ETV Bharat / state

শিলাবৰ্ষণত ২৫ জন আৰক্ষী লোক আৰু ১২ জন সাধাৰণ নাগৰিক আহত; প্ৰায় ১১ জনক আটক

এতিয়াও চেপা উত্তেজনা বিৰাজ কৰিছে বাক্সা জিলা কাৰাগাৰৰ সমীপত । বাতিল কৰা হৈছে অসম আৰক্ষীৰ সকলো ছুটী । কেইবাজনকো আটক, এতিয়াও চিকিৎসাধীন বহুজন ৷

After the Baksa incident,Assam police cancelled all police leaves
বাক্সা কাণ্ড, কেইবাজনকো আটক, এতিয়াও চিকিৎসাধীন বহুজন (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 16, 2025 at 8:55 AM IST

|

Updated : October 16, 2025 at 9:27 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: জুবিন গাৰ্গৰ মৃত্যুৰ অভিযুক্তক লৈ অগ্নিগৰ্ভা বাক্সা । ভয়ংকৰ আইন-শৃংখলা জড়িত পৰিস্থিতিৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসন তথা চৰকাৰে । ইয়াৰ পাছতে অসম আৰক্ষীৰ বিশেষ ঘোষণা । বাতিল কৰা হৈছে অসম আৰক্ষীৰ সকলো ছুটী ।

চিকিৎসা সংক্ৰান্তীয় জৰুৰীকালীন অৱস্থাতহে তেওঁলোকে ল’ব পাৰিব ছুটী । ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ বাবে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত । ইফালে ঘটনাস্থলীত উপস্থিত হয় আই জি পি (আইন-শৃংখলা) অখিলেশ সিং । সিঙে দিয়া প্ৰাথমিক তথ্য মতে শিলাবৰ্ষণত ২৫ জনৰো অধিক আৰক্ষী লোক আহত । ১২ জন সাধাৰণ নাগৰিক আহত ৷

আই জি পি (আইন-শৃংখলা) অখিলেশ সিং (ETV Bharat Assam)

বাক্সাৰ নিকাছিত উপস্থিত হৈ অখিলেশ সিঙে কয়, "বাক্সা জিলা কাৰাগাৰৰ আশে পাশে অঞ্চলটোত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে । ৰাইজক আমি আহ্বান জনাম যে তেওঁলোকে শান্তিৰে আইনৰ ওপৰত আস্থা ৰাখক । আইনে নিজৰ কাম কৰি আছে । যি দোষী আছে তেওঁলোকে আইমতে শাস্তি পাব, আইন নিজৰ হাতত তুলিব নালাগে ।"

সিঙে সমগ্ৰ ঘটনা সন্দৰ্ভত কয়, "আজি যি ঘটনা হ'ল, বহুত মানুহ আহত হৈছে, আৰক্ষী, সাধাৰণ ৰাইজ আহত হৈছে, সাংবাদিকসকল আহত হৈছে, সম্পত্তি ক্ষতি হৈছে, গাড়ী জ্বলাই দিছে । এনেকুৱা যাতে আৰু নহয়, তাৰবাবে ৰাইজক অনুৰোধ জনালোঁ ।"

আকৌ সলনি হ'ব নেকি সিদ্ধাৰ্থ, শ্যামকানুৰ ঠিকনা:

সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তকে আদি কৰি পাঁচোগৰাকী অভিযুক্তক বাক্সা জিলা কাৰাগাৰৰ পৰা স্থানান্তৰিত কৰাৰ ক্ষেত্ৰত কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই সন্দৰ্ভত অখিলেশ সিঙে কয়,"সেই সিদ্ধান্ত সন্দৰ্ভত এতিয়াই ক'ব পৰা নাযায় । কিন্তু পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণত থাকিব । তেনেধৰণে আমি ব্যৱস্থা ৰাখিছোঁ ।"

কিমান আহত, কিমানক আটক:

শিলাবৰ্ষণত আহত হোৱা লোকৰ সংখ্যা আৰু কিমানজনক আটক কৰা হৈছে, এই সন্দৰ্ভত আইজিপিগৰাকীয়ে কয়, "আমাৰ আৰক্ষী প্ৰায় ২৫ জন মান আহত হৈছে আৰু সাধাৰণ ৰাইজৰো প্ৰায় ১২ জন মান আহত হোৱাৰ কথা প্ৰাথমিক তথ্যত আহিছে ।" তেওঁ লগতে কয় যে, আৰক্ষীৰ বহু লোক আহত হৈ এতিয়াও কৰ্মৰত হৈ আছে, যাৰবাবে আহতৰ প্ৰকৃত সংখ্যা এতিয়াও জানিব পৰা হোৱা নাই ৷ কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত ১০ জন মান লোকক প্ৰাথমিক চিকিৎসাৰ পাছত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে বুলি তেওঁ লগতে কয় ৷

ইফালে ঘটনাত জড়িত কেইবাজনকো আটক কৰাৰ কথাও উল্লেখ কৰে বিষয়াগৰাকীয়ে । সিঙে কয়, "যিহেতু আমি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ ওপৰতে আমি গুৰুত্ব দি আছিলোঁ, সেইখিনি তথ্য আমি পিছত চাম । প্ৰাথমিক তথ্য অনুসৰি ১০/১১ জনক আটক কৰা হৈছে । তাৰ মাজত কাৰ কাৰ বিৰুদ্ধে প্ৰমাণ পোৱা যায়, আমি ভিডিঅ' ফুটেজ চাম । নিৰ্দোষী মানুহৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় ।"

লগতে পঢ়ক: শ্যামকানু-সিদ্ধাৰ্থহঁতৰ বাবে জ্বলিছে বাক্সা ! অগ্নিগৰ্ভা বাক্সাত সাময়িকভাৱে বাতিল ইণ্টাৰনেট সেৱা, ১৬৩ ধাৰা জাৰি

জুবিনৰ মৃত্যুৰ আবেগক ৰাজনীতিলৈকে ৰূপান্তৰ কৰিব নালাগে: মুখ্যমন্ত্রী

Last Updated : October 16, 2025 at 9:27 AM IST