মহানায়কৰ গীত জুৰি জনজাতিকৰণৰ দাবীত আটাছুৰ বিশাল জোঁৰ সমদল
প্ৰাপ্য়ৰ দাবীত কেইবাখনো জিলাত ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী আটাছুৰ ।

Published : October 20, 2025 at 9:19 AM IST
ধেমাজি : টাই আহোমৰ লগতে ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে ওফৰাই দিব বিজেপি চৰকাৰক ৷ ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ বাবে চৰকাৰৰ ওপৰত তীব্ৰ হেঁচা দিয়াৰ লক্ষ্য়ৰে প্ৰায় ৩০ হাজাৰ ক্ষুব্ধ জনতাই সমস্বৰে এইদৰে সকীয়ালে চৰকাৰক । আটাছুৰ উদ্য়োগত উলিওৱা জোঁৰ সমদলত অংশগ্ৰহণ কৰি প্ৰতিবাদকাৰীয়ে জনজাতিকৰণ অবিহনে টাই আহোম জনগোষ্ঠী কেতিয়াও ক্ষান্ত নহয় বুলি নিজৰ স্থিতি কৰিলে স্পষ্ট ।
সমগ্ৰ উজনি অসম জনজাতিকৰণৰ দাবীত উত্তাল হৈ থকাৰ সময়তে পুনৰ কঁপি উঠিল ধেমাজি ৷ দেওবাৰে সন্ধিয়া টাই আহোমৰ ছাত্ৰ সংগঠন আটাছু, ধেমাজি জিলা সমিতিৰ উদ্যোগত টাই আহোমৰ প্ৰতিটো জাতীয় দল-সংগঠনৰ সহযোগত ধেমাজিত বিশাল জোঁৰ সমদল উলিওৱা হয় ৷ ধেমাজি কাছাৰী ময়দানৰ পৰা উলিওৱা বিশাল জোঁৰ সমদলত অংশ লোৱা প্ৰায় ৩০ হাজাৰ প্ৰতিবাদীৰ চৰকাৰ বিৰোধী শ্লোগানত উত্তাল হৈ পৰিল ধেমাজিৰ আকাশ-বতাহ ৷ হাতত জোঁৰ লৈ টাই আহোমক জনজাতিকৰণ কৰাৰ দাবীত ওলাই আহিল জনতা ৷
জনজাতিকৰণত কোনেও দিব নোৱাৰিব বাধা :
প্ৰায় ২ কিলোমিটাৰ দৈৰ্ঘ্য়ৰ জোঁৰ সমদলটোৱে পৰিভ্ৰমণ কৰে সমগ্ৰ ধেমাজি নগৰ ৷ জোঁৰ সমদলৰ পৰাই আটাছুৰ নেতৃত্বৰ স্পষ্ট দাবী-টাই আহোমৰ লগতে ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতিৰ মৰ্যাদা দিব লাগিব চৰকাৰে ৷ অন্যথা ওফৰাই দিয়া হ'ব বিজেপি চৰকাৰক ৷ ছয় জনগোষ্ঠী জনজাতিকৰণৰ বিৰোধিতা কৰা সকলো পক্ষকে সাৱধান বাণী শুনাই কয় জনজাতিকৰণত কোনেও দিব নোৱাৰিব তিলমাত্ৰও বাধা ৷ জনজাতিকৰণৰ অবিহনে কেতিয়াও ক্ষান্ত নহয় টাই আহোম জনগোষ্ঠী ৷
কণ্ঠ কেতিয়াও ৰোধ কৰিব নোৱাৰে :
এই সন্দৰ্ভত আটাছুৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি মনোজ গগৈয়ে চৰকাৰক হুংকাৰ দি কয় “যি জাতিয়ে ঐক্য আৰু সম্প্ৰীতিয়ে অসম গঢ়িলে সেই জাতিয়ে আজি ৰাজপথলৈ ওলাই অহাতো লজ্জাজনক আৰু দুঃখজনক বিষয় ৷ আমাৰ দাবী সংবিধানে প্ৰদান কৰা জনজাতি আমাক লাগিব । দিল্লী-দিছপুৰ কলীয়া ডাৱৰে আমাৰ উদীপ্ত কণ্ঠ কেতিয়াও ৰোধ কৰিব নোৱাৰে ৷ " তেওঁ পুনৰ কয় যে জনগোষ্ঠীটোক দিল্লী-দিছপুৰে গুৰুত্ব নিদিলে আগন্তুক ২০২৬ত আঙুলিৰ খেলা হ’ব ৷
জোঁৰ সমদলত জিলাখনৰ আটাইকেইটা আহোম জনগোষ্ঠীৰ নেতা-কৰ্মীৰ লগতে চিলাপথাৰ,জোনাই ,গোগামুখ,মাছখোৱা,ধেমাজি আদি বিভিন্ন আহোম অধ্যুষিত গাঁৱৰ কেইবা সহস্ৰাধিক লোকে দলে বলে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য় যে এই জোঁৰ সমদলৰ পিছত চৰকাৰৰ বৰঘৰত কঁপনি তোলাৰ পিছত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কেনেধৰণে পদক্ষেপ গ্ৰহণ কৰে সেয়া নিঃসন্দেহে লক্ষণীয় হ'ব ৷ ইয়াৰ পূৰ্বে ধেমাজি ঐতিহাসিক কাছাৰী ময়দানত সমবেত হোৱা কেইবা সহস্ৰাধিক লোকে ম'বাইল টৰ্চৰ পোহৰত পৰিৱেশন কৰিলে 'মায়াবিনী 'গীতটো আৰু সকলোৱে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰে ।

