খং অভিমান থাকিলেও বিজেপিক প্ৰতিহত কৰিবলৈ সকলো বিৰোধী একগোট হোৱাৰ দৰকাৰ: লুৰীণজ্যোতি গগৈ
শাসক দল বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ সমান্তৰালভাৱে আঞ্চলিক দল অসম জাতীয় পৰিষদেও বিধানসভা নিৰ্বাচনলৈ সাজু হৈছে ।

Published : March 2, 2026 at 11:46 AM IST
ডিব্ৰুগড় : ডিব্ৰুগড় জিলাৰ নৱ-গঠিত খোৱাং সমষ্টিত বিৰোধী ঐক্যৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ প্ৰাৰ্থিত্ব নিশ্চিত হোৱাৰ পিছতে সমষ্টিটোত তৎপৰতা বৃদ্ধি কৰিছে অসম জাতীয় পৰিষদে ৷ দেওবাৰে খোৱাং সমষ্টিৰ অন্তৰ্গত খোৱাং চাৰিআলিৰ মহাসতী জয়মতী প্ৰেক্ষাগৃহত অনুষ্ঠিত জাতীয় মহিলা শক্তিৰ প্ৰতিনিধি সভাত উপস্থিত থাকে লুৰীণজ্যোতি গগৈ ৷ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সুঁৱৰি লুৰীণজ্যোতি গগৈয়ে মহিলাসকলক জাগ্ৰত হ'বলৈ আহ্বান জনায় ৷
বিজেপি দলে মহিলা সকলক বিভিন্ন আঁচনিৰ প্ৰলোভন দি মহিলাসকলৰ প্ৰকৃত উন্নয়ন, আত্মনিৰ্ভৰশীলতাৰ পথ ৰুদ্ধ কৰা বুলি অভিযোগ কৰে লুৰীণজ্যোতি গগৈয়ে ৷ এই সভাত খোৱাং সমষ্টিৰ বিভিন্ন পঞ্চায়তৰ পৰা অহা প্ৰায় ৬০ গৰাকী মহিলাই জাতীয় মহিলা শক্তিত যোগদান কৰে ৷ অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তিত যোগদান কৰা সকলক দলীয় গামোচা পিন্ধাই আদৰণি জনায় সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷
বিজেপি দলক প্ৰতিহত কৰিবলৈ এৰা-ধৰা সকলোৱে কৰিব লাগিব :
বিৰোধীৰ মিত্ৰতা গঠনৰ ফলত কংগ্ৰেছ দলে অসম জাতীয় পৰিষদক খোৱাং সমষ্টি এৰি দিয়াটো নিশ্চিত হোৱা পাছতে সমষ্টিত কংগ্ৰেছ দলৰ কৰ্মীসকল ক্ষোভিত হৈ উঠিছে ৷ আনকি দেওবাৰে পৰিবৰ্তন যাত্ৰাৰ পূৰ্বে খোৱাং সমষ্টিৰ একাংশ কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ সভাপতি গৌৰৱ গগৈক ঘেৰাও কৰি খোৱাং সমষ্টি অসম জাতীয় পৰিষদক এৰি নিদিবলৈ আহ্বান জনাইছিল ৷


খোৱাং সমষ্টিত কংগ্ৰেছ দলৰ বিৰোধিতা সম্পৰ্কত লুৰীণজ্যোতি গগৈয়ে কয়, "বিজেপি দলক পৰাভূত কৰাৰ স্বাৰ্থত মিত্ৰতা লাগিবই ৷ ক্ষোভ-খং সকলোৰে থাকিব, কিন্তু বিজেপি দলক প্ৰতিহত কৰিবলৈ এৰা-ধৰা সকলোৱে কৰিব লাগিব ৷ মই ভাবোঁ এইবোৰ কথা তেওঁলোকৰ দলৰ নেতৃত্বই দলীয় কৰ্মীসকলৰ সৈতে আলোচনা কৰিব ৷ আমাৰো যিসকলে টিকট নাপাব সেই সকলো ক্ষোভিত হ'ব ৷ তেওঁলোকক বুজোৱাৰ দায়িত্ব আমাৰ ৷"

লগতে পঢ়ক :
আসনক কেন্দ্ৰ কৰি ক্ষোভিত কংগ্ৰেছ কৰ্মী, আশ্বাস দিলে সভাপতি গৌৰৱ গগৈয়ে

