নতুনকৈ গৃহৰক্ষী জোৱানক প্ৰশিক্ষণ দিয়াৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী
বন্দুকৰ গুলী বুকু পাতি ল'বলৈ সাজু ৰাজ্য়ৰ প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষী জোৱান ।

Published : October 17, 2025 at 6:08 PM IST
গুৱাহাটী: নতুনকৈ চৰকাৰে পাঁচ হাজাৰ গৃহৰক্ষী জোৱানক প্ৰশিক্ষণ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাত জাঙুৰ খাই উঠিছে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থা । চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰিলে ইয়াৰ পৰিণাম ভয়ংকৰ হ'ব বুলি সকীয়াই দিছে দুয়োটা সন্থাই । আনকি বন্দুকৰ গুলী বুকু পাতি ল'বলৈ সাজু ৰাজ্য়ৰ অসম গৃহৰক্ষী বাহিনীত প্রশিক্ষণপ্রাপ্ত ৪,৬৯৬ জন গৃহৰক্ষী জোৱান ।
"নতুনকৈ পাঁচ হাজাৰ গৃহৰক্ষী জোৱানক প্ৰশিক্ষণ দিয়াৰ সিদ্ধান্ত বাতিল কৰক । অন্যথা অসমৰ প্ৰতিজন গৃহৰক্ষী জোৱান সাজু ৰাজপথৰ আন্দোলনৰ বাবে । দাবী মানি নল'লে অসমত পুনৰ চিপাহী বিদ্ৰোহৰ সূচনা হব ।" এই দাবী সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ । শুকুৰবাৰে মহানগৰীত দুয়োটা সংগঠনে যৌথভাৱে এক সংবাদমেল সম্বোধন কৰি এই দাবী উত্থাপন কৰে ।
এই নেতাদ্বয়ে কয়, "অসম গৃহৰক্ষী বাহিনীত প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষী সকলৰ এশ এবুৰি সমস্যাৰে আমি জৰ্জৰিত । বিগত সময়চোৱাত আমি বিভিন্ন মাধ্যমৰে গৃহৰক্ষী স্বেচ্ছাসেৱক সকলৰ মৌলিক সমস্যাসমূহৰ স্থায়ী সমাধানৰ বাবে চৰকাৰ তথা বিভাগীয় বিষয়া আমোলাবৰ্গক অৱগত কৰি আহিছো । আনকি বহুবাৰ আলোচনাত মিলিত হৈছিলো যদিও আজিকোপতি কোনো এখন চৰকাৰে এই সমস্যা সমূহৰ সমাধানৰ দিশে আগবঢ়া পৰিলক্ষিত নহ'ল ।"
এই সন্দৰ্ভত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ সম্পাদক ইক্ৰাম আলীয়ে কয়, "অসম গৃহৰক্ষী বাহিনীত প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষীই মুঠ সংখ্যা হ'ল প্রায় ২৪,৬৯৬ জন আৰু ইয়াৰ পৰিবৰ্তে কৰ্তব্যত মকৰলৰ পদৰ সংখ্যা হ'ল মুঠ প্রায় ১৬,৫০০ জন । কৰ্তব্যত মকৰল হোৱাৰ পৰা কৰ্মহীন হৈ বছৰ বছৰ ধৰি ঘৰত বহি থাকিবলগীয়া হয় প্রায় ৮,১৯৬ জন । এনে এক সন্ধিক্ষণত অসম গৃহৰক্ষী বাহিনীত নতুনকৈ ৫,০০০ যুৱক-যুৱতীক গৃহৰক্ষী প্রশিক্ষণ দিয়াৰ সিদ্ধান্ত লৈছে । সেয়েহে আমি সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্রী আৰু বিভাগীয় মন্ত্রীক নতুনকৈ ৫,০০০ যুৱক-যুৱতীক অসম গৃহৰক্ষী বাহিনীত গৃহৰক্ষী প্ৰশিক্ষণৰ সিদ্ধান্তক বাতিল কৰিবলৈ অনুৰোধ জনালো ।"

চৰকাৰে তেওঁলোকৰ দাবী মানি নল'লে অনাগত দিনত দিছপুৰ ঘেৰাও কৰি তীব্ৰ গণতান্ত্রিক কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে অসমত পুনৰ চিপাহী বিদ্ৰোহৰ সূচনা কৰা হ'ব সকীয়াই দিছে অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাই । লগতে অপ্ৰীতিকৰ ঘটনা হ'লে তাৰ বাবে সন্থা দায়ী নহয় বুলি উল্লেখ কৰি ইয়াৰ বাবে মুখ্যমন্ত্রী, বিভাগীয় মন্ত্রী ৰূপেশ গোৱালা আৰু অসম চৰকাৰৰ গৃহ বিভাগ সম্পূর্ণ জগৰীয়া হ'ব বুলিও সন্থাই সকীয়াই দিছে ।

