মূল্যবৃদ্ধি ৰোধৰ দাবীত ৰাজ্যজুৰি আছুৰ বিক্ষোভ: ৰাজপথত ওলাল ছাত্ৰ সন্থা
দিনক-দিনে বৃদ্ধি পাইছে নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্য ৷ যাৰ ফলত বিপাঙত পৰিছে সৰ্বসাধাৰণ ৰাইজ ৷ মূল্যবৃদ্ধি ৰোধৰ দাবীত শুকুৰবাৰে আছুৱে ৰাজ্যজুৰি গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

Published : May 22, 2026 at 5:49 PM IST
নিউজ ডেস্ক: বিগত কেবাদিন ধৰি ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ক্ৰমাৎ বৃদ্ধি পাইছে ৷ ফলত বিমোৰত পৰিছে ৰাজ্যৰ সৰ্বসাধাৰণ নাগৰিক ৷ উপায়ন্তৰ হৈ পেট্র’ল, ডিজেল আৰু ৰন্ধন গেছৰ পৰা আদি কৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰাত চৰকাৰ ব্যর্থ হোৱা বুলি অভিযোগ কৰিছে ৰাজ্যৰ জাতীয় সংগঠন তথা ৰাজনৈতিক দলসমূহে ৷ ফলত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৰাজপথত নামিছে এটাৰ পাছত এটাকৈ জাতীয় সংগঠন তথা ৰাজনৈতিক দল ।
ইৰান-আমেৰিকাৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত হৰমুজ প্ৰণালী বন্ধ হৈ পৰাত ইন্ধনৰ নাটনিৰ বাবে সমগ্র দেশতে মূল্যবৃদ্ধিয়ে ভয়ংকৰ ৰূপ লৈছে । গেছৰ সমান্তৰাভাৱে মিঠাতেল, দাইল, চাউল, গাখীৰ, ব্রেড আদি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মূল্যবৃদ্ধি হৈছে । এই মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত শুকুৰবাৰে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে ।

- গুৱাহাটী
শুকুৰবাৰে দিনৰ ভাগত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে গুৱাহাটী মহানগৰীৰ শ্বহীদ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ এই প্ৰতিবাদী সমদল উজান বজাৰ হৈ যোৰপুখুৰীৰ পাৰেৰে আহি লেম্ব ৰোডৰে শ্বহীদ ন্যাসত উপস্থিত হয় । এই প্ৰতিবাদী সমদলত প্ৰায় পাঁচ শতাধিক লোকে অংশগ্ৰহণ কৰে ।
মূল্যবৃদ্ধি ৰোধ কৰিব নোৱৰা চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰিবই লাগিব, পেট্ৰ'ল ডিজেলৰ দাম নিয়ন্ত্ৰণ কৰক, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম নিয়ন্ত্ৰণ কৰক, এই সংগ্ৰাম চলিছে চলিবই, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱৰা চৰকাৰৰ কাম নাই আদি শ্ল’গান দি হাতে হাতে বেনাৰ, পোষ্টাৰ, প্লেকাৰ্ড, প্ৰতীকী মিঠাতেলৰ বটল, তেল ডিপো, গাখীৰৰ পেকেট লৈ প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদ সাব্যস্ত কৰি আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই চৰকাৰক তীব্ৰ সমালোচনা কৰে । তেওঁ কয়, "সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্যজুৰি মূল্যবৃদ্ধি ৰোধৰ দাবীত প্ৰতিবাদ সাব্যস্ত হৈছে । চাউলৰ পৰা আৰম্ভ কৰি সকলোৰে দাম বাঢ়িল । এই দাম বৃদ্ধিয়ে ৰাইজক মাধমাৰ সোধাইছে । আমাৰ স্পষ্ট দাবী- কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰলৈ যে দাম বৃদ্ধি ৰোধৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰক । যেতিয়ালৈ দাম বৃদ্ধি ৰোধৰ ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰে নলয় তেতিয়ালৈকে ধাৰাবাহিক আন্দোলন চলি থাকিব । দুয়োখন চৰকাৰৰে এইটো চূড়ান্ত ব্যৰ্থতা । জনসাধাৰণৰ ওপৰত ৰাম টাঙোন সোধাই চৰকাৰ চলোৱাটো কোনো কৃতিত্বৰ কথা নহয় দক্ষতাৰ কথা নহয় ।"

