ETV Bharat / state

কৃষকৰ আঁচনি ৰূপায়ণত গাফিলতি সহ্য কৰা নহ’ব : একচন মুডত কৃষি মন্ত্ৰী পীযুষ হাজৰীকা

বৈঠকত মন্ত্রীগৰাকীয়ে ৰাজ্যখনত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ অগ্ৰগতি আৰু এইসমূহ ৰূপায়ণৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বানসমূহৰ বুজ লয় ।

MINISTER PIJUSH HAZARIKA
একচন মুডত কৃষি মন্ত্ৰী পীযুষ হাজৰীকা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 12, 2026 at 12:02 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: কৃষি বিভাগৰ দায়িত্ব লাভ কৰা মন্ত্ৰী পীযুষ হাজৰীকাই বৃহস্পতিবাৰে কৃষি বিভাগৰ কাৰ্যকলাপৰ খতিয়ান ল’বলৈ এখন উচ্চস্তৰীয় পৰ্যালোচনা বৈঠকত পৌৰোহিত্য কৰে । দিছপুৰত অনুষ্ঠিত বৈঠকত মন্ত্রীগৰাকীয়ে ৰাজ্যখনত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ অগ্ৰগতি আৰু এইসমূহ ৰূপায়ণৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বানসমূহৰ বুজ লয় ।

কেন্দ্ৰীয় আঁচনিসমূহত কৃষকৰ পঞ্জীয়ন বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে ‘পিএম-কিষাণ’ আৰু ‘প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা’ আদিৰ দৰে আঁচনিৰ অধীনলৈ অধিক কৃষকক আনিবলৈ এক সঘন অভিযান চলাবলৈ নিৰ্দেশ দিয়ে । বৰ্তমান ৰাজ্যখনৰ পঞ্জীয়নভুক্ত ২৭ লাখ কৃষক পৰিয়ালৰ সংখ্যাটো আৰু অধিক বৃদ্ধি কৰিবলৈ মন্ত্রীগৰাকীয়ে বিষয়াসকলক জোৰদাৰ আহ্বান জনায় ।

মন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে এতিয়াও বহু পঞ্জীয়নবিহীন কৃষক পৰিয়াল আছে, যিসকল আঁচনিৰ লাভালাভৰ পৰা বঞ্চিত হৈ আছে । কৃষকৰ বাবে থকা আঁচনি ৰূপায়ণত গাফিলতি কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি মন্ত্রীগৰাকীয়ে বৈঠকত সদৰী কৰে । মন্ত্রী হাজৰীকাই কয়, ‘‘পৰম্পৰাগতভাৱে ধান খেতিৰ সৈতে জড়িত আমাৰ কৃষকসকলৰ আয় বৃদ্ধি কৰাৰ ক্ষেত্ৰত উদ্যান শস্যই মুখ্য ভূমিকা পালন কৰিব পাৰে ।’’

এই দিশত ক্ষীপ্ৰতা আনিবলৈ মন্ত্ৰীগৰাকীয়ে ১৪ জুনত গুৱাহাটীত ৩৫ খন জিলাৰ জিলা কৃষি বিষয়াসকলৰ সৈতে দিনজোৰা এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে । এই বৈঠকত জিলা কৃষি বিষয়াসকলক আগন্তুক এটা মাহৰ ভিতৰত প্ৰায় ৫ লাখ কৃষকৰ মাজত মুঠ ১৫ লাখ উদ্যান শস্যৰ পুলি বিতৰণ কৰাৰ এক নিৰ্দিষ্ট লক্ষ্য বান্ধি দিয়া হ’ব ।

MINISTER PIJUSH HAZARIKA
দিছপুৰত অনুষ্ঠিত বৈঠকত অংশগ্ৰহণ ৰাজ্যৰ কৃষিমন্ত্ৰীৰ (ETV Bharat Assam)

এইক্ষেত্ৰত হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰাৰ বাবে সংশ্লিষ্ট সমষ্টিৰ বিধায়কসকলৰ সৈতেও পৰামৰ্শ কৰা হ’ব বুলি মন্ত্রীগৰাকীয়ে জনায় । তদুপৰি নিম্নমানৰ কৃষি সামগ্ৰী বিক্ৰীৰ বিৰুদ্ধে কঠোৰ হুংকাৰ দি মন্ত্ৰীগৰাকীয়ে চৰকাৰী অনুজ্ঞাপত্ৰ প্ৰাপ্ত সকলো 'বীজ ভাণ্ডাৰ'লৈ কৃষকক কেৱল গুণগত মানসম্পন্ন প্ৰমাণিত বীজ বিক্ৰী কৰাটো নিশ্চিত কৰিবলৈ এক আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে । এই নিৰ্দেশ উলংঘা কৰা বিক্ৰেতাসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্ত্রীগৰাকীয়ে কয় ।

কৃষি আন্তঃগাঁথনি পুঁজি সন্দৰ্ভত আলোচনা কৰি মন্ত্ৰী হাজৰীকাই উদ্যোগ বিভাগৰ সৈতে এক যুটীয়া বৈঠক আহ্বান কৰিবলৈ নিৰ্দেশ দিয়ে । তদুপৰি কৃষকৰ উৎপাদনশীলতা বৃদ্ধিৰ বাবে কৃষি আৰু জলসিঞ্চন বিভাগৰ মাজত সু-সমন্বয় থকাটো অত্যন্ত প্ৰয়োজনীয় বুলি মন্ত্রীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে । পৰ্যালোচনা বৈঠকত কৃষি বিভাগৰ আয়ুক্ত তথা সচিব অৰুণা ৰাজোৰিয়া, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দিব্যজ্যোতি ৰাজখোৱা, কৃষি সঞ্চালক ৰাতুল পাঠক আৰু অন্যান্য বিভাগীয় শীৰ্ষ বিষয়াসকল উপস্থিত আছিল ।

লগতে পঢ়ক: বঞ্চিতৰ বাবে নিগম-নিকায়ত ৰাজনৈতিক সংস্থাপনৰ প্ৰস্তুতি : চৰ্চাত আছে বহু বিধায়ক আৰু জ্যেষ্ঠ নেতা