লুটুমাৰীৰ পিছত গ্ৰেজিং ৰিজাৰ্ভত উচ্ছেদ চলাবলৈ সাজু নগাঁও জিলা প্ৰশাসন
পুনৰ উচ্ছেদ চলিব নগাঁৱত । ক’ত, কেতিয়া চলিব এই উচ্ছেদ ?

Published : December 4, 2025 at 1:40 PM IST
নগাঁও: নগাঁৱত পুনৰ চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান । উচ্ছেদৰ বাবে সম্পূৰ্ণ সাজু হৈছে নগাঁও জিলা প্ৰশাসন । জিলাখনৰ কামপুৰ ৰেঞ্জৰ অধীনৰ লুটুমাৰী বনাঞ্চলৰ বিশাল ভূমি বেদখল কৰি বসবাস কৰি অহা ডেৰ হাজাৰ পৰিয়ালক ইতিমধ্যেই উচ্ছেদ কৰি হাজাৰৰো অধিক বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হোৱা নগাঁও জিলা প্ৰশাসনে পুনৰ উচ্ছেদৰ বাবে সাজু হোৱা বুলি জানিব পৰা গৈছে ।
বনাঞ্চলৰ ভূমি উচ্ছেদৰ পাছত জিলাখনৰ বিভিন্ন পি জি আৰ আৰু ভি জি আৰ ভূমি বেদখলমুক্ত কৰিবলৈ তৎপৰতা আৰম্ভ কৰা বুলি জানিবলৈ দিছে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই । জিলাখনৰ চামগুৰি, ধিং ৰাজহ চক্ৰৰ অধীনৰ বেদখল হৈ থকা গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি বেদখলমুক্ত কৰিবলৈ ইতিমধ্যেই জাননী জাৰি কৰা বুলিও জানিব পৰা গৈছে ।
প্ৰথমে জিলাখনৰ ধিং ৰাজহ চক্ৰৰ অধীনৰ জৰামাৰীৰ বেদখলকৃত ভূমি বেদখলমুক্ত কৰাৰ পাছত কামপুৰৰ বনাঞ্চলৰ ভূমি আৰু এইবাৰ ৰূপহীহাটৰ গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি চলাইছে । নগাঁও জিলাত চলি থকা উচ্ছেদ অভিযানৰ অংশ হিচাপে তৃতীয়বাৰৰ অভিযানত চামগুৰি ৰাজহ চক্ৰৰ অধীনৰ ৰূপহীহাট ভকতগাঁৱৰ ৩৮ বিঘা ভূমি বেদখলমুক্ত হ’ব ।
জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জনোৱা মতে, ‘‘জিলাখনৰ চামগুৰি ৰাজহ চক্ৰৰ অধীনৰ ৰূপহীহাটৰ ভকতগাঁৱৰ গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি বেদখল কৰি ৮৬ টা পৰিয়ালে বসবাস কৰি আহিছে । গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি বেদখল কৰি থকা পৰিয়ালকেইটাক পোন্ধৰ দিনৰ সময়সীমা দি চৰকাৰী ভূমি ত্যাগ কৰিবলৈ জাননী জাৰি কৰা হৈছিল । চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ দিয়া সময়সীমা আজি অন্ত পৰিব । গতিকে জাননী লাভ কৰাৰ পাছত আজিৰ ভিতৰত স্বেচ্ছাই চৰকাৰী ভূমি ত্যাগ নকৰা পৰিয়ালকেইটাক কাইলৈ অৰ্থাৎ শুকুৰবাৰে উচ্ছেদ কৰা হ’ব । উচ্ছেদ অভিযানৰ বাবে পৰ্যাপ্ত বুলড’জাৰৰ লগতে পৰ্যাপ্ত নিৰাপত্তাৰক্ষীৰো ব্যৱস্থা কৰা হৈছে ।’’

ইপিনে, চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ জাননী লাভ কৰাৰ পাছতেই আশ্ৰয়ৰ বাবে এক হাহাকাৰ পৰিস্থিতি বিৰাজ কৰে ভকতগাঁৱৰ বেদখলকাৰীৰ মাজত । জাননী লাভ কৰাৰ পাছত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত একাংশ বেদখলকাৰীয়ে স্বেচ্ছাই চৰকাৰী ভূমি ত্যাগ কৰি আত্মীয়ৰ ঘৰলৈ ঢাপলি মেলিছে । চৰকাৰী ভূমিত থাকিয়েই চৰকাৰী আঁচনিৰ সকলো সুবিধা লাভ কৰাৰ কথা উল্লেখ কৰি এগৰাকী বেদখলকাৰী মহিলাই কয়, ‘‘আমি ইয়াত ২০ বছৰ ধৰি বাস কৰি আহিছো । চৰকাৰী পকীঘৰৰ লগতে অন্যান্য সা সুবিধাও লাভ কৰিছোঁ । ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব । মোৰ স্বামীও নাই । এতিয়া ল’ৰা-ছোৱালী লৈ ক’ত যাম ? লাগিলে মাৰি পেলাওক । ইয়াৰ পৰা যাবলৈ উপায় নাই ।’’
ৰূপহীহাটৰ ভকতগাঁৱত হ’বলগীয়া উচ্ছেদৰ জাননী লাভ কৰাৰ পাছত একাংশ পৰিয়ালে নিজেই চৰকাৰী ভূমি এৰি আঁতৰি যোৱাৰ বিপৰীতে আন একাংশই আশ্ৰয়ৰ অভাৱত উচ্ছেদ হ’বলগীয়া স্থানতে আশ্ৰয় লৈ আছে ।
লগতে পঢ়ক: শনিবাৰে বুলড'জাৰ চলিব লুটুমাৰী বনাঞ্চলত: ৬ হাজাৰ বিঘাত উচ্ছেদ চলাবলৈ সাজু প্ৰশাসন

