নিৰ্বাচন সমাগত : এসপ্তাহৰ ভিতৰত জমা দিব লাগিব অনুজ্ঞাপত্ৰ থকা সকলো অস্ত্ৰ-শস্ত্ৰ
অস্ত্ৰ আইন, ১৯৫৯ (নং ৫৪/১৯৫৯)ৰ ধাৰা ১৭(৩)(খ) আৰু ধাৰা ২১(১)ত প্ৰদান কৰা ক্ষমতা অনুসৰি কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে জাৰি কৰিছে এই নিৰ্দেশনা ।

Published : February 25, 2026 at 10:32 PM IST
গুৱাহাটী : বিধানসভাৰ সাধাৰণ নিৰ্বাচন সমাগত । নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়া আইন-শৃংখলা ৰক্ষা কৰি সুকলমে তথা শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা দণ্ডাধীশ তথা জিলা আয়ুক্তই এক নিৰ্দেশনাৰ জৰিয়তে নিৰ্বাচনৰ সময়ছোৱাত কামৰূপ মহানগৰ নিৰ্বাচন জিলাত যিকোনো ধৰণৰ অস্ত্ৰ-শস্ত্ৰ কঢ়িওৱা তথা মজুত ৰখাত নিষেধাজ্ঞা আৰোপ কৰিছে ।
অস্ত্ৰ আইন, ১৯৫৯ (নং ৫৪/১৯৫৯)ৰ ধাৰা ১৭(৩)(খ) আৰু ধাৰা ২১(১)ত প্ৰদান কৰা ক্ষমতা অনুসৰি কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে জাৰি কৰিছে এই নিৰ্দেশনা । সেই অনুসৰি অস্ত্ৰৰ অনুজ্ঞাপত্ৰ থকা সকলো ব্যক্তিয়ে এই নিৰ্দেশ জাৰি কৰাৰ সাত দিনৰ ভিতৰত নিজৰ নিজৰ অস্ত্ৰসমূহ সংশ্লিষ্ট থানাত গুলী-বাৰুদসহ জমা দিব লাগিব । নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ এসপ্তাহ পাছলৈ অৰ্থাৎ নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত অস্ত্ৰসমূহ থানাত জমা থাকিব ।

কোনো সংস্থা, প্ৰতিষ্ঠান, বিভাগ অথবা ব্যক্তিয়ে এই নিৰ্দেশৰ পৰা যদি অব্যাহতি বিচাৰে, তেওঁলোকে নিজৰ অস্ত্ৰৰ অনুজ্ঞাপত্ৰ নম্বৰ, একক পৰিচয় নম্বৰ (ইউ আই এন), অস্ত্ৰৰ নম্বৰ আৰু অব্যাহতি বিচৰাৰ কাৰণ উল্লেখ কৰি লিখিতভাৱে জিলা আয়ুক্তৰ কাৰ্যালয়ত আবেদন কৰিব লাগিব, যাতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় । উল্লেখ্য যে অস্ত্ৰ জমা দিয়া অনুজ্ঞাপত্ৰকাৰীক সংশ্লিষ্ট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই প্ৰতিটো অস্ত্ৰৰ বিপৰীতে ৰচিদ প্ৰদান কৰিব লাগিব আৰু নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ এসপ্তাহ পাছত অস্ত্ৰসমূহ অনুজ্ঞাপত্ৰকাৰীক ঘূৰাই দিব লাগিব ।
উল্লেখিত সময়ছোৱাৰ ভিতৰত অস্ত্ৰ জমা নকৰা অনুজ্ঞাপত্ৰকাৰীৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা, ২০২৩-ৰ ধাৰা ২২৩ আৰু অস্ত্ৰ আইন অনুসৰি বিধিগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে । উল্লেখ্য যে নিৰ্বাচনৰ সময়ত এনেদৰে সাধাৰণ লোকৰ লগত অনুজ্ঞাপত্ৰ থকা সকলো অস্ত্ৰ-শস্ত্ৰ সংশ্লিষ্ট থানাত জমা লোৱা হয় । যাতে নিৰ্বাচনৰ সময়ত আইন-শৃংখলাজনিত নাইবা ভয়-ভাবুকি প্ৰদান কৰা পৰিস্থিতিৰ সৃষ্টি নহয় ।
লগতে পঢ়ক : গুৱাহাটীৰ চাৰিটা সমষ্টিত বিজেপিৰ দাবীদাৰ বহুজন : কোনে পাব প্ৰাৰ্থিত্ব, চলিছে অঘোষিত প্ৰতিযোগিতা

