ETV Bharat / state

কাৰ ছত্ৰছায়াত দৈয়াং নৈত অবাধে চলিছে খনন ? প্ৰশ্ন অজাপ নেতা চিত্তৰঞ্জন বসুমতাৰীৰ

খননৰ ফলত অসমৰ বৃহৎ ভূ-খণ্ড অন্তৰ্ভুক্ত হ'ব নাগালেণ্ডত !

illegal mining in Doyang River
কাৰ ছত্ৰছায়াত দৈয়াং নৈত অবাধে চলিছে খনন ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 16, 2026 at 7:35 PM IST

3 Min Read
Choose ETV Bharat

সৰুপথাৰ: গোলাঘাট জিলাৰ উৰিয়ামঘাটত দৈয়াং নৈৰ পাৰত চলিছে অবাধ খননকাৰ্য । অসম-নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটৰ দৈয়াং নদীত শেহতীয়াভাৱে অবৈধভাৱে চলিছে খনন । ইয়াৰ মাজতেই অসম-নাগালেণ্ড সীমান্তৰ উচ্ছেদিত ভূমিৰ কাষতেই থকা দৈয়াং নৈৰ খননক লৈ সৰৱ হৈ পৰিছে অসম জাতীয় পৰিষদৰ নেতাসহ অসম চাহ জনজাতি ছাত্ৰ সন্থা ।

সৰুপথাৰ সমজিলাৰ অন্তৰ্গত অসম-নাগালেণ্ডৰ সীমান্তৰ দৈয়াং নদীৰ অসমৰ দিশে এক চক্ৰই অবৈধভাৱে শিল খনন কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । অসমৰ ফালে অবৈধভাৱে কাৰ ছত্ৰছায়াত অবাধে শিল খনন চলিছে সেয়া অতি ৰহস্যজনক বিষয় । বৰ্তমান যদি অসমৰ দিশত শিল খনন চলি থাকে, তেন্তে দৈয়াং নদীৰ গতিপথ সলনি হোৱাটো যে নিশ্চিত এই বিষয়েও অভিযোগ কৰিছে দল-সংগঠনে । এই খননৰ ফলত অসমৰ এক বৃহৎ ভূ-খণ্ড নাগালেণ্ডৰ ভিতৰুৱা হ'ব । কাৰণ প্ৰাৰম্ভিক অৱস্থাত উক্ত অঞ্চলসমূহত দৈয়াং নদীখনকে দুয়ো ৰাজ্যৰ সীমা হিচাপে গণ্য কৰি অহা হৈছে ।

দৈয়াং নৈত অবাধে চলিছে খনন (ETV Bharat Assam)

এই সন্দৰ্ভত অজাপ নেতা চিত্তৰঞ্জন বসুমতাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "উচ্ছেদৰ নামত বিজেপি চৰকাৰখনে কেৱল ভোট পাবলৈহে ৰাজনীতি কৰিছে । উচ্ছেদস্থলী এতিয়া তেওঁলোকৰ লুণ্ঠনস্থলী । উচ্ছেদ কৰাৰ পিছত তেওঁলোকে বহুত কথা কৈছিল । জাতি-মাটি বচোৱাৰ কথা কৈছিল । উচ্ছেদৰ পিছত আমাৰ মাটিও নাবাচে, জাতিও নাবাচে । এই মাটিত এতিয়া নগাৰ শেনচকু । নগাই দখল কৰিবলৈ আৰম্ভ কৰিছে । বিধায়ক বিশ্বজিত ফুকনে লুণ্ঠনৰাজ চলাইছে । কেৱল শোষণৰাজ চলাইছে ।"

illegal mining in Doyang River
খননৰ ফলত অসমৰ এক বৃহৎ ভূ-খণ্ড অন্তৰ্ভুক্ত হ'ব নাগালেণ্ডত (ETV Bharat Assam)

লুণ্ঠনৰাজ চলাবলৈ উচ্ছেদ কৰিছিল

অজাপ নেতাগৰাকীয়ে পুনৰ কয়, "এইবোৰ কোনো ধৰণৰ কুঁৱেৰী নহয় । কুঁৱেৰী নোহোৱাকৈয়ে অবৈধভাৱে ইয়াত খনন চলিছে । ইয়াত থকা শিল-সম্পদসমূহ খান্দি খান্দি নিবলৈ আৰম্ভ কৰিছে । কেৱল মাত্ৰ লুণ্ঠনৰাজ চলাবলৈ তেওঁলোকে উচ্ছেদ কৰিছিল । অসমৰ ফালে থকা নৈৰ কাষৰ মাটি খান্দি তেওঁলোকে শিল বিচাৰিছে । এনে কাৰ্যত মাটিও নাথাকিব, ভূমিও নাথাকিব । আমি উচ্ছেদক বিৰোধিতা কৰা নাই; কিন্তু উচ্ছেদ কৰি মাটি বচাব জানো পাৰিছে ? নগাই আহি ইয়াত দখল কৰিব বিচাৰিছে । নগাৰ পৰা বচাব পাৰিব জানো ?"

illegal mining in Doyang River
কাৰ ছত্ৰছায়াত দৈয়াং নৈত অবাধে চলিছে খনন ? (ETV Bharat Assam)

খননৰ ফলত প্ৰাকৃতিক গতিপথ সলনি

ইপিনে, এনে অবৈধ খননৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা । এই সন্দৰ্ভত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতা অপূৰ্ব ওৰাঙে কয়, "দৈয়াং নৈৰ খননৰ ফলত প্ৰাকৃতিক গতিপথ সলনি হৈছে । প্ৰশাসনক দীৰ্ঘদীন ধৰি আমি দাবী জনাই আহিছিলো যে অবৈধ খনন বন্ধ কৰিব লাগে । কাৰ ছত্ৰছায়াত এই অবৈধ খনন চলিছে, প্ৰশাসনক দৃষ্টি ৰাখিবলৈ অনুৰোধ জনাইছো । উচ্ছেদৰ পিছতেই উৰিয়ামঘাটত একাংশ ব্যৱসায়ীয়ে দিনে-নিশাই তামোলকে ধৰি অন্যান্য সম্পদৰ লুণ্ঠনৰাজ চলাই থকা পৰিলক্ষিত হৈছে । এই সন্দৰ্ভত প্ৰশাসনক দাবী জনাইছিলো; কিন্তু প্ৰশাসনে এই ঘটনাৰ লগত জড়িত হৈ আছে নেকি তাৰ ওপৰতো সন্দেহ আছে । চৰকাৰ তথা প্ৰশাসনক এই অবৈধ শিল খনন শীঘ্ৰেই বন্ধ কৰাৰ দাবী জনাইছো । অন্যথা অবৈধ খননে দৈয়াং নৈৰ প্ৰাকৃতিক গতিপথৰ লগতে ভৌগোলিক মানচিত্ৰতো প্ৰভাৱ পেলাব ।"

লগতে পঢ়ক:বালিৰ পৰা চৰকাৰে এটকা ৰেভিনিউ পায়, ৰেঞ্জাৰ-ডি এফ অ'ই মিলি ন টকা পায়: আচল কথাটো কৈ দিলে ক্ষুব্ধ অৰণ্য মানৱে

কাজিৰঙাৰ কাৰ্বি পাহাৰত ভূ-মাফিয়াৰ হাতোৰা ! ক্ষোভিত দল-সংগঠন