ETV Bharat / state

জুবিন ক্ষেত্ৰৰ ট্ৰাইবেল বেল্টৰ মাটি এৰি দিয়ক অশোকদা : মন্ত্ৰী অশোক সিংহলক হুংকাৰ অখিল গগৈৰ

জুবিন ক্ষেত্ৰৰ সংলগ্ন ট্ৰাইবেল ব্লক এণ্ড বেল্টৰ মাটি অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলৰ দখলত থকা বুলি চৰ্চিত হোৱাৰ পাছতেই অশোক সিংহলক হুংকাৰ অখিল গগৈৰ ৷

GOVERNMENT LAND ENCROACHMENT
মন্ত্ৰী অশোক সিংহলক হুংকাৰ অখিল গগৈৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 2, 2025 at 7:44 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : “অশোক দা, যদি ইয়াত আপোনাৰ মাটি আছে তেন্তে যি আছে উঠাই লৈ যিওক । আমাক মাটিখিনি লাগিব । ৰাজেশ গালানীয়েই হওক অশোক সিংহলেই হওক ইয়াত যদি মাটি ল’বলৈ আহে উফৰাই পেলাই দিম ।”—মন্ত্ৰী অশোক সিংহলক হুংকাৰ বিধায়ক অখিল গগৈৰ ।

সোণাপুৰৰ হাতীমূৰাৰ জুবিন ক্ষেত্ৰৰ সংলগ্ন ট্ৰাইবেল ব্লক এণ্ড বেল্টৰ মাটি অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলৰ দখলত আছে — শেহতীয়াকৈ সজোৰে চৰ্চিত হৈছে এই কথা ৷ স্থানীয় লোক তথা বিৰোধীৰ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে মন্ত্ৰী অশোক সিংহল । এই বিষয়ত মৌন-প্ৰতিক্ৰিয়াহীন মন্ত্ৰী সিংহল । তাৰ মাজতেই বিৰোধী বিধায়ক অখিল গগৈৰ মন্ত্ৰী সিংহললৈ হুংকাৰ—জুবিন ক্ষেত্ৰৰ মাটি এৰি দিয়ক অশোক সিংহলে, নহ’লে দখল কৰি লোৱা হ’ব ।

মন্ত্ৰী অশোক সিংহলক হুংকাৰ অখিল গগৈৰ (ETV Bharat Assam)

শনিবাৰে জুবিন ক্ষেত্ৰত উপস্থিত হৈ অখিল গগৈয়ে নিজে নিজে সমাধি ক্ষেত্ৰৰ মাটি এৰি দিবলৈ অশোক সিংহললৈ আহ্বান জনালে ৷ আহ্বান জনালে এইদৰে—“যদি জুবিন ক্ষেত্ৰৰ সৈতে আপোনাৰ মাটি আছে তেন্তে আপুনি এৰি দিয়ক অশোকদা... নহ’লে তোমাৰ মাটিখিনি আমি দখল কৰি ল’ম । আমি অসমীয়া মানুহে অশোক সিংহলক আমাৰ জুবিনদাৰ সমাধি ক্ষেত্ৰ মাটি ল’বলৈ নিদিও । এয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি । ইয়াত জনজাতিসকলৰ সমাধিক্ষেত্ৰ আছিল । তেওঁলোকৰ সমাধিক্ষেত্ৰ কাৰণে অলপ মাটি এৰি দিব লাগিব আৰু বাকী মাটি আমি জুবিনদাৰ সমাধি ক্ষেত্ৰৰ বাবে উলিয়াব লাগিব ৷”

লগতে অখিল গগৈয়ে মন্ত্ৰী সিংহলক বহিৰাগত আখ্যা দি ক’লে যে সিংহলৰ উদ্দেশ্যই হ’ল মাটি দখল কৰি বিল্ডিং বনোৱা । “অশোক সিংহলৰ বাহিৰৰ পৰা আহিছে । গোটেই মাটি দখল কৰিছে । তেওঁৰ উদ্দেশ্য হৈছে অসমৰ মাটি লৈ বিল্ডিং বনোৱা ৷ দুই নম্বৰী বিল্ডাৰ তেওঁ ।”— অখিল গগৈৰ মন্তব্য ।

GOVERNMENT LAND ENCROACHMENT
জুবিন সমাধিক্ষেত্ৰত বিধায়ক অখিল গগৈ (ETV Bharat Assam)

য’তে ত’তে ভূমি হস্তগত কৰা অশোক সিংহলক মন্ত্ৰী পাতি উদক ভেটাৰখীয়া পতা বুলি মন্তব্য অখিল গগৈৰ—“উদক ভেটাৰখীয়া ৰাখি হিমন্ত বিশ্ব শৰ্মাই তেওঁক মন্ত্ৰী পাতি দি লুণ্ঠন চলাই যাবলৈ সুবিধা কৰি দিছে । কিন্তু এইবাৰ যদি জুবিনদাৰ বাউণ্ডেৰীৰ মাতি যদি কোনোবাই লয় । ইয়াত থকা ৰাইজৰ মাটি, ট্ৰাইবেল বেল্টৰ মাটি যদি কোনোবাই ল’বলৈ আহে আমি ৰাম খেদন দিম ।”

লগতে পঢ়ক : জুবিনৰ মৃত্যুৰ তদন্তৰ চার্জশ্বিট ১০ ডিচেম্বৰত: মুখ্যমন্ত্ৰীয়ে ক'লে- ১০ ডিচেম্বৰৰ পাছত মোৰ মুখখন খুলিলে বেলেগৰ মুখ বন্ধ হ’ব