বহিৰাগতই পুনৰ ভূমিপুত্ৰক গ' বেক ধ্বনি দিলে পৰিস্থিতি বিষম হ'ব: পলাশ চাংমাই
তিনিচুকীয়াত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদী সমদল ৷ অসমত খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ দাবী ।

Published : December 29, 2025 at 8:12 PM IST
তিনিচুকীয়া : কাৰ্বি আংলং জিলাকে ধৰি সমগ্ৰ অসমত খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত সোমবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে তিনিচুকীয়াত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । তিনিচুকীয়াৰ নিজা কাৰ্যালয়ৰ পৰা উলিওৱা প্ৰতিবাদী সমদলটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ পথেৰে থানা চাৰিআলি হৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেদি আহি পুনৰ কাৰ্যালয়ৰ সমীপত সামৰণি পৰে ।
সমদলটোৰ সময়ত অনা অসমীয়া হুঁচিয়াৰ, খিলঞ্জীয়াৰ ভূমি অধিকাৰ সুৰক্ষিত কৰক, ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰক, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ জিন্দাবাদ আদি ধ্বনিৰে সংগঠনটোৰ নেতৃত্বত সহস্ৰাধিক লোকে আকাশ-বতাহ কঁপাই তোলে ।
প্ৰতিবাদী সমদলৰ পৰা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পলাশ চাংমায়ে কয়, "কাৰ্বি আংলঙৰ দৰে বহিৰাগতই পুনৰ ভূমিপুত্ৰক যদি গ' বেক ধ্বনি দিয়ে তেন্তে পৰিস্থিতি বিষম হ'ব । কাৰ্বি আংলঙৰ দৰে ঘটনা পৰৱৰ্তী সময়ত তিনিচুকীয়া, নলবাৰী, লখিমপুৰত বা অসমৰ আন ঠাইত যে নঘটিব তেনে নহয় ।"
তেওঁ লগতে কয়, "অসমৰ পৰিৱেশ-পৰিস্থিতি ইমানেই অৱনতি ঘটিছে যে অসমতেই অসমীয়া মানুহ ভগনীয়া হোৱাৰ দিশে গতি কৰিছে । আজি এই প্ৰতিবাদ তিনিচুকীয়া জিলা সদৰৰ উপৰি লখিমপুৰ, নগাঁও আৰু নলবাৰী জিলা সদৰতো হৈছে । এই প্ৰতিবাদৰ জৰিয়তে ভূমিৰ অধিকাৰ কেৱল মাত্ৰ খিলঞ্জীয়াৰ হাততহে যাতে থাকে তেনে এখন কঠোৰ আইন প্ৰণয়ন কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক দাবী জনাইছোঁ ৷"
আনহাতে, এই প্ৰতিবাদী সমদলৰ পিছতে তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ যোগেদি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে ।
ইফালে সোমবাৰৰ প্ৰতিবাদৰ সময়ত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পলাশ চাংমাই, কেন্দ্ৰীয় উপদেষ্টা কণ গগৈ, উপ-সভাপতি শিৱ কলিতা, মায়াৰাণী লাহন গগৈ, গিৰীণ চেতিয়া, সহকাৰী সম্পাদক সুৰজিৎ মৰাণ, ছবিৰ আহমেদকে ধৰি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বিভিন্ন আঞ্চলিক আৰু শাখাৰ বিষয়ববীয়া উপস্থিত থাকে ৷

