মৌলবীৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ, মাদ্ৰাছাত ওলমিল তলা
শিক্ষাকেন্দ্ৰক যৌন বাসনা পূৰণৰ থলীত পৰিণত কৰাৰ অভিযোগ এজন শিক্ষকৰ বিৰুদ্ধে ৷ যোগীঘোপাৰ মালেগড়স্থিত ইশ্বাআতুল উলুম মাদ্ৰাছাতুল বানাত ছোৱালী মাদ্ৰাছাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৷

Published : July 15, 2026 at 2:46 PM IST
অভয়াপুৰী: শিক্ষাৰ মন্দিৰত লোমহৰ্ষক ঘটনা ৷ গুৰু-শিষ্যৰ সম্পৰ্কত কালিমা সানি এজন শিক্ষকে সংঘটিত কৰিলে জঘন্য কাণ্ড ৷ শুনিবলৈ আচহুৱা লাগিলেও এই ঘটনাই চকু কপালত তুলিছে সচেতন মহলৰ ৷ এজন শিক্ষকৰ গৰ্হিত কাণ্ডই লজ্জানত কৰিছে মানৱ সমাজক ৷ ঘটনাৰ স্থান বঙাইগাঁও জিলাৰ যোগীঘোপা ৷
শিক্ষাকেন্দ্ৰক যৌন বাসনা পূৰণৰ থলীত পৰিণত কৰাৰ অভিযোগ এজন শিক্ষকৰ বিৰুদ্ধে ৷ যোগীঘোপাৰ মালেগড়স্থিত ইশ্বাআতুল উলুম মাদ্ৰাছাতুল বানাত ছোৱালী মাদ্ৰাছাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৷ বিদ্যালয়খনত শিক্ষকৰ হিচাপে কৰ্মৰত এজন মৌলৱীৰ বিৰুদ্ধে উত্থাপন হৈছে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ ৷
লেংটিছিঙাৰ বাসিন্দা তথা মাদ্ৰাছাখনৰ মৌলবী আমিনুল ইছলামে দীৰ্ঘদিন ধৰি ছাত্ৰীক আতিশায্য চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । এই সন্দৰ্ভত খবৰ লাভ কৰাৰ পাছতেই অঞ্চলটোৰ একাংশ লোকে ক্ষোভিত হৈ মাদ্ৰাছাখনৰ আচবাব ভাঙি লণ্ড-ভণ্ড কৰে ৷ ইফালে এই বিষয়ে অভিযোগ লাভ কৰাৰ পাছতেই ঘটনা স্থলীত উপস্থিত হয় অভয়াপুৰী সমজিলাৰ সহকাৰী আয়ুক্তৰ লগতে আৰক্ষীৰ এটা দল ৷
মাদ্ৰাছাখনত থকা ১৯৭ গৰাকী ছাত্ৰীক উদ্ধাৰ কৰি অধিকাংশকেই অভিভাৱকৰ হাতত গতাই দিয়া হয় ৷ আনহাতে যি কেইগৰাকী ছাত্ৰীৰ অভিভাৱক আহি পোৱা নাই, তেওঁলোকক অভয়াপুৰীৰ এক সুৰক্ষিত স্থানত আশ্ৰয় দিয়া হৈছে ৷ মৌলৱীজনৰ এনে কাৰ্যত ক্ষোভিত হৈ মাদ্ৰাছাখন লণ্ড-ভণ্ড কৰিবলৈ ওলাই আহে অঞ্চলটোৰ পুৰুষ-মহিলা ৷ প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ইতিমধ্যে মাদ্ৰাছাখন বন্ধ কৰি দিয়ে ৷
বঙাইগাঁও জিলাৰ শিশু সুৰক্ষা বিষয়াৰ এটি দলে এই ক্ষেত্ৰত আৰক্ষীক সহযোগিতা আগবঢ়ায় । ইতিমধ্যে ছাত্ৰী নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত শিশু সুৰক্ষা বিষয়াই গোচৰ পঞ্জীয়ন কৰা বুলি প্ৰকাশ কৰিছে অভয়াপুৰী সম জিলাৰ সহকাৰী আয়ুক্ত শ্ৰেয়া ঘোষে ।
সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘‘কেইগৰাকীমান ছাত্ৰীয়ে নিৰ্যাতন সম্পৰ্কীয় এটা গোচৰ দাখিল কৰে ৷ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সময়তে একাংশ ক্ষোভিত লোকে মাদ্ৰাছাখনত ভঙা-ছিঙা কৰিবলৈ ধৰে ৷ তেওঁলোকৰ যথেষ্ট ক্ষোভ আছিল ৷ ইয়াত থকা ছাত্ৰীসকলক এইদৰে ৰখাটো সুবিধাজনক নহয়, সেয়ে অভিভাৱকক মাতি তেওঁলোকক গতাই দিয়া হয় ৷ কিন্তু কেইগৰাকীমান ছাত্ৰীৰ অভিভাৱে উপযুক্ত তথ্য-নথি দিব পৰা নাই, গতিকে তেওঁলোকক উপযুক্ত তথ্য প্ৰমাণ দিবলৈ সময় দিয়া হৈছে ৷ তাৰ লগতে মাদ্ৰাছাখন তদন্ত চলি থকা সময়লৈকে ছীল কৰি দিয়া হৈছে ৷’’
লগতে পঢ়ক: বানত ক্ষতিগ্ৰস্ত ৰাজ্যৰ ৩৭০০০ লোক, শোণিতপুৰত এজনৰ মৃত্যু

