অসমৰ ভূমিত অৰুণাচলৰ লোকপিয়ল: জোনাইত প্ৰতিবাদ
দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলৰ বিবদমান এলেকা মালিনীপুৰত অৰুণাচলীয়ে আগ্ৰাসন ঘটাই অসমীয়া লোক পিয়ল কৰি গাঁও স্থাপন কৰিবলৈ চেষ্টা চলোৱাৰ অভিযোগ ।

Published : August 19, 2026 at 1:38 PM IST
জোনাই: অসম-অৰুণাচল সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি ৷ মাথোঁ ৯ দিন পূৰ্বে অৰুণাচলী দুৰ্বৃত্তই অসমৰ লোকক উদ্দেশ্যি গুলীচালনা কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ সেই ঘটনাৰ উত্তেজনা মাৰ নৌযাওতেই পুনৰ এবাৰ সীমান্তৱৰ্তী অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হৈছে ৷
এইবাৰৰ বিষয়টো সামান্য বেলেগ ৷ দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলৰ বিবাদমান এলেকা মালিনীপুৰত অৰুণাচলীয়ে আগ্ৰাসন ঘটাই অসমীয়া লোকৰ পৰা লোকপিয়ল সংগ্ৰহ কৰি গাঁও স্থাপন কৰিবলৈ চেষ্টা চলোৱাৰ এক অভিযোগ উত্থাপিত হৈছে । অৰুণাচলীৰ এই কাণ্ডত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিয়ে লিকাবালিত প্ৰতিবাদ সাব্যস্ত কৰে ৷
অভিযোগ অনুসৰি, চিচিবৰগাঁও সমষ্টিৰ মালিনীপুৰ গাঁও পঞ্চায়তৰ কেইবাখনো গাঁৱত অৰুণাচলী লোকে লোকপিয়ল কৰিবলৈ আৰম্ভ কৰিছে ৷ যি অসমৰ বাবে এক উদ্বেগৰ বিষয় ৷ গোৰ্খা ছাত্ৰ সন্থাই এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে বিষয়টোত অসম চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছে ৷ সংগঠনটোৱে দুয়োখন ৰাজ্যৰ সীমান্ত সমস্যা সমাধান নোহোৱালৈকে বিবদমান এলেকাসমূহত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ চৰকাৰক আহ্বান জনাইছে ৷
দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ দাবীৰে জোনাইত প্ৰতিবাদ
জোনাইৰ ৰাজপথত পুনৰবাৰ প্ৰতিবাদৰ ঢৌ উঠিছে ৷ অসম-অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত যোৱা ১০ আগষ্টত অৰুণাচলী দুৰ্বৃত্তৰ গুলীত অসমৰ কেইবাজনো লোক আহত হৈছিল ৷ তাৰ পিছত দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ দাবীৰে ঠায়ে ঠায়ে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল ।

এই ঘটনাৰ ৯ দিন পিছতো দুৰ্বৃত্তক কৰায়ত্ত কৰাত আৰক্ষী ব্যৰ্থ হোৱাৰ অভিযোগ তুলি ৰাজপথলৈ স্থানীয় ৰাইজ ওলাই আহে । বিশেষকৈ বদতি মহিলা সমিতিৰ উদ্যোগত আৰু বদতি নেহৰু যুৱ সংঘৰ সহযোগত ‘প্ৰতিবাদী সমদল’ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰা হয় ।
প্ৰতিবাদকাৰীসকলে বিবদমান এলেকাৰ স্থায়ী সমাধান, দুস্কৃতিকাৰীক আটক, আঘাতপ্ৰাপ্ত পৰিয়াললৈ ২০ লাখকৈ টকাৰ ক্ষতিপূৰণ দিয়া আদিকে ধৰি ছয়দফীয়া দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰী মহিলাসকলে ‘‘তেজ দিম, মাটি নিদিও, অৰুণাচল চৰকাৰ হায় হায়, সীমে গাঁওবাসী হুঁচিয়াৰ, অতি শীঘ্ৰে দুৰ্বৃত্তক কৰায়ত্ত কৰক’’ আদি শ্লোগানেৰে হাতে হাতে প্লে’ কাৰ্ড লৈ বদতি অঞ্চল কঁপাই তোলে ৷ ৰাইজৰ দাবীসমূহ অগ্ৰাহ্য কৰিলে পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিয়ে ৷
আনহাতে, মঙলবাৰে মিংমাং বদতি অঞ্চলত বিৰোধী দলৰ উপ-দলপতি তথা নাওবৈচা সমষ্টিৰ বিধায়ক ডাঃ জয়প্ৰকাশ দাসৰ নেতৃত্বত এটি দল উপস্থিত হৈ বিবাদিত অঞ্চলসমূহ পৰিদৰ্শন কৰি ঘটনাৰ বুজ লয় । তেওঁ কয়, ‘‘সীমা সমস্যা সমাধান কৰিব নোৱৰাটো বিজেপি চৰকাৰৰ দুৰ্বলতা । চৰকাৰ-জিলা প্ৰশাসনে যিদৰে কাম কৰিব লাগিছিল, তেনেদৰে কাম কৰাত ব্যৰ্থ হৈছে ৷’’
লগতে পঢ়ক: শ্বেতপত্র প্রকাশ কৰক চৰকাৰে; কাজিৰঙাৰ সুৰক্ষাৰে আপোচ নচলিব : সদৌ অসম ছাত্র সন্থা

