৩০ মাহত ৩০ মিটাৰৰো কাম নহ'ল ! ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ
ঘূণাসুঁতিত সোৱণশিৰিৰ নামনিত সুৰক্ষা বান্ধে টোপনি কাঢ়িছে নৈপৰীয়া ৰাইজৰ । বান্ধ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাত ক্ষোভ ৰাইজৰ ।

Published : July 8, 2026 at 8:44 PM IST
লখিমপুৰ: লখিমপুৰৰ ঘূণাসুঁতিত সোৱণশিৰিৰ নামনিত সুৰক্ষা বান্ধৰ নামত দুৰ্নীতিৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । যাৰ বাবে নৈপৰীয়া ৰাইজ তীব্ৰ সংকটত ভুগিছে । যিকোনো মুহূৰ্তত ঘৰ-মাটি পানী জাহ যোৱাৰ আশংকাত ভুগিছে ।
এনে পৰিস্থিতিত বুধবাৰে স্থানীয় ৰাইজে নৈৰ পাৰতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । সোৱণশিৰিৰ নামনিত সুৰক্ষা বান্ধৰ নামত চৰম হেমাহি কৰাৰ অভিযোগ তোলাৰ লগতে ঠিকাদাৰক এই কামৰ পৰা আঁতৰাই দিয়াৰো দাবী তুলি বালিভেটা অঞ্চলৰ ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
বালিভেটাৰ সমীপত খহনীয়া ৰোধৰ বাবে নিৰ্মাণ কৰা জিঅ' বেগৰ কাম সময়মতে নকৰাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰি প্ৰতিবাদ মুখৰ হৈ পৰে ।
ঘূণাসুঁতিৰ বলিভেটাত প্রায় ৯০০ মিটাৰ দৈৰ্ঘ্যত সোৱণশিৰি খহনীয়া ৰোধৰ বাবে ধন আৱণ্টন হৈছিল আৰু দুজনকৈ ঠিকাদাৰে উক্ত কামৰ দায়িত্ব লৈছিল । প্ৰায় ১২ কোটি টকীয়া এই আঁচনিখন নিম্নমানেৰে কৰাৰ বাবেই অঞ্চলটো খহনীয়াৰ কবলত পৰাৰ উপৰিও জিঅ' বেগবোৰ পেলাই থোৱা ঠাইতে নষ্ট হ'বলৈ ধৰিছে বুলি ৰাইজে অভিযোগ কৰিছে । স্থানীয় ৰাইজে ৩০ মাহত ৩০ মিটাৰ কামো নোহোৱাৰ অভিযোগ তোলে ।
উল্লেখ্য যে ঘূণাসুঁতিত সোৱণশিৰিৰ প্ৰবল খহনীয়াত নৈৰ বুকুত ইতিমধ্যে বিলীন হৈ গৈছে কৃষিভূমি, ঘৰৰ ভেটি আৰু কেইবাখনো গাঁও । ৪ বছৰ মানৰ আগতে চৰকাৰে সামান্য ক্ষতিপূৰণ দিলে যদিও খহনীয়া ৰোধৰ কোনো পদক্ষেপ নল'লে । শেহতীয়াকৈ এনএইচপিচিয়ে খহনীয়া ৰোধৰ এখন আঁচনি হাতত লৈছিল যদিও ঠিকাদাৰে আৰম্ভ কৰিয়েই পেলাই থলে । ঠিকাদাৰে দুবছৰ ধৰি কাম বন্ধ কৰি থোৱাৰো ৰাইজে অভিযোগ কৰিছে ।
ঘূণাসুঁতি অঞ্চলৰ লোকে খেতিৰ ওপৰতে নিৰ্ভৰ কৰি জীয়াই থাকে । কিন্তু ঘূণাসুঁতি পঞ্চায়তৰ অন্তৰ্গত কলিয়নী, বালিভেটা, নাহৰণী আৰু ১নং বামুনিজান গাঁৱৰ ৰাইজৰ হাজাৰ হাজাৰ হেক্টৰ ভূমি ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে । প্ৰতি বছৰে বাৰিষা খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰে । বৰ্তমানো খহনীয়া অব্যাহত আছে । পিছে এনেদৰে খহনীয়া চলি থকাৰ পাছতো খহনীয়া ৰোধৰ বাবে আৱণ্টন দিয়া প্ৰতিৰোধী আঁচনিখন ৰূপায়ণ নকৰি ঠিকাদাৰে পেলাই থোৱাৰ বাবে ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে । যাৰ বাবে ৰাইজে নদীৰ পাৰলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ।
এই সন্দৰ্ভত এজন লোকে কয়, "বান্ধৰ বাবে আমি প্ৰতিবাদ কৰিছোঁ । ৩০ মাহ হৈ গ'ল কিন্তু ঠিকাদাৰে একো কাম কৰা নাই । সেইকাৰণে হাইদৰ আলী আৰু বিনোদ পেগু নামৰ দুই ঠিকাদাৰক আঁতৰাই নতুন ঠিকাদাৰ দিবলৈ আমি দাবী জনাইছোঁ ।" আন এজনে কয়, "বালিভেটা আৰু নাহৰণি গাঁওখনে ক্ষতিপূৰণ পাব লাগিছিল ।" অৱশ্যে ৰাইজৰ এই প্ৰতিবাদক প্ৰশাসন তথা চৰকাৰে কিধৰণে গুৰুত্ব দিয়ে সেয়া লক্ষণীয় হ'ব ।
লগতে পঢ়ক :

