ETV Bharat / state

হাতত জোঁৰ লৈ মায়াবিনী গীত জুৰি আটাছুৰ বৃহৎ প্ৰতিবাদ

''জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত'' গীত গাই জনজাতিকৰণৰ দাবীৰে চৰাইদেউৰ সাপেখাটিত ৰাজপথ কঁপালে হাজাৰ হাজাৰ আহোম জনগোষ্ঠীৰ ৰাইজে ।

all tai ahom students union protest rally in dibrugarh to demand st status
আটাছুৰ বৃহৎ প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 16, 2025 at 11:44 PM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছে যদিও মুখ্যমন্ত্ৰীক বিশ্বাসত ল'ব পৰা নাই অসমৰ ছয় জনগোষ্ঠীৰ ৰাইজে । ফলত ৰাজ্য বিভিন্ন প্ৰান্তৰত ধাৰাবাহিক প্ৰতিবাদ চলিছে জনজাতিকৰণৰ দাবী ।‌

কাৰণ দীৰ্ঘদিনৰ পৰা প্ৰতিখন চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদানৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সেই প্ৰতিশ্ৰুতি আজিও কাৰ্যকৰী নহ'ল । ফলত জনজাতিকৰণৰ দাবীত বছৰৰ পাছত বছৰ ৰাজ্যৰ বিভিন্ন দল-সংগঠনে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।

আটাছুৰ বৃহৎ প্ৰতিবাদ (ETV Bharat Assam)

শাসনলৈ অহাৰ পূৰ্বে শাসক দল বিজেপিয়ে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যতঃ সেয়া কাৰ্যকৰী নকৰাত অসমৰ ছয় জনগোষ্ঠীৰ সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদাৰ দাবী জনাই আহিছে । মৰাণ, মটক, কোঁচ ৰাজবংশী, চাহ জনগোষ্ঠী, চুতীয়া আৰু টাই আহোমসকলে জনজাতিকৰণক লৈ বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে ।‌

কিন্তু ইয়াৰ মাজতে হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা বাবে প্ৰতিবাদ কিছু স্থবিৰ হৈছিল যদিও পুনৰ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ হৈছে জনজাতিকৰণৰ দাবীত তীব্ৰ প্ৰতিবাদ ।

all tai ahom students union protest rally in dibrugarh to demand st status
হাতত জোঁৰলৈ মায়াবিনী গীত জুৰি আটাছুৰ বৃহৎ প্ৰতিবাদ (ETV Bharat Assam)

চৰাইদেউৰ সাপেখাটিত আটাছুৰ বৃহৎ জোঁৰ সমদল :

আজি (বৃহস্পতিবাৰ) ঐতিহাসিক চৰাইদেউৰ ৰাজপথ কঁপালে হাজাৰ হাজাৰ আহোম জনগোষ্ঠীৰ ৰাইজে । হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই জুবিনৰ প্ৰিয় গীত 'মায়াবিনী ৰাতিৰ বুকুত' শীৰ্ষক গীত হাজাৰ হাজাৰ আহোম জনগোষ্ঠীৰ লোকসকলে একত্ৰিত হৈ পৰিৱেশন কৰি আৰম্ভ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।‌

চৰাইদেউ জিলাৰ সাপেখাটি চাৰিআলি মজলীয়া বিদ্যালয়ৰ প্ৰাংগনৰ পৰা টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আহোম জনগোষ্ঠীক জনজাতিকৰণৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত উলিওৱা হয় এই বৃহৎ জোঁৰ সমদল ।‌

all tai ahom students union protest rally in dibrugarh to demand st status
জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি (ETV Bharat Assam)

জোঁৰ সমদলত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈৰ লগতে জনগোষ্ঠীটোৰ হাজাৰ হাজাৰ ৰাইজে অংশগ্ৰহণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সংগ্ৰাম কৰিব লগা হোৱাটো জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক :

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈয়ে কয়, "আজি ঐতিহাসিক সাপেখাটিত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু কেন্দ্ৰীয় সমিতিৰ আহ্বান জোঁৰ সমদল বাহিৰ কৰিছো । প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱায় আজিও অসমীয়া জাতি শোকত আছে । আজি শোকত থকা জাতিটোৱে ন্যায়ৰ বাবে সংগ্ৰাম কৰিব লগা হৈছে । জুবিন গাৰ্গে জাতিটোৰ কাৰণে সত্য প্ৰতিষ্ঠাৰ বাবে সংগ্ৰাম কৰি গ'ল তেওঁৰ ন্যায়ৰ বাবে সংগ্ৰাম কৰিব লগা হৈছে ই জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক । সেয়ে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰি তেওঁক ন্যায় প্ৰদানৰ দাবী জনাইছো ।"

all tai ahom students union protest rally in dibrugarh to demand st status
আটাছুৰ বৃহৎ প্ৰতিবাদ (ETV Bharat Assam)

চৰকাৰে ৰাজনৈতিক মেৰপাছৰ ভিতৰত জনজাতিকৰণৰ বিষয়টো জীয়াই ৰাখিব বিচাৰিছে :

জনজাতিকৰণৰ দাবীত হোৱা এই প্ৰতিবাদত চৰকাৰক তীব্ৰ সমালোচনা কৰি কেন্দ্ৰীয় সভাপতি বসন্ত গগৈয়ে কয়, "টাই আহোম ছাত্ৰ সন্থাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিছো । বিজেপি চৰকাৰে শাসনলৈ আহিয়েই কৈছিল টাই আহোম সকলক জনজাতিৰ মৰ্যদা প্ৰদান কৰিম । কিন্তু চৰকাৰখনে প্ৰবঞ্চনা আৰু প্ৰতাৰণা কৰিছে । ৰাজনৈতিক মেৰপাছৰ ভিতৰত জনজাতিকৰণৰ বিষয়টো জীয়াই ৰাখিব বিচাৰিছে । সেয়ে আজি সাপেখাটিত জোঁৰ সমদল কৰি জাতীয় ক্ষোভ প্ৰকাশ কৰিছো । যদি চৰকাৰে জনজাতিকৰণ নকৰে ইয়াতকৈ জংগী আন্দোলন কৰা হ'ব আৰু '২৬ত বিজেপি চৰকাৰে ইয়াৰ ফল ভোগ কৰিব লাগিব ।''

লগতে পঢ়ক : প্ৰসংগ জনজাতিকৰণ : ছয় জনগোষ্ঠীৰ মাজত সৃষ্টি সংঘাত

লগতে পঢ়ক : জনজাতিকৰণৰ দাবীত ১ লাখ আহোমে কঁপাব ৰাজ্য়