ETV Bharat / state

নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ দাবীৰে মটক ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

জনজাতিৰ মৰ্যাদা প্ৰদান নকৰালৈকে মটক ৰাইজ ক্ষান্ত নহয় বুলি চৰকাৰক সকীয়নি ।

All Assam Motok Student Union Protest
জনজাতিকৰণৰ দাবীৰে মটক ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 23, 2026 at 6:47 PM IST

3 Min Read
Choose ETV Bharat

তিনিচুকীয়া: জনজাতিকৰণৰ দাবীত পুনৰ সৰৱ হৈ পৰিছে সদৌ অসম মটক ছাত্ৰ সন্থা । যদিহে এইবাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি জনগোষ্ঠীটোক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰে তেতিয়াহ'লে তীব্ৰ ক্ষোভৰ সন্মুখীন হ'ব লাগিব বিজেপি চৰকাৰ । আজি (সোমবাৰ) জনজাতিকৰণৰ দাবীৰে সদৌ অসম মটক ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তিনিচুকীয়াৰ তিনিকোণীয়াত অৱস্থিত ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত পুৱা ১১ বজাৰ পৰা ছয় ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় । উক্ত প্ৰতিবাদত সদৌ অসম মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি সঞ্জয় হাজৰিকাই কয়, "আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে মটক জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰিব‌ই লাগিব । জনজাতিৰ স্বীকৃতি প্ৰদান নকৰিলে নিৰ্বাচনী প্ৰচাৰৰ সময়ত মটক ছাত্ৰ সন্থাৰ লগত মুখামুখি হ'বলৈ বিজেপি চৰকাৰ সাজু থাকক ।" লগতে বেংমৰা ৰাজ্যৰ ৰজাদিনীয়া কীৰ্তিচিহ্নসমূহ বেদখলমুক্ত কৰাৰ উপৰি নিকায় নিগমসমূহত জনগোষ্ঠীটোৰ লোকক প্ৰাধান্য দিবলৈকো দাবী উত্থাপন কৰে ।

জনজাতিকৰণৰ দাবীৰে মটক ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ (ETV Bharat Assam)

আনহাতে অসমৰ খনিজ সম্পদ কাঠ, কয়লা আদিৰ অবৈধ ব্যৱসায়ীসকলক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰো তেওঁ দাবী জনায় । একেদৰে সংগঠনটোৰ জিলা সভাপতি ভৃগু বুঢ়াগোহাঁইয়ে কোনো এখন চৰকাৰেই জনগোষ্ঠীটোৱে দীৰ্ঘদিন ধৰি উত্থাপন কৰি অহা দাবীৰ প্ৰতি সঁহাৰি জনোৱা নাই বুলি ক্ষোভ উজাৰি কয়, "জনজাতিৰ মৰ্যাদা প্ৰদান নকৰালৈকে মটক ৰাইজ ক্ষান্ত নহয় । সেয়েহে প্ৰাৰম্ভিক পৰ্যায়ত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও পৰৱৰ্তী পৰ্যায়ত জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।"

ইফালে, প্ৰতিবাদৰ অন্তত সংগঠনটোৱে ছয় দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ তিনিচুকীয়া ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে । এই পত্ৰখনত মটক জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিৰ সংবিধানিক মৰ্যাদা প্ৰদান, জনগোষ্ঠীটোক পূর্ণ স্বায়ত্তশাসন প্রদানেৰে এখন পূর্ণাংগ মটক স্বায়ত্তশাসিত পৰিষদ গঠন কৰাৰ দাবী উত্থাপন কৰে ।

আনহাতে, তিনিচুকীয়া জিলাত অসম চৰকাৰৰ অধীনস্থ নিকায় নিগমসমূহত মটক জনগোষ্ঠীৰ যোগ্য ব্যক্তিক অগ্রাধিকাৰ প্রদান কৰা অসম চৰকাৰৰ মন্ত্ৰীগোটে জনজাতিকৰণৰ সন্দৰ্ভত প্ৰস্তুত কৰা প্ৰতিবেদন কেন্দ্ৰলৈ পঠোৱাৰ ব্যৱস্থা কৰাৰ উপৰি মটক জনগোষ্ঠী বীৰ পুৰুষ নাহৰ শইকীয়া সোঁৱৰণী ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমন্ত্রণমূলক ভলীবল খেলৰ শিতানত প্রতি বছৰে তিনিচুকীয়া জিলাক ৫০ লাখ টকাৰ আৰ্থিক অনুদান ধার্য কৰিবলৈ দাবী জনায় । ইয়াৰ উপৰি তিনিচুকীয়া জিলাৰ লিডু, মাৰ্ঘেৰিটাৰ পাটকাই পৰ্বতত অবৈধভাৱে কয়লা খনন চলি থকাৰ অভিযোগ উত্থাপন কৰি অতিশীঘ্ৰে ইয়াক বন্ধ কৰাৰো দাবী জনোৱা হয় পত্ৰখনত ।

লগতে পঢ়ক:ছয় জনগোষ্ঠীৰ জনজাতিকৰণ: মুখ্যমন্ত্ৰীৰ মন্তব্যই জ্বলাব ৰাজ্য, উজনিত হুংকাৰ টাইপাৰ

বিৰোধিতা কৰিলে জনজাতি সমন্বয়ৰক্ষী সমিতিয়ে ?