মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণত শিশু শ্ৰমিক ! কাৰ ছত্ৰছাঁয়াত চলিছে এই কাৰ্য ?
দলং নিৰ্মাণৰ নামত শিশু শ্ৰমিকৰ ৰমৰমীয়া বেহা । শিশু শ্ৰমিক ব্যৱহাৰেৰে চলিছে নেকি মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণকাৰ্য ?

Published : January 28, 2026 at 9:23 PM IST
মাজুলী: মাজুলীৰ দুই লক্ষ জনসাধাৰণৰ দীৰ্ঘদিনীয়া সপোন মাজুলী-যোৰহাট সংযোগী দলং । কিছুদিন ধৰি স্তব্ধ হৈ পৰা দলঙৰ নিৰ্মাণ কাৰ্য বৰ্তমান চলিছে তীব্ৰ গতিত । পিছে দলঙৰ লগত সংযোগ কৰা মাইনৰ ব্ৰীজত কি চলিছে ?
উন্নয়নৰ নামত কিহৰ অৰাজকতা চলিছে নিৰ্মাণকাৰী সংস্থাৰ কেম্পত ? BRN Infrastructures Pvt. Ltd নামৰ কোম্পানীটোৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ । কোম্পানীটোৱে দলঙৰ সংযোগী পথ নিৰ্মাণৰ কামত শিশু শ্ৰমিক নিয়োজিত কৰা বুলি উত্থাপন হৈছে গুৰুতৰ অভিযোগ ।
বঙাইগাঁৱৰ পৰা অহা কণমানি কেইটা, যি বিদ্যালয়লৈ যোৱাৰ বয়সত এই শিশুটিয়ে এতিয়া হাতত তুলি লৈছে নিৰ্মাণ কাৰ্যৰ সঁজুলি । লগত আছে তেওঁক লৈ অহা ‘দাদা’ বা চৰ্দাৰজন, যাৰ নাম জুৱান । জুৱানে স্বীকাৰ কৰে যে তেওঁ ৪ জন শিশুক বঙাইগাঁৱৰ পৰা কাম শিকোৱাৰ নামত মাজুলীলৈ লৈ আনিছে । তেওঁলোকৰ হাতত নাই কোনো আধাৰ কাৰ্ড বা পৰিচয় পত্ৰ । ১২-১৩ বছৰীয়া শিশুক ১৬-১৭ বছৰীয়া বুলি পৰিচয় দি কোম্পানীটোৱে শোষণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে ।
ইফালে, কেম্পত থকা দায়িত্ববাহী ব্যক্তি প্ৰদ্যুম বৰ্মনে অস্বীকাৰ কৰে শিশু শ্ৰমিকৰ কথা । কিন্তু সংবাদমাধ্যমৰ কেমেৰাত স্পষ্টকৈ বন্দী হৈ ৰয় কিদৰে এই শিশুসকলে ৰ'ড বন্ধা কামত, ৰ'দৰ তাপত এই নিৰ্মাণস্থলীত কাম কৰি আছে ।
ঠিকাদাৰ ৰিজু আলীৰ তত্বাৱধানত চলা এই কামত শিশু সুৰক্ষা আইনক মুকলিকৈ ভৰিৰে মোহাৰি পেলোৱাৰ অভিযোগ এই কোম্পানীটোৰ বিৰুদ্ধে । এতিয়া প্ৰশ্ন হয়, মাজুলী জিলা শ্ৰম বিভাগে এই সমগ্ৰ বিষয়টোৰ ওপৰত কিদৰে গ্ৰহণ কৰিব ব্যৱস্থা ?

