ETV Bharat / state

মাকৈ খেতিৰে অৰূপ-ভৃগু-অমিয়হঁতে দাঙি ধৰিছে কৰ্মসংস্কৃতিৰ নিদৰ্শন

ধেমাজিৰ এদল উদ্যমী যুৱকৰ প্ৰচেষ্টাত আৰম্ভ হৈছে কৃষি বিপ্লৱ ৷

DHEMAJI NEWS
ধেমাজিৰ এদল উদ্যমী যুৱকৰ প্ৰচেষ্টাত আৰম্ভ হৈছে কৃষি বিপ্লৱ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 25, 2026 at 3:39 PM IST

2 Min Read
Choose ETV Bharat

ধেমাজি: অসমৰ একাংশ উদ্যমী যুৱকে কোনো চৰকাৰী চাকৰিলৈ আশা নকৰি আৰম্ভ কৰিছে কৃষি বিপ্লৱ ৷ কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ নোযোৱাকৈ ঘৰতেই থাকি এদল যুৱকে আৰম্ভ কৰিছে কৃষিকাৰ্য ৷

গাঁঁৱতে কৃষিকৰ্ম কৰি বহুতকে দেখুৱাইছে আদৰ্শ ৷ ধেমাজিৰ বিষ্ণুপুৰ গাঁও পঞ্চায়তৰ অন্তগৰ্ত বেবেজীয়া গাঁৱৰ সমন্বয় যুৱ সংঘ ও কৃষ্টি বিকাশ কেন্দ্ৰৰ যুৱকসকলে একত্ৰিত হৈ গাঁওখনৰ ৭০ বিঘা মাটিত প্ৰথমবাৰৰ বাবে মাকৈ খেতি আৰম্ভ কৰিছে ৷ বৰ্তমান সেই মাকৈ খেতি এতিয়া চপোৱাৰ সময় হৈছে ৷

ধেমাজিৰ এদল উদ্যমী যুৱকৰ প্ৰচেষ্টাত আৰম্ভ হৈছে কৃষি বিপ্লৱ (ETV Bharat Assam)

আনহাতে, পুৰঠ মাকৈবোৰ চিঙি বজাৰলৈ উলিয়াই দিবৰ বাবেও পৰিকল্পনা কৰিছে উদ্যমী যুৱকসকলে ৷ সমন্বয় যুৱক সংঘৰ সাধাৰণ সম্পাদক ভৃগু কুমাৰ বৰুৱাই এই সন্দৰ্ভত কয় ,"প্ৰথমবাৰৰ বাবে ৭০ বিঘা মাটিত আমি মাকৈ খেতি আৰম্ভ কৰিছো ৷ এতিয়া আমি চেষ্টা কৰিম যাতে গাঁওখনৰ যুৱকসকলে বহিঃৰাজ্যলৈ কামৰ সন্ধানত নোযোৱাকৈ নিজৰ ঠাইখিনিতে কিবা এটাত সংস্থাপন দিয়াৰ ৷ সেই উদ্দেশ্যৰে আমি মাকৈ খেতি আৰম্ভ কৰিছিলো ৷"

তেওঁ লগতে কয়,"ধেমাজিৰ জলসিঞ্চন বিভাগৰ পৰা সৌৰশক্তিৰ দ্বাৰা চালিত পানীৰ পাম্প আমাক প্ৰদান কৰিছিলে ৷ জিলা কৃষি কাৰ্যালয়ৰ পৰা আমাক উন্নত মাকৈ বীজ প্ৰদান কৰিছিল ৷ বৰ্তমানৰ বিধায়ক ৰণোজ পেগুৱে সহায় কৰিছিল আমাক ৷ এনেদৰে আমি আৰম্ভ কৰিছিলো এই মাকৈ খেতি ৷ বেবেজীয়া গাঁৱৰ সমন্বয় যুৱ সংঘ ও কৃষ্টি বিকাশ কেন্দ্ৰৰ ৪৫ গৰাকী সদস্য আছে যদিও ১৫ গৰাকী সদস্যই সক্ৰিয়ভাবে এই খেতি আৰম্ভ কৰিছিলো ৷ এতিয়া মাকৈ খেতি চপোৱাৰ সময় ৷ কিন্তু মূল্যবৃদ্ধি হৈছে যদিও অসমত পূৰ্বৰ তুলনাত মাকৈৰ দাম হ্ৰাস পাইছে, সেই বাবে অসমত বিক্ৰী নকৰি বহিঃৰাজ্যৰলৈ প্ৰেৰণৰ চিন্তা কৰা হৈছে ৷"

লগতে পঢ়ক:দলীয় কাৰ্যকৰ্তাৰ বিৰুদ্ধেই অপপ্ৰচাৰৰ অভিযোগ বিজেপিৰ বৰপেটা জিলা সভাপতিৰ