেপি মেম'ৰিয়েলৰ চিকিৎসক ডাঃ অমল শইকীয়াই চিকিৎসা প্ৰদান কৰি আহিছিল । দেওবাৰে অস্ত্ৰোপচাৰৰ জৰিয়তে সন্তান জন্ম দিয়াৰ পিছত পিতৃ-মাতৃয়ে দেখে যে নৱজাতকটিৰ বিশেষভাৱে সক্ষম ।
ইয়াৰ কাৰণ জানিবলৈ অভিভাৱকে ডাঃ শইকীয়াৰ ওচৰলৈ যোৱাত চিকিৎসকগৰাকীয়ে পূৰ্বৰ প্ৰেছক্ৰিপচনত অ’ভাৰৰাইটিং কৰি ‘এন’মেলি টেষ্ট কৰিব লাগে’ বুলি লিখি দিয়ে বুলি অভিযোগ কৰে ভুক্তভোগীৰ পৰিয়ালে । মাতৃ গৰ্ভত থকা অৱস্থাত সন্তানৰ শাৰীৰিক অৱস্থা জানিবলৈ কৰা এন'মেলি ’ছেণ্টেছিছ টেষ্ট সন্তান জন্মৰ পিছত প্ৰেছক্ৰিপচনত লিখা বুলি অভিযোগ তুলি পৰিয়ালৰ লোক উত্তেজিত হৈ চিকিৎসকগৰাকীক জবাবদিহি কৰে ।

ইয়াৰ লগে লগে চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । পৰিস্থিতিৰ গুৰুত্ব বুজি বিশ্বনাথ সদৰ আৰক্ষীৰ দল আৰু জিলা আৰক্ষীৰ উচ্চ পদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা কৰে । ইয়াৰ পিচতেই আৰক্ষীয়ে কেপি মেম'ৰিয়েলৰ স্বত্বাধিকাৰ তথা চিকিৎসক ডাঃ শইকীয়াক বিশ্বনাথ আৰক্ষীয়ে থানালৈ আনে ।
এই সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৰ এগৰাকী আত্মীয়ই কয়, "আমাক কেপি মেম'ৰিয়েলৰ চিকিৎসক ডাঃ অমল শইকীয়াই এই বিষয়ে পূৰ্বতে কোনো বিষয় অৱগত কৰা নাছিল । সোমবাৰে এই বিষয়ে প্ৰশ্ন কৰাত তেওঁ নিদানপত্ৰত পূৰ্বে নিলিখা টেষ্ট এটা অভাৰৰাইটিং কৰি লিখি আমাক ভুলপথে পৰিচালিত কৰিবলৈ চেষ্টা চলায় । তদুপৰি চিকিৎসক নিদানপত্ৰখনো ফালি পেলায় । তেওঁ এই পৰীক্ষাটো আগতে কিয় কৰিব দিয়া নাছিল ?"
পৰিয়ালটোৱে চিকিৎসালয়খন সম্পূৰ্ণৰূপে ছীল কৰাৰ লগতে সদ্যোজাতৰ সম্পূৰ্ণ দায়িত্ব ডাঃ শইকীয়াই ল’ব লাগে বুলি দাবী জনায় । ইফালে, চিকিৎসক ডাঃ শইকীয়াই এন'মেলি টেষ্ট কৰিবলৈ পূৰ্বে জনোৱা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়াৰ লগতে আজি পুৱতি নিশা অস্ত্ৰোপচাৰ কৰি শিশু আৰু মাতৃক সুস্থ অৱস্থাত আনিবলৈ সক্ষম হোৱা বুলি দাবী কৰে । এনে বিশেষভাৱে সক্ষম শিশু জন্ম লাখৰ ভিতৰত হয় বুলি দাবী কৰি ডাঃ শইকীয়াই প্ৰসূতিগৰাকীক চিকিৎসাৰ ত্ৰুটি কৰা নাই বুলি কয় ।
লগতে পঢ়ক:ৰাজ্যজুৰি পলিঅ' প্ৰতিষেধক প্ৰদান অভিযান; ধুবুৰীত স্বাস্থ্যমন্ত্ৰীয়ে কৰিলে শুভাৰম্ভ
সুৰাই অমানিশা নমালে এটা পৰিয়ালত; পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ

