‘‘আটাইতকৈ বেয়া এয়াৰলাইনৰ অভিজ্ঞতা’’, এয়াৰ ইণ্ডিয়াক ৰাজহুৱাভাৱে সমালোচনা এগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ
এয়াৰ ইণ্ডিয়াৰ গুৱাহাটী-হায়দৰাবাদ বিমানৰ যাত্ৰা বাতিল ৷ বিমান পৰিবহণ সংস্থাটোক ৰাজহুৱাভাৱে সমালোচনা কৰে এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে ৷ কাৰণ বিমানখনত যাত্ৰীৰ ৰূপত আছিল ক্ৰিকেটাৰগৰাকী ৷

By ANI
Published : November 27, 2025 at 11:51 AM IST
গুৱাহাটী: বাতিল এয়াৰ ইণ্ডিয়াৰ দ্বাৰা পৰিচালিত গুৱাহাটী-হায়দৰাবাদ বিমানৰ যাত্ৰা ৷ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে বৃহস্পতিবাৰে জনোৱা মতে, গুৱাহাটীৰ পৰা হায়দৰাবাদলৈ চলাচল কৰা আই এক্স ২৮৮৪(IX 2884) নম্বৰৰ বিমানখন “অপ্ৰত্যাশিত কাৰ্যকৰী কাৰণ”ৰ বাবে বাতিল কৰা হয় ।
ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছিৰাজে গুৱাহাটীৰ পৰা বিমান যাত্ৰাত হোৱা পলম আৰু এই সন্দৰ্ভত দেখা দিয়া যোগাযোগৰ অভাৱৰ বাবে বিমান পৰিবহণ সংস্থাটোক ৰাজহুৱাভাৱে সমালোচনা কৰাৰ পিছতে এই স্পষ্টীকৰণ প্ৰকাশ কৰা হয় ৷
‘‘আমি আপোনালোকক জনাবলৈ পাই দুখ অনুভৱ কৰিছো যে কোনো অপ্ৰত্যাশিত কাৰ্যকৰী কাৰণত বিমানখন বাতিল কৰা হৈছে ৷ বিমানবন্দৰত আমাৰ দলে প্ৰতিগৰাকী অতিথিক প্ৰয়োজনীয় সহায় আগবঢ়াই আছে ৷ আমি বুজি পাওঁ যে এই পৰিস্থিতি কিমান কঠিন আৰু আমি সঁচাকৈয়ে আপোনালোকৰ ধৈৰ্য আৰু সহযোগিতাৰ শলাগ লৈছো । অনুগ্ৰহ কৰি নিশ্চিত হওক আমাৰ দলে আপোনালোকক প্ৰয়োজনীয় সকলো প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়াব আৰু আপডেট প্ৰদান কৰি থাকিব ৷’’ এক্সত ক্ৰিকেটাৰগৰাকীয়ে লিখা পোষ্টৰ উত্তৰত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে এনেদৰে উত্তৰ দিয়ে ৷
Air India flight no IX 2884 from Guwahati to Hyderabad was supposed to take off at 7.25 however there has been no communication from the airline and after repeatedly following up, they have just delayed the flight with no proper reasoning. This has been really frustrating and…
— Mohammed Siraj (@mdsirajofficial) November 26, 2025
টীম ইণ্ডিয়াৰ ফাষ্ট বলাৰ ছিৰাজে বুধবাৰে সন্ধিয়া বিমান সংস্থাটোৰ যোগাযোগৰ অভাৱৰ বিৰুদ্ধে অভিযোগ তুলি সন্ধিয়া ৭.২৫ বজাত গুৱাহাটীৰ পৰা হায়দৰাবাদ অভিমুখে উৰা মাৰিবলগীয়া বিমানখনৰ যাত্ৰাত পলম হোৱাত অসন্তুষ্টি প্ৰকাশ কৰে ৷
‘‘গুৱাহাটীৰ পৰা হায়দৰাবাদ অভিমুখী এয়াৰ ইণ্ডিয়াৰ আই এক্স ২৮৮৪ নং বিমানখন সন্ধিয়া ৭.২৫ বজাত উৰণৰ কথা আছিল যদিও বিমান সংস্থাটোৱে এই সন্দৰ্ভত কোনো ধৰণৰ ঘোষণা কৰা নাই ৷ বাৰে বাৰে তেওঁলোকৰ সৈতে যোগাযোগ কৰাৰ পিছতো কোনো বৈধ কাৰণ নোহোৱাকৈ বিমানখনৰ যাত্ৰাত পলম কৰিছে ৷ সঁচাকৈয়ে ই হতাশাজনক আৰু প্ৰতিগৰাকী যাত্ৰীয়ে ইয়াৰ উত্তৰ বিচাৰে ৷’’ এক্সত ক্ৰিকেটাৰগৰাকীয়ে এই পোষ্ট কৰে ৷
ছিৰাজে লগতে কয়, ‘‘বিমানখনৰ উৰণত ৪ ঘণ্টা পলম হৈছিল আৰু আমি এতিয়াও কোনো আপডেট নোপোৱাকৈয়ে বিমানবন্দৰত আবদ্ধ হৈ আছো । বিমান সংস্থাটোৰ সৈতে আটাইতকৈ বেয়া অভিজ্ঞতা । মই সঁচাকৈয়ে কাকো এই বিমানত যাত্ৰা কৰাৰ পৰামৰ্শ নিদিওঁ, যদিহে তেওঁলোকে ব্যৱস্থা ল’ব নোৱাৰে ।’’
লগতে পঢ়ক: ভাৰতৰ আটাইতকৈ প্ৰদূষিত চহৰ দিল্লী; সুৰক্ষিত নহয় অসমো !

