ৰাইজৰ দলৰ উপ-সভাপতিৰ হাতীৰ আক্ৰমণত যুৱকৰ প্ৰাণ যোৱাৰ অভিযোগ
হাতীটো লোকসভা নিৰ্বাচনত আম আদমি পাৰ্টীৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰা ঋষিৰাজ কোণ্ডিন্যৰ ।

Published : December 9, 2025 at 8:02 PM IST
তেজপুৰ : এইবাৰ ঘৰচীয়া হাতীয়ে প্ৰাণ ল'লে তেজপুৰত । বান্ধি থোৱা হাতীয়ে শিকলি ছিঙি প্ৰাণ ল'লে এজন যুৱকৰ । মঙলবাৰে তেজপুৰৰ গেৰেকীৰ বালিচাপৰিত ঘৰচীয়া হাতীৰ আক্ৰমণত গুদ্দু খান ওৰফে পিলপিলি নামৰ এজন যুবক নিহত হোৱাৰ অভিযোগ পৰিয়ালৰ ৷ উল্লেখ্য যে এই হাতীটো হৈছে এইবাৰ লোকসভা নিৰ্বাচনত তেজপুৰ সমষ্টিৰ পৰা আম আদমি পাৰ্টীৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰা ঋষিৰাজ কোণ্ডিন্যৰ । বৰ্তমান তেওঁ ৰাইজৰ দলৰ উপ-সভাপতি ।
গুদ্দুৰ ঘৰ তেজপুৰৰ বাৰিকাচুবুৰীত ৷ জানিব পৰা মতে, তেজপুৰৰ কলিবাৰী নিবাসী তথা ৰাইজৰ দলৰ উপ-সভাপতি ঋষিৰাজ কৌণ্ডিন্যৰ পোহনীয়া হাতীটো ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত বান্ধি থৈছিল ৷ তাৰ পৰা শিকলি ছিঙি গৈ হাতীটোৱে যুৱকজনক আক্ৰমণ কৰাৰ অভিযোগ উঠিছে ৷
ঘটনা সন্দৰ্ভত গুদ্দু খানৰ জ্যেষ্ঠ ভগ্নীয়ে কয়, "কাম কৰিবলৈ যায় । কেতিয়াবা আহে, আকৌ ওলাই যায় । তিনিদিন ধৰি সি যোৱা নাই । আজি পুৱা ঘৰৰ পৰা গৈছিল আৰু অলপ পিছত লগৰকেইটাই খবৰ দিয়ে যে তাক হাতীয়ে মাৰিছে । তাৰ মুখ বন্ধা আছে । আমি নিশ্চিত নহয় যে হাতীয়ে মাৰিছেনে নাই । যদি হাতীয়ে মৰা নাই আমাক উচিত তদন্ত লাগে ।"
ইফালে হাতীৰ গৰাকী ঋষিৰাজ কৌণ্ডিন্যৰ সৈতে যোগাযোগ কৰাত তেওঁ জনায়, "ঘটনাটো হাতীয়ে মৰা নহয় । যদি হাতীয়ে মাৰিলেহেতেন তেন্তে মুখখন কেনেকৈ বন্ধা থাকিব । হাতীয়ে মাৰিলে আচাৰি পেলায় ।"
লগতে তেওঁ কয় যে হাতীটোৱে সেই ঠাইত ঘূৰি আছিল আৰু হাতীটো যথেষ্ট দূৰৈত আছিল । হাতীয়ে মাৰিলে ওচৰৰ মানুহে দেখিলেহেঁতেন বুলিও তেওঁ কয় ।
আনহাতে, ঘটনা সন্দৰ্ভত তেজপুৰ সদৰ আৰক্ষীৰ লগত যোগাযোগ কৰাত কয়- "যেতিয়ালৈকে মৰণোত্তৰ পৰীক্ষাৰ ফলাফল পোৱা নাযায়, কোনো ধৰণৰ গোচৰ লোৱা নহয় । মৰণোত্তৰ পৰীক্ষাৰ ফলাফলৰ পিছতহে জানিব পৰা যাব প্ৰকৃততে কি হৈছিল ।"

