দুলাল পেগুৰ নেতৃত্বত বিধানসভাত হৈছিল ব্যাপক নিযুক্তি কেলেংকাৰী: সদৌ অসম নিবনুৱা সন্থা
দুৰ্নীতিৰ অভিযোগত অসম বিধানসভাৰ সচিব দুলাল পেগুক তাৎক্ষণিকভাৱে অপসাৰণ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ ।

Published : May 29, 2026 at 8:04 PM IST
লখিমপুৰ: অসম বিধানসভাত ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ অভিযোগত সচিব দুলাল পেগুক অপসাৰণ কৰাৰ পিছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিশ্বজিৎ দৈমাৰী বিধানসভাৰ অধ্যক্ষ হোৱাৰ পাছতে দুলাল পেগুৰ নেতৃত্বত লুণ্ঠন চলিছিল বুলিও একাংশ অভিযোগ কৰিছে । আনকি অৱসৰৰ পিছতো পেগুৰ বাৰে বাৰে কাৰ্যকাল বৃদ্ধি হৈ থকাৰ বিষয়ক লৈও তীব্ৰ বিতৰ্ক আৰম্ভ হৈছে । ইয়াৰ মাজতে সৰৱ হৈ পৰিছে সদৌ অসম নিবনুৱা সন্থা ।
দুলাল পেগুৰ নেতৃত্বত অসম বিধানসভাত ঠিকাৰ আবণ্টন, কাৰ্যালয়ৰ সামগ্ৰী ক্ৰয় আদি দিশতো ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ কৰিছে সংস্থাই । এই সন্দৰ্ভত সদৌ অসম নিবনুৱা সন্থাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা জড়িত আবেদন দাখিল কৰাৰ কথাও উল্লেখ কৰে ।
পেগুৰ কাৰ্যকালত বিধানসভাত ব্যাপক নিযুক্তি কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপন কৰি সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক জীৱন ৰাজখোৱাই কয়, "অসম বিধানসভাৰ পূৰ্বৰ অধ্যক্ষগৰাকীয়ে দুলাল পেগুক সচিব হিচাপে নিয়োগ কৰিছিল । সচিব দুলাল পেগুই ৩১ জানুৱাৰী ২০২৪ত অৱসৰ গ্রহণ কৰিছিল । কিন্তু অধ্যক্ষই তেওঁৰ কাৰ্যকাল পুনৰ ২ বছৰলৈ বৃদ্ধি কৰে । ২ বছৰৰ কাৰ্যকাল শেষ হোৱাত পুনৰ অধ্যক্ষই ২০২৬ চনৰ ৩১ জানুৱাৰীত তেওঁ কাৰ্যকাল অনির্দিষ্টকাললৈ বৃদ্ধি কৰে । এই সময়ছোৱাত সচিবালয়ত বিভিন্ন স্থায়ী আৰু অস্থায়ী পদৰ বহুতো বিজ্ঞাপন আৰু সাক্ষাৎকাৰ অবিহনে নিযুক্তি প্রদান কৰাৰ লগতে বিধানসভাৰ সচিবালয়ত ঠিকা আৰু যাৱতীয় বস্তু ক্ৰয় কৰাত দুৰ্নীতিৰ কথা সংবাদ মাধ্যমত প্রকাশ পাইছিল । এই দুৰ্নীতি, অনিয়মৰ বিৰুদ্ধে সন্থাই অধ্যক্ষক লিখিত অভিযোগ দিয়াৰ পিছতো কোনোধৰণৰ ব্যৱস্থা গ্রহণ নকৰাত সন্থাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বার্থ জড়িত আবেদন দাখিল কৰোঁ ।"
দুলাল পেগুক অপসাৰণ কৰাৰ বাবে বিধানসভাৰ অধ্যক্ষৰ পদক্ষেপৰ শলাগ লৈ তেওঁ কয়, "এনে সময়তে বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে তাৎক্ষণিকভাৱে দুলাল পেগুক চাকৰিৰ পৰা অব্যাহতি দিয়ে । অধ্যক্ষগৰাকী স্বচ্ছ আৰু নিকা নিযুক্তিৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ ।"
তেওঁ লগতে কয়, "অসমত যেনেদৰে বিভিন্ন বিভাগত স্বচ্ছ আৰু নিকা নিযুক্তি হৈছে তেনে সময়ত খোদ অসম বিধানসভাৰ সচিবালয়ত দুৰ্নীতিৰে নিযুক্তি প্ৰদান কৰি আছে । দুৰ্নীতিৰে নিযুক্তি প্ৰদান কৰা বিষয়াসকলক শাস্তি প্ৰদান কৰিবলৈ, তদন্ত কৰিবলৈ বৰ্তমানৰ অধ্যক্ষগৰাকীক সদৌ অসম নিবনুৱা সন্থাৰ পৰা দাবী উত্থাপন কৰিছোঁ । দুলাল পেগুৰ দুবছৰীয়া কাৰ্যকালত কেৱল নিযুক্তি কেলেংকাৰীয়ে নহয় ঠিকা দিয়া আৰু আচবাব ক্ৰয় কৰাৰ ক্ষেত্ৰতো যথেষ্ট দুৰ্নীতি আৰু অনিয়ম কৰিছিল । এই গোটেই বিষয়সমূহৰ তদন্ত কৰিব লাগে । তদন্ত কৰি দোষী বিষয়া-কৰ্মচাৰীক শাস্তি প্ৰদান কৰিবলৈ সদৌ অসম নিবনুৱা সন্থাই দাবী জনাইছোঁ ।
লগতে পঢ়ক :
মোৰ ভয় খাবলগীয়া একো নাই আৰু বিজেপিলৈ যোৱাৰো কোনো কথা নাই : কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া

