ETV Bharat / state

দেশৰ কৃষকসকলৰ বাবে মই কাম কৰিব খোজোঁ: প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰাপক আইশী প্ৰিশা বৰাৰ সপোন

শিশুৰ বাবে আগৱঢ়োৱা দেশৰ সৰ্বোচ্চ সন্মান 'প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ' লাভ কৰা আইশী প্ৰিশা বৰাৰ ভৱিষ্যত পৰিকল্পনা কি ? কিদৰে কৰি গৈছিল সাধনা ?

Aishi Prisha Borah received the 'Prime Minister National Child Award' from the President
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰাপক আইশী প্ৰিশা বৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 28, 2025 at 4:34 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট: ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল যোৰহাট ছাত্ৰী । যোৰহাট কেন্দ্ৰীয় বিদ্যালয় (আৰ আৰ এলৰ) প্ৰতিভাৱান ছাত্ৰী আইশী প্ৰিশা বৰাই নতুন দিল্লীৰ ভাৰত মণ্ডপত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা গ্ৰহণ কৰে শিশুৰ বাবে আগৱঢ়োৱা দেশৰ সৰ্বোচ্চ সন্মান 'প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ' । বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিষয়ত ছাত্ৰীগৰাকীয়ে কৰা উদ্ভাৱনী প্ৰকল্পৰ বাবে দেশৰ এই সৰ্বোচ্চ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় ।

ছাত্ৰীগৰাকীয়ে প্ৰাকৃতিক কৃষি আৰু উদ্ভাৱনীমূলক মালচিং কৌশলৰ দৰে পৰিৱেশ অনুকূল পদ্ধতিৰ উদ্ভাৱনৰ বাবে এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় । যোৰহাটৰ মেলেং মেটেলিৰ নিবাসী উজ্জ্বল বৰা আৰু নীলিমা বৰাৰ কন্যাই নতুন দিল্লীত তেওঁ উদ্ভাৱনীমূলক কাৰ্যৰ বাবে দেশৰ ৰাষ্ট্ৰপতি পৰা বিজ্ঞান ভৱনত এই সন্মান গ্ৰহণ কৰে ।

আইশী প্ৰিশা বৰা আৰু তেওঁৰ পিতৃৰ অনুভৱ (ETV Bharat Assam)

এই বঁটা লাভ কৰি আইশী প্ৰিশা বৰাই কয়, "দেশৰ সৰ্বোচ্চ সন্মান 'প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ' লাভ কৰা খবৰটো মই ই-মেইলযোগে লাভ কৰিছিলোঁ, এই খবৰ লাভ কৰি বহুত ভাল লাগিছিল । ২৪ ডিচেম্বৰত আমি যোৰহাট পৰা দিল্লীলৈ ৰাওনা হ'লোঁ আৰু ২৬ ডিচেম্বৰত বিজ্ঞান ভৱনত দেশৰ ৰাষ্ট্ৰপতি পৰা এই বটা গ্ৰহণ কৰোঁ । ভাৰত মণ্ডপত আমি প্ৰধানমন্ত্ৰী মোদীৰ সৈতে পৰিচয় হওঁ ।"

তেওঁ লগতে কয়, "মই প্ৰাকৃতিক কৃষি আৰু উদ্ভাৱনীমূলক মালচিং কৌশলৰ দৰে পৰিৱেশ অনুকূল পদ্ধতিৰ উদ্ভাৱনৰ বাবে এই পুৰস্কাৰ লাভ কৰিছোঁ । এই উদ্ভাৱনী শক্তিয়ে কৃষিকাৰ্যত সাৰ প্ৰয়োগকে আদি কৰি বিভিন্ন ক্ষেত্ৰত কৃষকসকলক সহায় কৰিব । এই সফলতাৰ আঁৰত মোৰ শিক্ষাগুৰু, সহপাঠী আৰু মা, দেউতাৰ অৰিহণা আছে । মই বিজ্ঞানক্ষেত্ৰৰ কাৰণে, নিজৰ গাঁও, জিলা আৰু দেশৰ বাবে কাম কৰি যোৱা লগতে বিকশিত ভাৰতৰ বাবে কাম কৰি যাম ।"

Aishi Prisha Borah received the 'Prime Minister National Child Award' from the President
পিতৃৰ সৈতে আইশী প্ৰিশা বৰা (ETV Bharat Assam)

আনহাতে নিজ কন্যাৰ সফলতাত উৎফুল্লিত হৈ পিতৃয়ে কয়, "মোৰ সাংঘাতিক ভাল লাগিছে, এইয়া বুজাব নোৱাৰা । মোৰ ছোৱালীয়ে যিটো কৰি দেখুওৱালে সেইটো মোৰ কাৰণে সপোনৰ অগোচৰ । ছোৱালীৰ কাৰণে ওচৰৰ পৰাই দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক পাইছোঁ । তেওঁলোকে আমাৰ ছোৱালীক কৈ থকা আৰু শিকাই থকা কথাবোৰ শুনিবলৈ পালোঁ । সেইটো বুজাব নোৱাৰোঁ । লক ডাউনৰ পৰা তেওঁ এই কাম বিলাক কৰি আহিছে । ইছৰ'ৱে পতা এখন প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিল । তেতিয়াৰে পৰাই তাই বিজ্ঞানৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাবলৈ ধৰিলে ।"

উল্লেখ্য যে বৰাই ধাৰাবাহিকভাৱে বিজ্ঞান আৰু প্ৰযুক্তিৰ বিভিন্ন প্ৰতিযোগিতা আৰু কৰ্মশালাত সাফল্য অৰ্জন কৰিছে । তেওঁ ২০২৫ চনত দীননাথ পাণ্ডেৰ স্মাৰ্ট আইডিয়া ইনভেশ্যন বঁটা লাভ কৰে । পেলনীয়া কাগজৰ পৰা পেঞ্চিল তৈয়াৰ কৰাৰ মেচিন আৰু ধূসৰ পানীৰ পুনৰ ব্যৱহাৰ ব্যৱস্থাকে ধৰি অভিনৱ সমাধান উলিওৱা বাবে এই সন্মান লাভ কৰিছিল ছাত্রীগৰাকীয়ে । গুৱাহাটী খানাপাৰাৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত সামৰণি পৰা উত্তৰ-পূব উদ্ভাৱন মহোৎসৱত অসমৰ আইশী প্ৰিশা বৰাই ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক: ১০ বছৰ বয়সৰ পৰাই মুখাশিল্পত জড়িত পদ্মশ্ৰী সন্মানেৰে বিভূষিত হেমচন্দ্ৰ গোস্বামী

বিজয় কুমাৰ দত্তক অসমীয়া শিশু সাহিত্য বঁটা ২০২৫ প্ৰদান