আছুৰ সভাপতি উৎপল শৰ্মাই কয়, "বজাৰত জুই নিৰ্বিকাৰ, চৰকাৰ ক’ত আছে শুই । নিৰ্বাচনৰ সময়ত তেওঁলোকে মূল্যবৃদ্ধিৰ কথা কোৱা নাছিল । এতিয়া দুখন বহিঃৰাষ্ট্ৰৰ মাজত হৈ থকা যুদ্ধৰ দোহাই দি দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ৰাজ্য চৰকাৰসমূহলৈ সকলোৱে দাম বৃদ্ধি ৰোধ কৰাত নিজৰ বিফলতাক যুদ্ধৰ দোহাই দি হাত সাৰিবলৈ চেষ্টা কৰিছে । যিটো সহ্য কৰা নহ'ব । অসমৰ মানুহৰ মূৰত দাম বৃদ্ধিৰ মাধমাৰ সোধোৱা হৈছে । এনেকুৱা কোনো বস্তু নাই যাৰ দাম অবাধে বৃদ্ধি হোৱা নাই।"
আনহাতে আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয়, "অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম আকাশলংঘী হৈ পৰিছে আৰু দুয়োখন চৰকাৰ নিৰ্বাকাৰ ৰূপত ৰৈ আছে । তেওঁলোকে দায়িত্ব পালনত ব্যৰ্থ হৈছে ।"

- তেজপুৰ
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আৰু বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে কঠোৰ সমালোচনা কৰি সদৌ অসম ছাত্র সন্থাই শোণিতপুৰ জিলা সমিতিয়ে তেজপুৰতো প্ৰতিবাদ সাব্যস্ত কৰে । শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি দেবাঞ্জন বিকাশ পাঠকৰ নেতৃত্বতে ছাত্ৰ সন্থাই এই বিক্ষোভ সমদল বাহিৰ কৰে ৷
- লখিমপুৰ
আন জিলাৰ সমান্তৰালভাৱে লখিমপুৰতো জিলা ছাত্র সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । শ্বহীদ ভৱনৰ সমীপৰ পৰা জিলা ছাত্র সন্থাই ধৰ্ণা দি এক প্ৰতিবাদী মিছিল উলিয়ায় ।
এই বিক্ষোভত অংশগ্রহণ কৰি জিলা ছাত্র সন্থাৰ সভাপতি পুনমজ্যোতি বুঢ়াগোহাঁয়ে কয়, ‘‘জীৱন দায়িনী ঔষধৰ পৰাকে ধৰি নিত্য ব্যৱহার্য সকলো সামগ্রীৰ আকাশলংঘী মূল্যবৃদ্ধি হৈছে । এইখন চৰকাৰে গাদী দখলৰ স্বাৰ্থত বিভিন্ন আঁচনি ঘোষণা কৰিছিল । কিন্তু যেতিয়া চৰকাৰখনে গাদী দখল কৰিলে তাৰ পিছ দিনাৰ পৰাই বয়-বস্তুৰ মূল্য আকাশলংঘী হ’ল । পেট্ৰ’ল ১১০ টকা, মিঠাতেল দুশ টকা, জীৱন দায়িনী ঔষধৰ মূল্য আকাশলংঘী হ’ল ।’’
তেওঁ আৰু কয়, ‘‘সাধাৰণ জনতাই এতিয়া এইখন ৰাজ্যত কেনেকৈ জীৱন নিৰ্বাহ কৰিব ? অৰুণোদয় আঁচনিত চৰকাৰে ১২৫০ টকা দিছে । ইয়াৰ বিপৰীতে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ১২ শ হৈছে । মহিলা-যুৱতীসকলে কেনেদৰে অত্যাধিক দামত পেট্ৰ’ল কিনি স্কুটী চলাব ? সেয়ে আমি চৰকাৰক অনতিবিলম্বে সকলো বয়-বস্তৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনাইছো ।’’
- দক্ষিণ শালমাৰা মানকাচৰ
ৰাজ্যৰ আন প্ৰান্তৰ লেখিয়াকৈ দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাই দিনৰ প্ৰায় ১১ বজাত হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত "বিক্ষোভ সমদল" কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে ।
