ETV Bharat / state

মাতৃহাৰা অখিল গগৈ, মুখ্যমন্ত্ৰীকে আদি কৰি বিভিন্নজনৰ শোকপ্ৰকাশ

দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা প্ৰিয়দা গগৈৰ মৃত্যুৰ সময়ত বয়স আছিল ৯৬ বছৰ ৷ অখিল গগৈৰ মাতৃৰ বিয়োগত শোকপ্ৰকাশ ৰাজনৈতিক ক্ষেত্ৰৰ বিভিন্নজন ব্যক্তিৰ ৷

PRIYADA GOGOI PASSED AWAY
মাতৃহাৰা অখিল গগৈৰ কাষত ৰূপজ্যোতি কুৰ্মী (PRIYADA GOGOI PASSED AWAY)
author img

By ETV Bharat Assamese Team

Published : June 4, 2026 at 11:59 AM IST

8 Min Read
Choose ETV Bharat

যোৰহাট: মাতৃহাৰা হ’ল শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷ বুধবাৰে পুৱা ৬.২০ বজাত ইহ সংসাৰ ত্যাগ কৰে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে ৷ দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা প্ৰিয়দা গগৈৰ মৃত্যুৰ সময়ত বয়স আছিল ৯৬ বছৰ ৷ গুৱাহাটীত পুত্ৰ অখিল গগৈৰ বাসগৃহতে মৃত্যুক সাৱটি লয় প্ৰিয়দা গগৈয়ে ৷ দীৰ্ঘদিন ধৰি অখিল গগৈয়ে মাতৃৰ শুশ্ৰূষা কৰি আহিছিল যদিও অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিবলগীয়া হয় ৷

গুৱাহাটীৰ পৰা বুধবাৰেই প্ৰিয়দা গগৈৰ নশ্বৰদেহ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে লৈ যোৱা হয় যোৰহাট জিলাৰ মৰিয়নীৰ লুখুৰাখনস্থিত নিজা বাসগৃহলৈ ৷ তাতেই তেওঁৰ অন্তিম শ্ৰদ্ধা জনাবলৈ উপস্থিত হয় অসংখ্য লোক ৷ জীৱন্তকালতে মাতৃক গাঁৱৰ ঘৰখনলৈ অনাৰ মানসেৰে পুৰণি ঘৰটো নতুনকৈ সজোৱাৰ দিহা কৰিছিল অখিল গগৈয়ে ৷ কিন্তু সেই আশা তেওঁৰ আধৰুৱা হৈ ৰ’ল ৷

অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ দেহাৱসান (PRIYADA GOGOI PASSED AWAY)

মাতৃ বিয়োগত শোকপ্ৰকাশ কৰি অখিল গগৈয়ে কয়, ‘‘মায়ে ৯৬ বছৰ বয়সত আমাক এৰি গুচি গ’ল ৷ মাক এনেকৈ বিদায় দিবলগীয়া হোৱাটো মোৰ বাবে দুৰ্ভাগ্যজনক ৷ মা এগৰাকী অগ্ৰণী নেত্ৰী আছিল ৷ স্কুলত পঢ়ি থাকোঁতেই স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত আছিল ৷ তাৰ পাছত কৃষক আন্দোলনত জড়িত হৈছিল ৷ আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মাতৃ আছিল তেওঁ ৷ যেতিয়া আমি অত্যাচাৰৰ বলি হৈছিলোঁ, মায়ে সকলোকে আশ্ৰয় দিছিল ৷ মায়ে সামগ্ৰিকভাৱে গোটেই জীৱনটো দেশ আৰু জাতিৰ বাবে চিন্তা কৰিছিল ৷ তেওঁৰ হাতত থকা টকা কেইটাও মোক ৰাইজৰ কাম কৰিবলৈ দি গৈছে ৷’’

