২০ মে’ত বন্ধ থাকিব ডিব্ৰুগড়ৰ সকলো ঔষধৰ দোকান, কিন্তু কিয় ?
২০ মে’ত বন্ধ থাকিব ডিব্ৰুগড়ৰ সকলো ঔষধৰ দোকান এই কথা ঘোষণা ডিব্ৰুগড় মেডিচিন ডিলাৰ্ছ এছ’চিয়েশ্যনৰ ৷

Published : May 18, 2026 at 7:59 PM IST
ডিব্ৰুগড় : ক'ভিড ভয়াবহতাৰ পাছতে দেশত বৃদ্ধি পাইছিল অনলাইনত ঔষধ ক্ৰয় কৰা গ্ৰাহকৰ সংখ্যা । বৰ্তমান সময়ত সকলো ধৰণৰ ঔষধ অইনলাই যোগে অৰ্ডাৰ কৰিলে সহজে ঘৰতে লাভ কৰা এক সুন্দৰ ব্যৱস্থা গঢ়ি উঠিছে । কিন্তু এই ব্যৱস্থাই বহুতৰ জীৱন জীৱিকত সমস্যাৰ সৃষ্টি কৰিছে ৷ যাৰ বাবে অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন অৱ কেমিষ্ট এণ্ড ড্ৰাগিষ্টছ চুমকৈ এআইঅ'চিডিৰ আহ্বানত দেশজুৰি ধৰ্মঘট কাৰ্যসূচীত ৰূপায়ণৰ সিদ্ধান্ত গৰ্হণ কৰিছে ৷
২০ মে'ত দেশজুৰি ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সাজু হৈছে অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন অৱ কেমিষ্ট এণ্ড ড্ৰাগিষ্টছটে ৷ ফলত ২০ মে'ত সমগ্ৰ ভাৰতবৰ্ষত বন্ধ থাকিব ঔষধৰ দোকান ।
এআইঅ'চিডিৰ আহ্বানক ডিব্ৰুগড় মেডিচিন ডিলাৰ্ছ এছ’চিয়েশ্যনে সমৰ্থন জনাইছে ৷ ফলত ২০ মে’ত বন্ধ থাকিব ডিব্ৰুগড়ৰ সকলো ঔষধৰ দোকান । সোমবাৰে সংবাদমেল আয়োজন কৰি ডিব্ৰুগড় মেডিচিন ডিলাৰ্ছ এছ’চিয়েশ্যনৰ নেতৃত্বই কয়,"অনলাইনত ঔষধ বিক্ৰী বন্ধ কৰা, অনলাইন ঔষধ বিক্ৰীত ডিচকাউন্ট বন্ধ কৰা, অনলাইনত ভুৱা ঔষধ বিক্ৰী বন্ধ কৰাৰ দাবীত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ৷
অনলাইন মাধ্যমে ঔষধ বিক্ৰী আৰু লাইচেঞ্চবিহীন অবৈধ ফাৰ্মাচী ব্যৱসায়ী দিনক দিনে বৃদ্ধি পোৱাটো অত্যন্ত সমাজৰ বাবে ভয়ংকৰ । বহু ক্ষেত্ৰত অনলাইনযোগে বিক্ৰী হোৱা ঔষধৰ উৎস, সংৰক্ষণ পদ্ধতি বা মানদণ্ড সম্পৰ্কে কোনো স্পষ্ট তথ্য নাথাকে।"
তেওঁলোকে লগতে কয়,"চিকিৎসক বা ফাৰ্মাচিষ্টৰ সঠিক পৰামৰ্শ নোহোৱাকৈ ঔষধ ব্যৱহাৰ কৰাটো সাধাৰণ ৰাইজৰ বাবে বিপদজনক ৷ বিগত সময়ত এনে ঘটনা বহু ঘটিছে ।
অনলাইনত লাভ কৰা ঔষধ সঠিক হয় নে ভুৱা তাৰ কোনো পৰীক্ষা নকৰাকৈ ৰোগীয়ে সেৱন কৰিছে । লগতে চৰকাৰী নিয়ম অনুসৰি যিসমূহ ঔষধ নিৰ্দিষ্ট এটা দামতহে বিক্ৰী কৰিব পাৰি কিন্তু সেই একেই ঔষধ বহুত কমত অনলাইনত একাংশ কোম্পানীয়ে কম দামত বিক্ৰী কৰিছে । ঔষধৰ নাম একেই হ'লেও ভুৱা হোৱা বাবেই কম দামত বিক্ৰী কৰিব পাৰিছে ৷
লগতে পঢ়ক:চৰকাৰে নিৰ্ধাৰণ কৰা দামত সামগ্ৰী বিক্ৰী নকৰিলে বাতিল হ'ব অনুজ্ঞা, মূল্যবৃদ্ধিক লৈ কঠোৰ মুখ্যমন্ত্ৰী

