শীতৰ বাবে ৬ জানুৱাৰীলৈ বন্ধ থাকিব গুৱাহাটীৰ সকলো চৰকাৰী বিদ্যালয়
ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক শিক্ষাৰ্থীৰ প্ৰতি লক্ষ্য ৰাখি নিজাববীয়াকৈ সিদ্ধান্ত ল’বলৈ আহ্বান জনোৱা হৈছে ।

Published : December 30, 2025 at 8:20 PM IST
গুৱাহাটী : গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ । বিগত কেইবাদিনো ধৰি ৰাজ্যত ঘন কুঁৱলীৰ আচ্ছাদনৰ লগতে বৃদ্ধি পাইছে শীতৰ মাত্ৰা ।
শীতৰ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় বন্ধ ঘোষণা কৰিছে চৰকাৰে । সেই অনুসৰি ৩১ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ বন্ধ থাকিব কামৰূপ (মহানগৰ) জিলাৰ সকলো চৰকাৰী বিদ্যালয় ।

এই সন্দৰ্ভত মঙলবাৰে কামৰূপ মহানগৰ জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ তৰফৰ পৰা সকলো চৰকাৰী বিদ্যালয়ৰ মুৰব্বীলৈ নিৰ্দেশনা জাৰি কৰা হৈছে । এসপ্তাহৰ বাবে বন্ধ থাকিব কামৰূপ মহানগৰ জিলাৰ সকলো চৰকাৰী বিদ্যালয় । আনহাতে নিৰ্দেশনাটোত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক শিক্ষাৰ্থীৰ প্ৰতি লক্ষ্য ৰাখি নিজাববীয়াকৈ সিদ্ধান্ত ল’বলৈ আহ্বান জনোৱা হৈছে ।
ইফালে এই সন্দৰ্ভত সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে । সামাজিক মাধ্যম যোগে শিক্ষা মন্ত্রীগৰাকীয়ে কয়, "শীতৰ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি সকলো জিলা উপায়ুক্তক নিজা নিজা জিলাৰ পৰিস্থিতিৰ মূল্যায়ন কৰি উপযুক্ত পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে । গৰমৰ সময়ত পূৰ্বে জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰয়োজন অনুসৰি বিদ্যালয়ৰ সময় পুনৰ নিৰ্ধাৰণ বা বিদ্যালয় বন্ধ কৰাৰ সন্দৰ্ভত উপযুক্ত সিদ্ধান্ত ল’বলৈ নিৰ্দেশ দিয়া হৈছে ।"
উল্লেখ্য যে বিগত কেইবাদিন ধৰি ৰাজ্যত ঘন কুঁৱলীৰ আচ্ছাদনৰ লগতে বৃদ্ধি পাইছে শীতৰ প্ৰকোপ । বছৰটোৰ শেষত হঠাতে ডাঠ কুঁৱলীৰ লগতে শীত বৃদ্ধি পাইছে । ৰাজ্যখনৰ সমান্তৰালকৈ ৰাজধানী চহৰ মহানগৰী গুৱাহাটীতো শীতৰ প্ৰকোপ বৃদ্ধি পাইছে । গুৱাহাটী মহানগৰীত নামি অহা শীতৰ বাবে ঠায়ে ঠায়ে জুই জ্বলাই ৰাইজে শীতৰ আমেজ লোৱা পৰিলক্ষিত হৈছে।

