PMAY ৰ ঘৰৰ ধন একাউণ্টত সোমাবলৈ বহুদূৰ, জিঅ' টেগৰ নামতে লৈছে ধন
জিঅ' টেগ কৰাৰ নামত প্ৰত্যেক হিতাধিকাৰীৰ পৰা ৫০০ আৰু কে ৱাই চি (KYC) ৰ নামত ১০০ টকাকৈ লোৱাৰ অভিযোগ ভুক্তভোগী হিতাধিকাৰীৰ ।

Published : November 16, 2025 at 4:28 PM IST
জোনাই: মূৰ্কংচেলেক জনজাতি উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰামধন দিখাৰী পঞ্চায়তৰ অন্তৰ্গত ১ নং ৱাৰ্ডত PMAYৰ ঘৰ দিয়াৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি অনিয়ম । উত্থাপন হৈছে চৰকাৰী ঘৰৰ জিঅ' টেগৰ নামত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ । মুখ্যমন্ত্ৰীৰ স্বচ্ছতাৰ নীতিক বুঢ়া আঙুলি একাংশ ৱাৰ্ড মেম্বাৰ আৰু কম্পিউটাৰ সহায়কৰ লগতে একাংশ পঞ্চায়ত কৰ্মীৰ ।
অভিযোগ অনুসৰি ৰামধন দিখাৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং ৱাৰ্ড বৰদণ্ডি, আৰু বালিপাৰা গাঁৱৰ পবিন্দ্ৰৰ বড়ো, ফুকন খাকলাৰী, পবিত্ৰ বসুমতাৰী, জমোনা ৰামচিয়াৰী, উলোপাই তুলচিয়াৰী, মনজিতা দৈমাৰী, খনেশ্বৰ বসুমতাৰী, কানিয়া খাকলাৰী, ফেমা দৈমাৰী, বাসুদেৱ নাৰ্জাৰীকে ধৰি প্ৰায় ৩০ টাৰো অধিক ঘৰৰ পৰিয়ালৰ চৰকাৰী ঘৰৰ জিঅ' টেগ কৰাৰ বাবদ ৱাৰ্ডটোৰ সদস্য জিলি টায়ে পেগু আৰু কম্পিউটাৰ সহায়কে নৰেন টায়ুঙে প্ৰত্যেক ঘৰৰ পৰা ৫০০ টকাকৈ অবাধ ধন সংগ্ৰহ অভিযোগ ভুক্তভোগী হিতাধিকাৰীৰ ।
তদুপৰি গাঁৱৰ সহজ সৰল হিতাধিকাৰীসকলৰ পৰা KYC ঠিক কৰি দিয়াৰ নামটো ১০০ টকাকৈ আৰু টকা লোৱাৰ পিছতো চৰকাৰী আবাস গৃহৰ হিতাধিকাৰীসকলৰ নাম লিষ্টত নথকাৰ অভিযোগ কৰে । তদুপৰি ৱাৰ্ডটোৰ হিতাধিকাৰীসকলে চৰকাৰী অনুদানৰ ঘৰ নোপোৱাত সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়, "পইচা লৈছে যেতিয়া আমাক চৰকাৰী ঘৰ লাগিবই । মুখ্যমন্ত্ৰী মামাই সকলোকে সহায় কৰে তেন্তে আমাকো চৰকাৰী ঘৰ এটা দি সহায় কৰিব লাগে ।"
দুখীয়া দৰিদ্ৰ লোকৰ পৰা ধন সংগ্ৰহ কৰা ৰামধন দিখাৰি গাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ সদস্য আৰু কম্পিউটাৰ সহায়ক বিৰুদ্ধে বিভাগীয় উৰ্ধতম বিষয়াই কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া পৰৱৰ্তী সময়তহে পৰিলক্ষিত হ’ব ।

