নিচামুক্তি কেন্দ্ৰৰ নামত ব্যৱসায়, প্ৰশাসনে তলা লগালে নিয়ন নমনা পুনৰ্বাসন কেন্দ্ৰত
নিচামুক্তি কেন্দ্ৰৰ নামত চলাইছে বেহা । এই কেন্দ্রত ভৰ্তি হৈ থকা ৰোগীক নিৰ্মমভাৱে প্ৰহাৰৰ ভিডিঅ' ভাইৰেল ।

Published : June 12, 2026 at 10:56 AM IST
নগাঁও : ড্ৰাগছ আসক্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সুযোগ গ্ৰহণ কৰি নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত কাঠফুলাৰ দৰে গঢ়ি উঠিছে নিচামুক্তি কেন্দ্ৰ । বিগত সময়ত এনে একাংশ নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে বহু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে । আনকি একাংশই নিজ ইচ্ছামতেই কোনো নীতি-নিয়ম নামানি নিচামুক্তি কেন্দ্ৰৰ নামত ব্যৱসায় চলাই অহাৰ অভিযোগো উত্থাপন হৈ আহিছে ।
শেহতীয়াকৈ নগাঁও জিলাৰ জুৰীয়াৰ এটা নিচামুক্তি কেন্দ্রত ভৰ্তি হৈ থকা এজন ৰোগীক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত । তাৰ পাছতেই বিষয়টোক লৈ তৎপৰ হৈ পৰে জিলা প্ৰশাসনৰ লগতে নগাঁও আৰক্ষী । ইয়াৰ পিচতেই এই নিচামুক্তি কেন্দ্ৰটোৰ সৈতে জড়িত লোকক গ্ৰেপ্তাৰ কৰে জুৰীয়া আৰক্ষীয়ে ।
ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ লগে লগে নগাঁৱৰ জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই ঘোষণা কৰিছিল তদন্ত । লগতে নগাঁৱৰ বিভিন্ন নিচামুক্তি কেন্দ্ৰসমূহ পৰিদৰ্শনৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগতে জিলা প্ৰশাসনৰ বিষয়াক নিৰ্দেশ দিয়ে আয়ুক্তগৰাকীয়ে । বৃহস্পতিবাৰে জিলাখনৰ বিভিন্ন নিচামুক্তি কেন্দ্ৰ পৰিদৰ্শন কৰে জিলা প্ৰশাসনৰ লগতে আৰক্ষী তথা সমাজ কল্যাণ বিভাগৰ বিষয়াই । পৰিদৰ্শনৰ সময়ত জিলাখনৰ কেইবাটাও নিচামুক্তি কেন্দ্ৰত পর্যাপ্ত নথি নথকাৰ অভিযোগৰ লগতে নীতি বহির্ভূতভাৱে নিচামুক্তি কেন্দ্ৰ চলাই থকাৰ অভিযোগত ছীল কৰি দিয়ে দুটাকৈ নিচামুক্তি কেন্দ্ৰ ।
জিলা প্ৰশাসনৰ দণ্ডাধীশৰ উপস্থিতিত নগাঁও আৰক্ষী তথা সমাজ কল্যাণ বিভাগৰ বিষয়াই পৰিদৰ্শন কৰি নগাঁৱৰ দুটাকৈ নিচামুক্তি কেন্দ্ৰ ছীল কৰিবলৈ সক্ষম হয়। বিভিন্ন অনিয়ম সংঘটিত হোৱাৰ অভিযোগত বৃহস্পতিবাৰে জুৰীয়াৰ উইছ বেলফেয়াৰ ফাউণ্ডেচন নামৰ ৰিহাব চেন্টাৰটোত প্ৰশাসনে তলা ওলোমায়। একেদিনাই নগাঁও চহৰৰ মধ্য শিয়ালমাৰিত অৱস্থিত প্ৰিচিয়াছ নামৰ নিচা মুক্তি কেন্দ্ৰতো অভিযান চলাই ছীল কৰে । কাগজে কলমে ১৬ জন ৰোগী থকাৰ পৰিৱৰ্তে ২৭ জন ৰোগী কেন্দ্ৰটোত ৰখাৰ তথ্য লাভ কৰাৰ পাছতেই দণ্ডাধীশৰ উপস্থিতিত সমাজ কল্যাণ বিভাগ আৰু জিলা প্ৰশাসনৰ লোকে অভিযান চলাই ছীল কৰে নিচামুক্তি কেন্দ্ৰটো ।
এনেদৰে নীতি-নিয়ম জলাঞ্জলি দি একাংশই নিচামুক্তি কেন্দ্ৰৰ নামত ব্যাৱসায় চলাই অহা বুলি অভিযোগ উত্থাপন হোৱাৰ পিচত চলোৱা অভিযান সন্দৰ্ভত দণ্ডাধীশে সংবাদ মাধ্য়মৰ আগত কয়, "জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে আমি এই অভিযান চলাইছো । কেইদিনমান পূৰ্বে আমাৰ সহকাৰী আয়ুক্তই এই কেন্দ্ৰসমূহ পৰিদৰ্শন কৰাৰ সময়ত কিছুমান অনিয়ম ধৰা পৰে । তেওঁলোকে নীতি-নিয়ম নমনাকৈ এই কেন্দ্ৰবোৰ চলাই আছে ।"

