ETV Bharat / state

ৰুটি বেলি দায়িত্ব সামৰা গৌৰৱ গগৈয়ে আজমলক অপমান কৰাটো শোভা নাপায় : এআইইউডিএফ

শিৱসাগৰ-যোৰহাটক লৈ ৰাজনৈতিক পৰিকল্পনা নাই এআইইউডিএফৰ ।

Gaurav Gogoi criticize Badruddin Ajmal ; AIUDF slams APCC president regarding flood relief
ৰুটি বেলি দায়িত্ব সামৰা গৌৰৱ গগৈয়ে আজমলক অপমান কৰাটো শোভা নাপাই : এআইইউডিএফ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 16, 2026 at 5:40 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : "কেইখনমান ৰুটি বেলি দায়িত্ব সামৰা গৌৰৱ গগৈয়ে বদৰুদ্দিন আজমলক সমালোচনা কৰিব নালাগে । বানাক্ৰান্তৰ কাষত নাথাকি কংগ্ৰেছ দলে এআইইউডিএফ দলৰ বিৰুদ্ধে যুঁজি আছে ।" এই বক্তব্য এআইইউডিএফ দলৰ নেতৃত্বৰ । এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক উভতি ধৰিলে এআইইউডিএফে ।

দেওবাৰে দলটোৰ গুৱাহাটীৰ হাতীগাঁওস্থিত মুখ্য কাৰ্যালয়ত এআইইউডিএফৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু এআইইউডিৱাইএফৰ সভাপতি তথা প্ৰাক্তন বিধায়ক আশ্ৰাফুল হুছেইনে এখন সংবাদমেল সম্বোধন কৰে । উক্ত সংবাদমেলত প্ৰাক্তন বিধায়ক আশ্ৰাফুল হুছেইনে সাংসদ গৌৰৱ গগৈক কটাক্ষ কৰে ৷

ৰুটি বেলি দায়িত্ব সামৰা গৌৰৱ গগৈয়ে আজমলক অপমান কৰাটো শোভা নাপাই : এআইইউডিএফ (ETV Bharat Assam)

তেওঁ কয়, "শিৱসাগৰ, চৰাইদেউ ৰাইজ বানত ককবকাই থকা সময়ত যোৰহাট লোকসভাৰ সাংসদ গৌৰৱ গগৈ কাষত নাছিল । সেই সময়ত যিমান পাৰে সহায় কৰিবলৈ বানাক্ৰান্তৰ কাষত বদৰুদ্দিন আজমল থিয় হৈছিল । আজিও আজমল শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজৰ মাজত নিজে আছে ।"

গৌৰৱ গগৈয়ে আজমলক অপমান কৰাটো শোভা পোৱা নাই :

তেওঁ পুনৰ কয়, "যোৰহাটৰ সাংসদগৰাকীয়ে বদৰুদ্দিন আজমলক ধন্যবাদ দিয়াৰ বিপৰীতে ৰাজনৈতিক অভিপ্ৰায় বিচাৰি গৈছে । যোৰাহাটৰ বানাক্ৰান্ত ৰাইজৰ ওচৰত থকাৰ বিপৰীতে তেওঁ ৰাজনীতি কৰিব বিচাৰিছে । বদৰুদ্দিন আজমল নাইবা এআইইউডিএফে বানপীড়িত ৰাইজৰ মাজত কোনো ৰাজনৈতিক উদ্দেশ্য লৈ যোৱা নাই । আমি বানৰ ভয়াৱহ কৱলত পৰা আমাৰ মানুহখিনিৰ সহায়ৰ বাবে গৈছিলো । এনে এক পৰিস্থিতিত গৌৰৱ গগৈয়ে আজমলক এনেদৰে অপমান কৰাটো শোভা পোৱা নাই। গৌৰৱ গগৈয়ে নিজৰ কথা উঠাই লৈ আজমলৰ ওচৰত ক্ষমা খুজিব লাগে । বৰং গৌৰৱ গগৈয়ে বদৰুদ্দিন আজমলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাব লাগে ।"

তেওঁ লগতে কয়, "গৌৰৱ গগৈয়ে তাৰ সাংসদ হিচাপে মানুহৰ কাষত থাকিব লাগিছিল; কিন্তু এদিন গৈ তিনিখন পুৰীত বেলনা মাৰি গুচি অহা তেওঁ সাংসদ । আজি তাৰ মানুহবোৰে সেই কথা কৈ আছে । তাৰ বিপৰীতে আজমল বানাক্ৰান্ত মানুহৰ মাজত থাকি সহায় আগবঢ়াই আছে । আমি এই বিচাৰ যোৰহাটৰ জনগণৰ ওচৰত এৰিছো ।"

বিজেপিৰ 'বি' টীমটো 'এ' টীমলৈ যোৱা বাবে....

