ETV Bharat / state

ৰাজ্য়জুৰি কৰ্মবিৰতিত বহিল সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থা

ৰাজ্যত দুদিনৰ বাবে অচল হ'ল আদালতৰ কাম-কাজ । সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই দুদিনীয়াকৈ আৰম্ভ কৰিছে সৰ্বাত্মক কৰ্মবিৰতি ।

All Assam Judicial Employees Association implemented a strike in Lakhimpur
কৰ্মবিৰতিত বহিল সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 15, 2026 at 7:16 PM IST

2 Min Read
Choose ETV Bharat

লখিমপুৰ: ৰাজ্যত দুদিনৰ বাবে অচল হ'ল আদালতৰ কাম-কাজ । সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই বুধবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ কৰা সৰ্বাত্মক কৰ্মবিৰতিৰ ফলত এই অচলাবস্থাই দেখা দিছে ।

ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে লখিমপুৰতো আদালতৰ চৌহদত কৰ্মচাৰী সকলে সৰ্বাত্মক কৰ্মবিৰতি পালন কৰে।

কৰ্মবিৰতিত বহিল সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থা (ETV Bharat Assam)

ন্যায়িক কৰ্মচাৰী সন্থাৰ বিভিন্ন দাবী পূৰণৰ বাবে এই কৰ্মবিৰতি কাৰ্যসূচী হাতত লৈছে । চেট্ৰী আয়োগৰ পৰামর্শৱলীৰ ভিত্তিত উচ্চতম ন্যায়ালয়ৰ ১০২২/৮৯ গোচৰৰ ২০০৯ চনৰ ৭ অক্টোবৰৰ হুকুম সম্পুর্ণভাৱে কাৰ্যকৰী নকৰাৰ লগতে অন্যান্য ন্যাৰ্য প্ৰাপ্তিৰ বাবে সন্থাই এই কাৰ্যসূচী হাতত লৈছে ।

আন জিলাৰ দৰে লখিমপুৰতো লখিমপুৰৰ আদালতৰ চৌহদত কৰ্মচাৰীসকলে সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে ।

মূল দাবীৰ উপৰি তেওঁলোকে কয়,"অসম ন্যায়িক কৰ্মচাৰীসকলৰ সেৱাবিধি প্ৰকাশ কৰিব লাগে । নতুনকৈ গঠন হোৱা জিলাসমূহক বাদ দি পুৰণি জিলাসমূহত বেঞ্চ ক্লাৰ্ক, গ্ৰেড ১, ২, ৩ পদ সৃষ্টি কৰিব লাগে । পদোন্নতিৰ ক্ষেত্রত চতুর্থ বৰ্গৰ কৰ্মচাৰীক ২৫ শতাংশ সুবিধা দিব লাগে । ষ্টেন' গ্ৰাফাৰ, ৰেকৰ্ড কীপাৰ, গাড়ী চালক আদি কৰ্মচাৰীসকলক বিশেষ বানচ প্ৰদান কৰিব লাগে ।"

তেওঁ পুনৰ কয়,"লোক আদালতত নিযুক্ত কৰ্মচাৰীক মূল বেতনৰ ৫ শতাংশ পাৰিতোষিক প্ৰদান কৰিব লাগে ।" এনেধৰণৰ বিভিন্ন দাবী পূৰণৰ বাবে তেওঁলোকে দুদিনীয়া সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচী আৰম্ভ কৰে । কৰ্মচাৰীসকলৰ কৰ্মবিৰতিৰ ফলত বিভিন্ন কামত আদালতলৈ অহা ৰাইজ সমস্যাত পৰিবলগীয়া হৈছে । এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ বহুকেইগৰাকী বিষয়ববীয়াই ।

লগতে পঢ়ক: ৰাজ্যজুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ

৮ কোটি টকা মূল্যৰ য়াবা টেবলেটসহ আৰক্ষীৰ জালত তিনি সৰবৰাহকাৰী