এছ আৰৰ জাননীয়ে টোপনি কাঢ়িছে নগাঁৱৰ একাধিক পৰিয়ালৰ
নগাঁৱত এছ আৰৰ নামত হাৰাশাস্তিৰ অভিযোগ । জীৱিত ব্যক্তিকো মৃত বুলি দাবী কৰা হৈছে । অনিৰ্দিষ্টকাললৈ শুনানি স্থগিত ।

Published : January 28, 2026 at 7:34 PM IST
নগাঁও : এছ আৰৰ জৰিয়তে ভোটাৰৰ নাম কৰ্তনক লৈ ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত আছে । এছ আৰৰ নামত বিশেষকৈ সংখ্যালঘু লোকক হাৰাশাস্তি কৰাৰো অভিযোগে উত্থাপন হৈছে । ৰাজনৈতিক ক্ষেত্ৰতো এছ আৰক লৈ বাক বিতণ্ডা অব্যাহত আছে । তাৰ মাজতে নগাঁও জিলাৰ পৰা চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে
বহু জীৱিত লোকক মৃত সজাই একাংশ অজ্ঞাত লোকে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ বাবে দাখিল কৰিছে অভিযোগ । একাংশ অজ্ঞাত লোকৰ অভিযোগৰ ভিত্তিত জাননী জাৰি কৰাক লৈ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।
আনকি নগাঁও জিলাৰ বহু পুৰণি তথা সমাজৰ আগশাৰীৰ লোকৰ নামতো দাখিল হোৱা অভিযোগৰ ভিত্তিত জাৰি কৰা হৈছে জাননী । ৬০ বছৰকাল আইনবিদ হিচাপে সেৱা আগবঢ়াই অহা অধিবক্তা, ১০০ বছৰৰো অধিক সময় একেটা স্থানতে থকা পৰিয়ালৰো জীৱিত লোকক মৃত সজাই দাখিল কৰা হৈছে অভিযোগ । আনকি এছ আৰৰ কাম কৰি থকা খোদ বি এল অ'ৰ নামতো মিছা অভিযোগ দাখিল কৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে ।
নগাঁও চহৰৰ আমিনপট্টিৰ বি এল অ' নুৰুদ্দিন আহমেদ, জ্যেষ্ঠ নাগৰিক গামেল আহমেদ, বৰবজাৰৰ ইমদাদ খান, কুতুবুদ্দিন ভূঞাসহ বহুকেইগৰাকী জীৱিত লোকক মৃত বুলি দাবী কৰি একাংশ অজ্ঞাত লোকে দাখিল কৰা অভিযোগৰ ভিত্তিত জাৰি কৰা হৈছে জাননী ।

এই সন্দৰ্ভত নগাঁও চহৰৰ বৰবজাৰৰ ইমদাদ খানে মৃত বুলি লাভ কৰা জাননী সন্দৰ্ভত ইটিভি ভাৰতৰ সন্মুখত উদ্বেগ প্ৰকাশ কৰে । কেন্দ্ৰীয় চৰকাৰৰ আয়কৰ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ইমদাদ খানে এছ আৰৰ নামত লাভ কৰা জাননী সন্দৰ্ভত কয়, "মই জননী পোৱাৰ পাছত নিজেই আচৰিত হৈছিলো । মোৰ নামত মৃত বুলি ৰয় উপাধিৰ এজন লোকে দাখিল কৰা অভিযোগৰ ভিত্তিত জাননী জাৰি কৰিছে । আনকি মোৰ কন্যাৰ নামতো স্থান এৰি যোৱাৰ জাননী লাভ কৰিছো । বৰবজাৰত থকা এই ঘৰটো আমাৰ ককাদেউতাৰ দিনৰ পৰাই অৰ্থাৎ ১৯০১ চনৰ পৰাই আছে ।"
তেওঁ লগতে কয়, "স্বাধীনতাৰ পাছত হোৱা প্ৰথমটো নিৰ্বাচনত মোৰ পিতৃয়ে ভোটদান কৰিছে । কিন্তু এতিয়া আমাৰ পৰিয়ালটো এছ আৰৰ নামত মিছা অভিযোগত হাৰাশাস্তিৰ সন্মুখীন হৈছো । জাননী দিবলৈ অহা লোকক কৈছিলো মৃত মানুহে জাননী কেনেকৈ গ্ৰহণ কৰিব ?"
এই সন্দৰ্ভত আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ ইচ্ছা প্ৰকাশ কৰি তেওঁ কয়, "মই কেছ কৰিম বুলি ভাবিছিলো । বি এল অ'ক মই সুধিছিলো অভিযোগকাৰীৰ ঠিকনা আৰু ফোন নম্বৰ দিয়ক । কিন্তু সঠিক ঠিকনা নাই মই কেনেকৈ কেছ কৰিম ?"

একেদৰে নগাঁৱৰ উকীল সন্থাৰ প্ৰাক্তন সম্পাদক তথা প্ৰায় ৬০ বছৰ অধিবক্তা হিচাপে আইনী সেৱা আগবঢ়োৱা নগাঁও চহৰৰ চিনাপট্টিৰ আজিৰ উদ্দিন আহমেদকো মৃত সজাই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ বাবে দাবী জনাই এজন লোকে দাখিল কৰিছে অভিযোগ । এই অভিযোগৰ পিছতে জ্যেষ্ঠ অধিবক্তা আজিৰ উদ্দিনৰ পৰিয়ালো ক্ষুণ্ণ হৈ পৰিছে । সম্প্ৰতি অসুস্থ হৈ থকা অধিবক্তা আজিৰ উদ্দিনৰ কন্যাই এই সন্দৰ্ভত ইটিভি ভাৰতৰ সন্মুখত আক্ষেপ প্ৰকাশ কৰে ।
ইফালে এক নিৰ্দেশযোগে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এছ আৰৰ অভিযোগৰ শুনানি গ্ৰহণ প্ৰক্ৰিয়া স্থগিত ৰাখে । পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত নগাঁৱত স্থগিত ৰখা হৈছে শুনানি গ্ৰহণ প্ৰক্ৰিয়া ।
লগতে পঢ়ক :আমি শইকীয়া মানুহো লাইন পাতিবলগা হৈছে: তেজপুৰত এছ আৰ বিসংগতিক লৈ ভোটাৰৰ বিষোদগাৰ