দক্ষিণ শালমাৰা মানকাচৰ জিলা আছুৰ ভাৰপ্ৰাপ্ত সভাপতি আব্দুৰ ৰিজ্জাক স্বেখে কয়, ‘‘অসম চৰকাৰে এটা কথা কৈছিল যে, অসমত আমি উন্নতি কৰিম আৰু অসমৰ ৰাইজৰ উন্নয়নৰ হকে কাম কৰিম । কিন্তু দেখা গৈছে যে দ্বিতীয়বাৰৰ বাবে ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ গঠন কৰাৰ পিছৰে পৰা যিধৰণৰ মূল্যবৃদ্ধি হৈছে, মানুহৰ প্ৰয়োজনীয় সামগ্ৰী, পেট্ৰ'ল, ডিজেল, গেছ চিলিণ্ডাৰ আদি সামগ্ৰীৰ দাম বৃদ্ধি পাইছে । এনেধৰণৰ মূল্যবৃদ্ধিয়ে আকাশ ছুই গৈছে ।’’
- আমিনগাঁও
শেহতীয়াকৈ ৰাজ্যত বৃদ্ধি পোৱা মূল্যবৃদ্ধিৰ প্ৰতি উদ্বিগ্নতা প্ৰকাশ কৰি আমিনগাঁৱত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত কামৰূপ জিলা ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।
প্ৰতিবাদকাৰীসকলে জিলা আয়ুক্ত কাৰ্যালয়ৰ উপপথত প্ৰতিবাদী সমদল বাহিৰৰ কৰাৰ লগতে আয়ুক্ত কাৰ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰ ঘেৰাও কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক ভৱজ্যোতি ডেকাৰ লগতে শতাধিক আছু কৰ্মী উপস্থিত থাকে ।
- যোৰহাট
মূল্যবৃদ্ধি ৰোধ কৰা দাবীত যোৰহাট জিলা ছাত্র সন্থাও এক বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে । যোৰহাট ষ্টেডিয়াম বাকৰিত সহ্ৰাধিক ছাত্র সন্থাৰ কৰ্মী সমবেত হৈ নগৰ মাজেৰে মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীৰে এক বিক্ষোভ সমদল বাহিৰ কৰে ৷ লগতে চৰকাৰী বিৰোধী বিভিন্ন শ্ল’গান দি সমগ্ৰ পৰিৱেশটো উত্তাল কৰি তোলে ।
যোৰহাট জিলা ছাত্র সন্থা সভাপতি প্ৰীতম শইকীয়াই কয়, ‘‘মূল্যবৃদ্ধিয়ে বৰ্তমান আমাৰ সাধাৰণ জনতাক কোঙা কৰি পেলাইছে ৷ সকলো স্তৰত মূল্যবৃদ্ধিয়ে আমাৰ ৰাইজক চলিব নোৱাৰা অৱস্থা কৰি তুলিছে । নিৰ্বাচনৰ আগত প্ৰশাসনে কৈছিল কোনো ধৰণৰ মূল্যবৃদ্ধি নহয় বুলি, কিন্তু এতিয়া নিৰ্বাচন শেষ হ'ল, সকলোতে ব্যাপক হাৰত মূল্যবৃদ্ধি আৰম্ভ হল, ফলত ৰাইজ কোঙা হৈছে পৰিছে ৷’’
- নগাঁও
শুকুৰবাৰে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিয়ে । নগাঁও জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ পৰা এক বিক্ষোভ সমদল উলিয়াই মূল্যবৃদ্ধিক লৈ চৰকাৰৰ বিৰূদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ এই সমদল নগাঁও চহৰখনৰ মাজেৰে গৈ পুনৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ত সামৰণি পৰে ।
- তিনিচুকীয়া
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে তিনিচুকীয়াত জিলা ছাত্ৰ সন্থাই মূল্যবৃদ্ধি হ্ৰাস কৰাৰ প্ৰতিবাদত এক বিশাল বিক্ষোভ সমদল বাহিৰ কৰে । তিনিচুকীয়া মহাবিদ্যালয়ৰ সমীপৰ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা চহৰখনৰ লোকপ্ৰিয় গোপিনাথ বৰদলৈ পথ হৈ থানা চাৰিআলীলৈকে এই বিক্ষোভ সমদলটো বাহিৰ কৰে ।
উক্ত প্ৰতিবাদৰ সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সমৰজ্যোতি গোহাঁই, সাংগঠনিক সম্পাদক জিতেন্দ্ৰ চুতীয়া, সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰতীম নেওগ আৰু সাধাৰণ সম্পাদক কনচেং গগৈ উপস্থিত থাকি শাসকীয় চৰকাৰখনক তুলাধুনা দিয়ে ৷