বিভিন্নজন ৰাজনীতিকৰ শোকপ্ৰকাশ

অখিল গগৈৰ মাতৃৰ বিয়োগত শোকপ্ৰকাশ কৰে ৰাজনৈতিক ক্ষেত্ৰৰ বিভিন্নজন ব্যক্তিয়ে ৷ আদৰ্শৰ পৰিপন্থী হ’লেও এই শোকৰ সময়ত তেওঁৰ প্ৰতি সমবেদনা জনালে মুখ্যমন্ত্ৰীৰ পৰা ৰূপজ্য়োতি কুৰ্মীলৈকে বিভিন্নজন বিজেপি নেতাই ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰি প্ৰিয়দা গগৈৰ মৃত্যুত শোকপ্ৰকাশ কৰে ৷ পোষ্টটোত তেওঁ লিখিছে- ‘‘মাননীয় বিধায়ক শ্ৰীঅখিল গগৈ ডাঙৰীয়াৰ শ্রদ্ধাৰ মাতৃ প্ৰিয়দা গগৈ ডাঙৰীয়ানীৰ প্ৰয়াণৰ খবৰ শুনি মৰ্মাহত হ'লোঁ । এগৰাকী সমাজহিতৈষী, ধৰ্মপ্ৰাণ আৰু দয়ালু নাৰী হিচাপে প্ৰিয়দা গগৈ ডাঙৰীয়ানীয়ে সমাজত এক অনন্য স্থান অধিকাৰ কৰি আছিল । মাতৃৰ বিয়োগৰ এই অসহনীয় বেদনা কোনো শব্দৰেই পূৰণ কৰিব নোৱাৰি । তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ । তেখেতৰ শোকসন্তপ্ত পুত্ৰ শ্ৰীঅখিল গগৈ ডাঙৰীয়াকে ধৰি সমগ্ৰ পৰিয়ালবৰ্গ, আত্মীয়-স্বজন আৰু গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ । ওঁম শান্তি ৷’’

ইফালে ৰাজনীতিৰ পথাৰত দুয়োৰে সম্পৰ্ক অহিনকুল হ’লেও এই শোকৰ সময়ত অখিল গগৈৰ কাষত আহি থিয় দিয়ে মৰিয়নীৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ অখিল গগৈৰ মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়তো তেওঁৰ সৈতে দেখা গ’ল বিধায়ক ৰূপজ্য়োতিক ৷

এটা পোষ্টত বিধায়ক কুৰ্মীয়ে লিখিছে, ‘‘মাননীয় বিধায়ক শ্ৰী অখিল গগৈ ডাঙৰীয়াৰ মাতৃ, যিগৰাকী মাতৃক মই নিজেও সদায় 'মা' বুলি সম্বোধন কৰিছিলোঁ, সেই পূজনীয় প্ৰিয়দা গগৈ ডাঙৰীয়ানীৰ বিয়োগৰ বাতৰিয়ে মোক বাৰুকৈয়ে মৰ্মাহত কৰিছে । আজি মাতৃস্বৰূপ প্ৰিয়দা গগৈ ডাঙৰীয়ানীৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত মোৰ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ । এই গভীৰ দুখৰ সময়ত মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াকে ধৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ । ঈশ্বৰৰ ওচৰত প্ৰয়াত মাতৃৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ । ওঁ শান্তি!’’

প্ৰিয়দা গগৈৰ মৃত্যুত শোকপ্ৰকাশ কৰি পীযুষ হাজৰীকাই লিখিছে, ‘‘শিৱসাগৰ বিধানসভা সমষ্টিৰ সন্মানীয় সতীৰ্থ বিধায়ক শ্ৰী অখিল গগৈ ডাঙৰীয়াৰ পৰম শ্ৰদ্ধাৰ মাতৃ প্ৰিয়দা গগৈ ডাঙৰীয়ানীৰ বিয়োগৰ বাতৰি পাই অত্যন্ত মৰ্মাহত হৈছোঁ । এই কঠিন সময়ছোৱাত সুস্থিৰে থাকিবলৈ অখিল গগৈ ডাঙৰীয়াক নেদেখাজনে শক্তি প্ৰদান কৰক আৰু লগতে মাতৃদেৱীক সৰগত স্থান দিয়ক, তাকেই কৰযোৰে প্ৰাৰ্থনা জনাইছোঁ । শেষত, শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ আত্মাৰ সদগতি কামনা কৰিলোঁ ।’’

বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পাছত মনোমালিন্যৰ সৃষ্টি হ’লেও অখিল গগৈৰ এই দুখৰ সময়ত সমভাগী হৈছে সাংসদ গৌৰৱ গগৈ ৷ এটা পোষ্ট শ্বেয়াৰ কৰি গগৈয়ে লিখিছে, ‘‘ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ মাতৃ প্ৰিয়দা গগৈ ডাঙৰীয়ানীৰ মৃত্যুৰ খবৰ পাই গভীৰভাৱে মৰ্মাহত হৈছোঁ । ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনৰ সময়ত, যি বয়সত বেছিভাগ মানুহে বিশ্ৰাম ল’ব বিচাৰে, সেই বয়সতো তেওঁ পুত্ৰ অখিল গগৈৰ মুক্তিৰ বাবে জনতাৰ মাজলৈ ওলাই আহিছিল । কাৰাগাৰত থকা পুত্ৰৰ মুক্তি আৰু ন্যায়ৰ আশাত তেওঁ গাঁও-চহৰ ঘূৰি প্ৰচাৰ চলাইছিল । এগৰাকী মাতৃৰ সাহস, দৃঢ়তা আৰু আত্মবিশ্বাসে হাজাৰ হাজাৰ মানুহক অনুপ্ৰাণিত কৰিছিল । তেখেতৰ সংগ্ৰামী মনোভাবৰ বাবে তেওঁ বহু লোকৰ বাবে ত্যাগ, সাহস আৰু মাতৃস্নেহৰ এক প্ৰতীক হৈ পৰিছিল ।’’

‘‘তেওঁৰ সংগ্ৰাম, মৰ্যাদা আৰু পুত্ৰৰ প্ৰতি থকা অকৃত্ৰিম ভালপোৱা সদায় স্মৰণীয় হৈ থাকিব । সৌভাগ্যক্ৰমে মই ব্যক্তিগতভাৱেও এই অদম্য সাহসী আৰু ৰঙীয়াল আইমাতৃ গৰাকীৰ সাক্ষাৎ লাভ কৰিছিলো । মই তেখেতৰ মৰিয়নীৰ ঘৰলৈও এবাৰ গৈ তেখেতৰ লগত সময় কটোৱাৰ কথা এতিয়াও মনত সজীৱ হৈ আছে় । তেখেত সঁচাকৈয়ে বৰ মৰমীয়াল, উদ্যমী আৰু মাতৃত্বৰ উমালেৰে মানুহক আপোন কৰিব পৰা মহিলা আছিল । এই গভীৰ শোকৰ সময়ত অখিল গগৈ ডাঙৰীয়া আৰু তেওঁৰ সমগ্ৰ পৰিয়ালবৰ্গলৈ মই মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ । ঈশ্বৰে তেওঁৰ বিদেহী আত্মাক চিৰশান্তি প্ৰদান কৰক, তাৰেই কামনা কৰিলোঁ । ঔম শান্তি ।’’ গগৈয়ে পোষ্টটোত লগতে উল্লেখ কৰে ৷

প্ৰিয়দা গগৈৰ ত্যাগ আৰু সাহসক স্মৰণ কৰি তেওঁলৈ শ্ৰদ্ধা জ্ঞাপন কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ ফেচবুকত এক শোকবাৰ্তাত তেওঁ লিখিছে- ‘‘সংগ্ৰাম, ত্যাগ আৰু সাহসেৰে জীৱনৰ দীঘলীয়া পথ অতিক্ৰম কৰা এগৰাকী শক্তিশালী মহিলাৰ বিয়োগৰ খবৰে মৰ্মাহত কৰিলে । বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ মাতৃ প্ৰিয়দা গগৈ ডাঙৰীয়ানী বহু সংগ্ৰামৰ নীৰৱ সাক্ষী আৰু শক্তিৰ উৎস আছিল। তেখেতৰ জীৱনযাত্ৰাই বহুজনক অনুপ্ৰেৰণা যোগাই আহিছে । আইৰ মহাপ্ৰয়াণত পুত্ৰ অখিল গগৈ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ । এই অপূৰণীয় ক্ষতি সহ্য কৰিবলৈ পৰিয়ালটোৱে সাহস আৰু শক্তি পাওক ৷ প্ৰয়াত প্ৰিয়দা গগৈ ডাঙৰীয়ানীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ ৷’’

