নিজা ভৱন থকাৰ পাছতো কিয় ভাৰাঘৰত চলিছে জোনাই মহকুমাৰ পুথিভঁড়ালৰ কাৰ্যালয় ?
মিচিং স্বায়ত্বশাসিত পৰিষদৰ উন্নয়ন পুঁজিৰে নিমাণ কৰা পুথিভঁৰালটো কেতিয়া কাৰ্যক্ষম হৈ উঠিব ?

Published : June 2, 2026 at 4:50 PM IST
জোনাই: 'আছে গৰু নাবায় হাল, থকাতকৈ নথকাই ভাল ৷' এই আপ্তবাক্যশাৰী যেন এতিয়া বাস্তৱ ৰূপ লৈছে জোনাই মহকুমা পুথিভঁড়ালৰ ক্ষেত্ৰত । নিজা গৃহ থকাৰ পাছতো এটা ভাৰাঘৰৰ পৰা দীৰ্ঘ বছৰ ধৰি পৰিচালিত হৈ আছে পুথিভঁড়ালটোৰ কাৰ্যালয়ৰ কাম-কাজ । উল্লেখযোগ্য যে, ২০১৬-১৭ বিত্তীয় বৰ্ষতে মিচিং স্বায়ত্বশাসিত পৰিষদৰ উন্নয়ন পুঁজিৰে প্ৰায় পঞ্চাশ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল মহকুমা পুথিভঁড়ালৰ কাৰ্যালয়টো ।
প্ৰায় ৮ বছৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হোৱা কাৰ্যালয় ভৱনটো আজিও নহ'ল মুকলি । ফলস্বৰূপে ব্যৱহাৰৰ বাবে মুকলি নকৰাত এতিয়া পৰিত্যক্ত অৱস্থাত পৰি আছে নৱনিৰ্মিত ভৱনটো । ইফালে নিজা কাৰ্যালয় ভৱন থকাৰ পিছতো চৰকাৰী ধন অপচয়েৰে এটা ভাৰাঘৰত পুথিভঁড়ালৰ কাৰ্যালয়টো পৰিচালনা হৈ আছে ৷ এই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে সচেতন মহলৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতা জ্ঞান শৰ্মাই ৷
তেওঁ কয়,"জোনাই সম-জিলাৰ অসংখ্য ছাত্ৰ-ছাত্ৰী, গৱেষক, সাহিত্যপ্ৰেমী আৰু পঢ়ুৱৈসকলে উপযুক্ত পুথিভঁড়াল সেৱাৰ পৰা বছৰৰ পিছত বছৰ ধৰি বঞ্চিত হৈ আছে ।গতিকে বৃহত্তৰ জোনাই সম-জিলাবাসীৰ ছাত্ৰ-ছাত্ৰী, পঢ়ুৱৈ আৰু সাহিত্যপ্ৰেমী ৰাইজৰ স্বাৰ্থত জোনাই মহকুমা পুথিভঁড়ালৰ নিজা কাৰ্যালয় ভৱনটি অতি শীঘ্ৰে মুকলি কৰি পূৰ্ণাংগভাৱে পুথিভঁড়ালৰ কাৰ্যকলাপ আৰম্ভ কৰক ৷"
তেওঁ লগতে কয়,"উপযুক্ত স্থানত জোনাই মহকুমা পুথিভঁড়ালটো নিৰ্মাণ কৰা হৈছিল ৷ কিন্তু মিচিং স্বায়ত্বশাসিত পৰিষদৰ উন্নয়ন পুঁজিৰে নিমাণ কৰা পুথিভঁৰালটো কেতিয়া কাৰ্যক্ষম হৈ উঠিব ? ছাত্ৰ-ছাত্ৰী, পঢ়ুৱৈ আৰু সাহিত্যপ্ৰেমীৰ বাবে প্ৰয়োজনীয় পুথিভঁড়ালটোৰ কাৰ্যালয়টো নিৰ্মাণৰ বাবে লাখ লাখ টকা খৰচ কৰাৰ কি অৰ্থ থাকিল ?"
লগতে পঢ়ক:বৰলুইতৰ পাৰৰ মথাউৰিত গ্ৰন্থৰ সুবাস বিচাৰি নতুনৰ বৌদ্ধিক চৰ্চা

