ছয় জনগোষ্ঠীৰ জনজাতিকৰণ : মন্ত্রীগোটৰ প্ৰতিবেদন দাহ ট্ৰাইবেল সংঘৰ
সোমবাৰে জিলাই জিলাই প্ৰতিবাদী কাৰ্যসূচী । পথ আৰু ৰে'ল অৱৰোধৰ হুংকাৰ ক্ষুব্ধ সংগঠনৰ ।

Published : November 30, 2025 at 6:56 PM IST
গুৱাহাটী : ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্রীগোটৰ প্ৰতিবেদন বিধানসভাত দাখিলৰ পাছতে জাঙুৰ খাই উঠিছে বৰ্তমানৰ জনজাতিসকল । জনজাতিকৰণৰ বিৰোধিতা কৰি দেওবাৰে সদৌ অসম ট্ৰাইবেল সংঘই গুৱাহাটীৰ পল্টনবজাৰস্থিত সংঘৰ অতিথিশালাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ।
ট্ৰাইবেল সংঘই মন্ত্ৰীগোটৰ প্ৰতিবেদন দাহ কৰি ইয়াৰ বিৰোধিতাৰে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে । কোনো কাৰণতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে মন্ত্রীগোটে দাখিল কৰা প্ৰতিবেদন মানি লোৱা নহ'ব বুলি সদৌ অসম ট্ৰাইবেল সংঘই চৰকাৰক সকীয়াই দিয়ে ।
প্ৰতিবেদনৰ পুনৰীক্ষণৰ দাবী :
প্ৰতিবেদন দাহ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি জনজাতি সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতি, অসমৰ মুখ্য সমন্বয়ক আদিত্য খাকলাৰীয়ে কয়, "আটাইতকৈ আগবঢ়া আৰু জনবহুল জনগোষ্ঠীসমূহক এছ টি ভেলী হিচাপে স্বীকৃতি দিবলৈ মন্ত্রীগোটে যি প্ৰতিবেদন দাখিল কৰিছে সেই প্ৰতিবেদনক আমি নস্য়াৎ কৰিছো । আমি ইয়াৰ সম্পূৰ্ণ বিৰোধ কৰিছো । ইয়াৰ বিৰোধিতা হিচাপে আজি ইয়াৰ প্ৰতিলিপি দাখিল কৰিছো । চৰকাৰক জনাই দিব বিচাৰিছো যে এই প্ৰতিবেদন আমি গ্ৰহণ নকৰো । ইয়াৰ পুনৰীক্ষণ কৰিব লাগিব । সেয়া প্ৰত্য়াহাৰ কৰিব লাগিব ।"

বৰ্তমানৰ জনজাতিসমূহৰ ক্ষতি নোহোৱাকৈ প্ৰতিবেদন দাখিলৰ আহ্বান :
"বৰ্তমানৰ জনজাতিসমূহৰ কোনো ক্ষতি নোহোৱাকৈ প্ৰতিবেদন দাখিল কৰিবলৈ দাবী জনাম । মুখ্যমন্ত্ৰী পৰ্যায়ত এক উচ্চ পৰ্যায়ৰ আলোচনা অনুষ্ঠিত কৰিব লাগিব । আলোচনা ফলপ্ৰসূ নহ'লে পথ অৱৰোধ আৰু ৰে'ল পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিম । কাইলৈ সমগ্ৰ অসমতে ট্ৰাইবেল সংঘৰ লগতে জনজাতি সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ অন্তৰ্গত সংগঠনসমূহে প্ৰত্য়েক জিলাৰ সদৰত এই প্ৰতিলিপি দাহ কৰা হ'ব ।" তেওঁ এইদৰে কয় ।

মুখ্যমন্ত্রী পৰ্যায়ত আলোচনাৰ দাবী :
আনহাতে এবছুৰ সভাপতি দ্বীপেন বড়োৱে কয়, "অসমৰ আটাইতকৈ আগবঢ়া আৰু জনবহুল জনগোষ্ঠীসকলৰ ছটা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ বাবে মন্ত্ৰীগোটে যি প্ৰতিবেদন দাখিল কৰিলে সেয়া মানি লোৱা নহ'ব । ভেলী কেটেগৰী কৰিলেও জনজাতিৰ স্বীকৃতি দিয়াৰ বাবে প্ৰতিবেদন কৰা হৈছে । স্পষ্ট কথা এইটো যে বৰ্তমানৰ ১৪টা জনজাতিৰ ৪৫ লাখ লোকৰ ওপৰত ২ কোটি নতুনকৈ অতিৰিক্তভাৱে জাপি দিলে জনজাতিসকল নাইকীয়া হৈ যাব । সকলো দিশত আমি পিছ পৰি থাকিম । আজি আমি ইয়াৰ প্ৰতিলিপি দাহ কৰিছো । কাইলৈ ৰাজ্যজুৰি দাহ কৰা হ'ব । আমি মুখ্যমন্ত্রী পৰ্যায়ত আলোচনাৰ দাবী কৰিছো ।"

