ETV Bharat / state

এনেকৈ চলিছে ৰাজ্যৰ অংগনবাড়ী কেন্দ্ৰ, শিশুক খুৱাবলগীয়া বিস্কুট বিক্ৰী হৈছে দোকানত

শিশুৰ খাদ্য়ৰ চানকঢ়াই নহয়, বিস্কুট বিক্ৰী কৰিলে অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীয়ে ।

Allegation of selling children's food against Anganwadi Center worker
কলগাছিয়াত অংগনবাড়ী কেন্দ্ৰৰ বিস্কুট দমে দমে উদ্ধাৰ দোকানত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 28, 2026 at 11:57 AM IST

2 Min Read
Choose ETV Bharat

জনীয়া: শিশুৰ মুখৰ খাদ্য় কাঢ়ি নিবলৈও সংকোচ নকৰা হ'ল অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীয়ে । ইমান দিনে এনে খাদ্য়ৰ চানকাঢ়ি থকা অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীৰ খক ইমানেই বাঢ়িল যে এইবাৰ একেবাৰে দোকানতেই বিক্ৰী কৰিলে বিস্কুট । শিশুৰ বাবে অহা এই খাদ্য় গোপনে বিক্ৰী কৰিলেও কেন্দ্ৰটোৰ কৰ্মীৰ দিন আছিল বেয়া । অৱশেষত ৰাইজে উদ্ধাৰ কৰিলে বিক্ৰীৰ বাবে সাজু কৰা বিস্কুট ।

কলগাছিয়াৰ দেউকুৰাৰ দোকানত দ’মে দ’মে উদ্ধাৰ হৈছে শিশুৰ বাবে আবণ্টিত বিস্কুট । অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী ৰৌশনাৰা খাতুনৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ । এগৰাকী পঞ্চায়ত সদস্য়ই অভিযোগ কৰা মতে, অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী ৰৌশনাৰা খাতুনে শিশুৰ নামত অহা ৪০০ পেকেট বিস্কুট বিক্ৰী কৰিবলৈ দিছিল কেন্দ্ৰটোৰ ওচৰতে থকা আব্দুল আল কাফিৰ দোকানত ।

কলগাছিয়াত অংগনবাড়ী কেন্দ্ৰৰ বিস্কুট দমে দমে উদ্ধাৰ দোকানত (ETV Bharat Assam)

উত্থাপিত অভিযোগ মতে, বৰপেটা জিলাৰ কলগাছিয়াৰ শিশু সংহত উন্নয়ন প্ৰকল্পৰ অধীনত দেউকুৰাৰ ১৪৭ নং অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী ৰৌশনাৰা খাতুনে আব্দুল আল কাফিৰ দোকানত বিক্ৰী কৰিবলৈ দিছিল । দোকানীয়ে বিক্ৰী কৰাৰ সময়তেই ৰাইজে প্ৰত্যক্ষ কৰে । তাৰ পিছতেই ৰাইজে সোধ-পোচ কৰাত কেন্দ্ৰটোৰ কৰ্মী ৰৌশনাৰা খাতুনে বিস্কুটসমূহ বিক্ৰী কৰাৰ কথা স্বীকাৰ কৰে আব্দুল আল কাফিয়ে ।

Integrated Child Development Services
কলগাছিয়াৰ অংগনবাড়ী কেন্দ্ৰ (ETV Bharat Assam)

ইতিমধ্যে আব্দুল আল কাফিয়ে তেওঁৰ নিজৰ দোকানত এটা বিস্কুটৰ পেকেট ৫ টকাকৈ বিক্ৰী কৰা বুলি স্বীকাৰ কৰিছে ।

Allegation of selling children's food against Anganwadi Center worker
কলগাছিয়াত অংগনবাড়ী কেন্দ্ৰৰ বিস্কুট দমে দমে উদ্ধাৰ দোকানত (ETV Bharat Assam)

ইয়াৰ পূৰ্বেও কৰ্মী ৰৌশনাৰা খাতুনে কেন্দ্ৰটোৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ নামত অহা পুষ্টিকৰ খাদ্য (ছাতু) বিক্ৰী কৰা বুলিও অভিযোগ উত্থাপন কৰে পঞ্চায়ত সদস্য়গৰাকীয়ে । অৱশেষত ৰাইজে বিস্কুটসমূহ উদ্ধাৰ কৰি কলগাছিয়া আৰক্ষী থানাত গতাই দিয়ে । এই সন্দৰ্ভত পঞ্চায়ত সদস্য়গৰাকীয়ে কয়, "বিস্কুট বিক্ৰী কৰি থাকোতেই ৰাইজে ধৰা পেলাইছে । আমিও আচৰিত হৈছো যে ৫ টকীয়া বিস্কুটৰ লোভ সামৰিব নোৱাৰিলে অংগনৱাড়ী কৰ্মী ৰৌশনাৰা খাতুনে । এই কাৰ্যক ধিক্কাৰ দিছো । লগতে বিভাগীয় কৰ্তৃপক্ষই কৰ্মীগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰি উচিত শাস্তিৰ বিহাৰ দাবী জনাইছো ।"

লগতে পঢ়ক:কি দিন পৰিল ! অংগনৱাড়ী কেন্দ্ৰত লৈছে কুকুৰাই উমনি

জল জীৱন মিছনত দুৰ্নীতি; জয়ন্ত মল্লবৰুৱাৰ পদত্য়াগৰ দাবী কংগ্ৰেছৰ