ইফালে অসম গণ পৰিষদৰ সভাপতি অতুল বৰায়ো প্ৰিয়দা গগৈৰ বিয়োগত শোকপ্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷ নিজৰ শোকবাৰ্তাত তেওঁ কয়, ‘‘শিৱসাগৰ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী অখিল গগৈ ডাঙৰীয়াৰ পৰম আৰাধ্যা মাতৃ প্ৰিয়দা গগৈ ডাঙৰীয়ানীৰ মৃত্যুৰ সংবাদে শোকাহত কৰিছে । এই দুখৰ ক্ষণত শ্ৰী অখিল গগৈ ডাঙৰীয়া সমন্বিতে পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিলোঁ । লগতে আইগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ । ওম শান্তি !’’

কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটায়ো প্ৰিয়দা গগৈৰ মৃত্যুত শোকপ্ৰকাশ কৰে ৷ অখিল গগৈ আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ মাজত এক আত্মীয় সম্পৰ্ক থকাৰ কথা অনেকেই জ্ঞাত ৷ মাৰ্ঘেৰিটাই নিজৰ পোষ্টত লিখিছে, ‘‘বিধায়ক শ্রীযুত অখিল গগৈদেৱৰ মাতৃ পৰম শ্ৰদ্ধেয়া প্ৰিয়দা গগৈ ডাঙৰীয়ানীৰ বিয়োগত মৰ্মাহত হৈছোঁ । তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালটোলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ । আমি শৈশৱৰে পৰা দেখি অহা সৰবৰহী, কৰ্মতৎপৰ আৰু অতি মৰমিয়াল প্ৰিয়দা এপাদেউৰ বিয়োগ লুখুৰাখন তথা সমগ্ৰ চেলেংহাটৰ বাবে এক অপূৰণীয় শূন্যতা ।’’

এইদৰেই অখিল গগৈৰ ৰাজনৈতিক ক্ষেত্ৰৰ সতীৰ্থসকলে তেওঁৰ মাতৃৰ বিয়োগত শোকপ্ৰকাশ তথা সমবেদনা জ্ঞাপন কৰে ৷ ২০২১ চনত যেতিয়া অখিল গগৈ কাৰাবন্দী হৈ আছিল, সেই সময়ত পুত্ৰৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিছিল মাতৃ প্ৰিয়দা গগৈ ৷ কাৰাগাৰৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা অখিল গগৈৰ জয়ত গুৰুত্বপূৰ্ণ অৰিহণা আছিল মাতৃৰ ৷ শিৱসাগৰ সমষ্টিৰ গাঁৱে-ভূঞে জনতাৰ মাজলৈ গৈ পুত্ৰৰ হৈ তেওঁ প্ৰচাৰ চলোৱা দেখা গৈছিল ৷ সেই সময়ত ৯০ ঊৰ্ধৰ প্ৰিয়দা গগৈৰ দৃঢ়তা আৰু মনোবলক সকলোৱে প্ৰশংসা কৰিছিল ৷ পুত্ৰ নিৰ্বাচনত জয়ী হোৱাত তেওঁৰ কষ্টই যেন সাৰ্থকতা লাভ কৰিছিল ৷ এইবাৰ পুনৰ দ্বিতীয়বাৰৰ বাবে অখিল গগৈ শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈ আহিছে ৷ পুত্ৰ দ্বিতীয়বাৰলৈ বিধায়ক হোৱা তেওঁ দেখা পালে যদিও প্ৰায় এমাহ পিছতেই তেওঁ চিৰদিনলৈ চকু মুদে ৷

লগতে পঢ়ক: ১৯ বছৰৰ পিছত শ্বহীদ পুত্ৰৰ প্ৰতিমূৰ্তি স্থাপনেৰে সপোন পূৰ্ণ কৰিলে পিতৃ-মাতৃয়ে