চ্য়ুকাফা বঁটাৰে সন্মানিত প্ৰবীণ সাংবাদিক, সমালোচক হাইদৰ হুছেইন
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আৰোগ্য নিধিলৈ হাইদৰ হুছেইনে আগবঢ়ালে বঁটাত লাভ কৰা ধন ।

Published : January 4, 2026 at 9:36 PM IST
নলবাৰী: প্ৰবীণ সাংবাদিক, সাহিত্যিক, সমালোচক হাইদৰ হুছেইনক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰদান কৰে চ্য়ুকাফা বঁটা । এই বঁটাত এখন সম্বৰ্ধনা পত্ৰ, জাতীয় সাজ, এখন হেংদাং, নগদ পঞ্চাশ হাজাৰ টকা, এটি ফুলাম জাপি আৰু এখন মুগা সূতাৰে বোৱা ফুলাম গামোচা ৷
নলবাৰী আইন মহাবিদ্যালয়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত প্ৰদান কৰা হয় এই বঁটা ।
সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই এই অনুষ্ঠানত উপস্থিত থাকি কয়, ‘‘প্ৰতি বছৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্যৰ একো একোজন সামাজিকভাৱে অৱদান আগবঢ়োৱা বৰেণ্য ব্যক্তিক চ্যুকাফা বঁটা প্ৰদান কৰি আহিছো । প্ৰতি বছৰৰ ২ ডিচেম্বৰত চৰাইদেউ জিলাত এই বঁটাটো প্ৰদান কৰি আহিছো । এইবাৰ অসমৰ সমাজলৈ অৱদান আগবঢ়োৱা, সাহিত্যিক, সাংবাদিক, সমালোচক হাইদৰ হুছেইনলৈ এই বঁটা আগবঢ়োৱা হ'ল । অনুষ্ঠানটো যদিও চৰাইদেউত অনুষ্ঠিত হয়, বঁটাপ্ৰাপক হাইদৰ হুছেইনৰ শাৰীৰিক অসুস্থতাৰ বাবে নলবাৰীতেই উক্ত অনুষ্ঠানটি অনুষ্ঠিত কৰা হ'ল । হাইদৰ হুছেইন কেৱল সাংবাদিক, সাহিত্যিকেই নহয়, ৰাজ্যখনৰ, দেশখনৰ ৰাজনৈতিক যি বাতাবৰণ তাৰ ওপৰত সঠিকভাৱে বিশ্লেষণ কৰিব পৰা এগৰাকী ব্যক্তি ।’’

আনহাতে, বঁটা গ্ৰহণ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আৰোগ্য নিধিলৈ বঁটাৰ লগত প্ৰদান কৰা নগদ পঞ্চাশ হাজাৰ টকা আগবঢ়ায় প্ৰবীণ সাংবাদিকগৰাকীয়ে । বঁটা গ্ৰহণ কৰি হাইদৰ হুছেইনে কয়, ‘‘অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মোক চৰাইদেউলৈ মাতিছিল । মোৰ অসুস্থতাৰ বাবে যাব নোৱাৰিলো । তাৰ বাবে মই অত্যান্তই দুঃখিত । এওঁলোকৰ লগত মোৰ আত্মিক সম্পৰ্ক দীৰ্ঘদিনীয়া । এওঁলোকেই নহয়, সমাজৰ হকে যিসকল সংগঠনে এনে অনুষ্ঠান অনুষ্ঠিত কৰে সকলোৰে লগত মোৰ সহযোগিতা আছে । যুৱ ছাত্ৰ পৰিষদৰ ওপৰতো মোৰ সেই সহযোগ আছেই । এখেতসকলে মোক বঁটাটো প্ৰদান কৰাত অভিভূত হৈ পৰিছো । জাতীয় বীৰ চাওলুং চ্যুকাফাক যি ধৰণে শ্ৰদ্ধা নিবেদিব লাগিছিল, তাত কাৰ্পণ্য় কৰা যেন অনুভৱ হয় । কিছুক্ষেত্ৰত যদিও শ্ৰদ্ধা জনোৱা হয় সকলোৱে এই চেষ্টা চলাব লাগে । জাতিটোক সমৃদ্ধিশালী কৰিবলৈ হ'লে ঐক্যভাৱে থকাৰ বাহিৰে আন কোনো বিকল্প নাই ।’’