যোৰহাটত সহায় কৰিব যাওতে গৌৰৱ গগৈয়ে এআইইউডিএফক বিজেপিৰ 'বি' টীম বুলি উল্লেখ কৰা প্ৰসংগত তেওঁ কংগ্ৰেছক কটাক্ষ কৰি কয়, "আজি নগাঁৱত উপ-নিৰ্বাচন হ'ব গৈ আছে । কাৰণ কংগ্ৰেছত থকা বিজেপিৰ 'বি' টীমটো 'এ' টীমলৈ যোৱাৰ বাবে আজি উপ-নিৰ্বাচন হ'ব গৈ আছে; কিন্তু এআইইউডিএফৰ কোনো নেতাই বিজেপিত যোগদান কৰা নাই । কংগ্ৰেছৰ পৰা গৈ মন্ত্রী-বিধায়ক হৈছে । আমি ক'ব পাৰো কংগ্ৰেছৰ ১৮ জন বিধায়কৰ ভিতৰত কোন কোন বিজেপিৰ লগত মিলি আছে । আমাৰ ওপৰত প্ৰমাণ আছে । গৌৰৱ গগৈয়ে কোৱাৰ দৰে আমাৰ কোনো এনে উদ্দেশ্য নাই । এআইইউডিএফ দল বঞ্চিত-শোষিত ৰাইজৰ কণ্ঠ ।"

তেওঁ কয়,"কংগ্ৰেছ দলে আজিও এ আই ইউ ডি এফ দলৰ বিৰুদ্ধে যুঁজি আছে । যিসময়ত বানাক্ৰান্তৰ কাষত থাকি সহায় কৰিব লাগিছিল সেই সময়ত তাকে নকৰি আজমলৰ পাছত লাগি আছে ।"

শিৱসাগৰ-যোৰহাটক লৈ নাই ৰাজনৈতিক পৰিকল্পনা :

অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধেও তেওঁ সৰৱ হৈ কয়, "লুৰীণজ্যোতি গগৈয়ে বদৰুদ্দিন আজমলক সমালোচনা কৰিছে । আমি পুনৰ কৈছো শিৱসাগৰ, যোৰহাটক লৈ আমাৰ কোনো ৰাজনৈতিক পৰিকল্পনা নাই । আজমলক কাষত পাই তথা তেখেতৰ মহানুভৱতা দেখি যোৰহাট, শিৱসাগৰৰ ৰাইজৰ ধাৰণা সলনি হৈছে, মন্তব্য সলনি হৈছে । ইয়াকলৈ যদি কোনোবাই ভয় খাইছে তেন্তে তাত আমাৰ একো ক'বলগীয়া নাই । আজমল প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত থাকক আমি তাৰ কামনা কৰিম । আজমলে আৰু কাম কৰক আৰু আগুৱাই যাওক । কালি স্বাধীনতা দিৱসৰ দিনা মন্ত্রী বিমল বড়াই ভাষণত আজমলক সকিয়নী দিয়াটো অতি নিন্দনীয়। এইটো অত্যন্ত দুৰ্ভাগ্যজনক ।"

লজ্জা নিবাৰণৰ বাবে কংগ্ৰেছে সমৰ্থন কৰক:

কংগ্ৰেছ দলক সমালোচনা কৰি তেওঁ কয়, "বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে নগাঁও লোকসভাৰ উপ-নিৰ্বাচনত এআইইউডিএফ দলে প্ৰাৰ্থী দিব নালাগিছিল বুলি কৈছে । আমি এটা ৰাজনৈতিক দল, আমি কি ঘোঁৰাৰ ঘাঁহ কাটিবলৈ আহিছো । কংগ্ৰেছক আমি বাৰম্বাৰ সমৰ্থন কৰিছো । এইবাৰ আমি নগাঁও উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত নামিছো । কংগ্ৰেছৰ বাবেই তাত উপ-নিৰ্বাচন হৈ আছে । তেওঁলোকে কোনো কাৰণতে তাত প্ৰাৰ্থী দিব নালাগে । লজ্জা নিবাৰণৰ বাবে হ'লেই কংগ্ৰেছে এআইইউডিএফক সমৰ্থন কৰক। আমি বহুবাৰ সহায় কৰিছো । এইবাৰ আমাক সহায় কৰক । সংসদত বলিষ্ঠ কণ্ঠৰ প্ৰয়োজন । তাৰ বাবে আজমলক পঠাব বিচাৰিছো ।

লগতে পঢ়ক:কংগ্ৰেছে কেৱল 'লোৱা'ৰ বিপৰীতে 'দিয়া'ৰ মানসিকতা গঢ়ি তোলক : এ আই ইউ ডি এফৰ কটাক্ষ্য

বানত ১০৪ জন লোকৰ মৃত্যু; ৭ জিলা এতিয়াও বানৰ কৱলত