কুৰামিৰ পদাংক অনুসৰণ কৰি অসমৰ বন সুৰক্ষাৰ নতুন দায়িত্বত K9 স্নিফাৰ 'পৃথিৱী'
চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ পৰা ‘পৃথিৱী’ ৰ প্ৰশিক্ষণ আৰম্ভ হৈছে । পুৱা আৰু সন্ধিয়া নিয়মীয়াকৈ চলিছে কুকুৰটোৰ প্ৰশিক্ষণ ।

Published : September 2, 2026 at 8:02 PM IST
তেজপুৰ: পুৱা আৰু সন্ধিয়া, দিনটোত দুবাৰকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ বিশ্বনাথত প্ৰশিক্ষণ লৈছে এটা কণমানি জাৰ্মান শ্বেফাৰ্ডে । দৌৰিছে, গোন্ধ লৈছে, নিৰ্দেশ মানিছে আৰু পুনৰ একেখিনি অনুশীলন কৰি গৈছে । নাম তাইৰ ‘পৃথিৱী’ ।
বয়স মাত্ৰ এবছৰ দুমাহ । বন বিভাগৰ বন্যপ্ৰাণী সুৰক্ষাৰ কামত ব্যৱহাৰৰ বাবে প্ৰশিক্ষণ দি থকা হৈছে এই K9 স্নিফাৰ কুকুৰজনীক ।
চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ পৰা ‘পৃথিৱী’ ৰ প্ৰশিক্ষণ আৰম্ভ হৈছে । পুৱা আৰু সন্ধিয়া নিয়মীয়াকৈ চলিছে প্ৰশিক্ষণ । বিভিন্ন গোন্ধ চিনাক্ত কৰা, গোন্ধ অনুসৰণ কৰি পথ বিচাৰি উলিওৱা, মাষ্টাৰৰ নিৰ্দেশ মানি চলা আৰু বিভিন্ন পৰিৱেশৰ মাজতো মনোযোগ অটুট ৰখাৰ অনুশীলন কৰোৱা হৈছে পৃথিৱীক ।

পৃথিৱীৰ এই যাত্ৰাৰ সৈতে জড়িত হৈ আছে আন এজনী জাৰ্মান শ্বেফাৰ্ডৰ দীঘলীয়া সেৱাৰ কাহিনী । তাইৰ নাম ‘কুৰামি’ । বিশ্বনাথ বন্যপ্ৰাণী অভয়াৰণ্য তথা কাজিৰঙাৰ ষষ্ঠ সংযোজনত প্ৰায় ১০ বছৰ বন বিভাগৰ সৈতে কুৰামিয়ে সেৱা আগবঢ়াইছিল। বনকৰ্মীৰ সৈতে কাম কৰি বন্যপ্ৰাণী সুৰক্ষা আৰু বিভিন্ন অনুসন্ধানমূলক দায়িত্বত নিজৰ ঘ্ৰাণশক্তি কুৰামিয়ে ব্যৱহাৰ কৰিছিল।
দীৰ্ঘদিনীয়া সেৱা সম্পূৰ্ণ কৰাৰ পিছত কুৰামিয়ে এতিয়া অৱসৰ লৈছে । অৱশ্যে অৱসৰৰ পিছতো বন বিভাগৰ পৰা কুৰামি আঁতৰি যোৱা নাই । বিশ্বনাথতে বন বিভাগৰ তত্বাৱধানত এই কুকুৰজনী আছে।

ইফালে, কুৰামিৰ পিছত একেধৰণৰ দায়িত্বৰ বাবে সাজু কৰা হৈছে 'পৃথিৱীক' । বৰ্তমান বন বিভাগৰ লখীনন্দন বৰুৱা আৰু দণ্ডিৰাম কাথাৰৰ তত্বাৱধানত 'পৃথিৱী'ৰ প্ৰশিক্ষণ চলি আছে ।
লখীনন্দনে ইয়াৰ পূৰ্বে কুৰামিৰ সৈতেও কাম কৰিছিল । সেয়ে পুৰণি সংগীৰ সেৱাৰ অভিজ্ঞতাৰ পিছত নতুন K9-কুকুৰজনীক প্ৰশিক্ষণ দিয়াটো তেওঁৰ বাবে এক বিশেষ দায়িত্ব ।
লখীনন্দনে কয় যে 'পৃথিৱী'ক বিভিন্ন গোন্ধ চিনাক্ত কৰা, সেই গোন্ধ অনুসৰণ কৰা আৰু মাষ্টাৰৰ নিৰ্দেশ অনুসৰি কাম কৰাৰ প্ৰশিক্ষণ দিয়া হৈছে । বনাঞ্চলৰ বিভিন্ন পৰিৱেশৰ মাজতো যাতে তাই মনোযোগেৰে কাম কৰিব পাৰে, তাৰ বাবেও অনুশীলন কৰোৱা হৈছে ।

তেওঁ লগতে কয় যে মাজে-সময়ে বাহিৰৰ পৰাও এগৰাকী প্ৰশিক্ষক আহি 'পৃথিৱী'ক অতিৰিক্ত প্ৰশিক্ষণ প্ৰদান কৰে । 'পৃথিৱী'ৰ প্ৰশিক্ষণ এতিয়াও আৰম্ভণিৰ পৰ্যায়তে আছে । সম্পূৰ্ণভাৱে দায়িত্ব লোৱাৰ আগতে তাইৰ আৰু বহু অনুশীলনৰ প্ৰয়োজন ।
ইফালে, কুৰামিৰ পৰা 'পৃথিৱী'লৈ এই দায়িত্বৰ পৰিৱৰ্তনটো বিশ্বনাথত নীৰৱেই চলি আছে । কুৰামিয়ে প্ৰায় এটা দশক বন বিভাগৰ সৈতে কাম কৰি অৱসৰ লৈছে ৷ পূৰ্বতে কুৰামিয়ে নিজৰ কৰ্ম দক্ষতাৰ বাবে পুৰস্কাৰো লাভ কৰিছিল । আনহাতে 'পৃথিৱী'য়ে এতিয়াও প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ৷ পুৱা আৰু সন্ধিয়াৰ প্ৰশিক্ষণতেই পৃথিৱীৰ সময় পাৰ হয় ।

এটা নিৰ্দেশ, এটা গোন্ধ আৰু এটা পথ—আকৌ সেই একে অনুশীলন । আগন্তুক দিনত প্ৰশিক্ষণ সম্পূৰ্ণ কৰি পৃথিৱী বন বিভাগৰ K9 দলৰ অংশ হৈ বন্যপ্ৰাণী সুৰক্ষাৰ দায়িত্বত নিয়োজিত হ’ব । কুৰামিৰ দীঘলীয়া সেৱাৰ পিছত এতিয়া নতুন দায়িত্বৰ বাবে সাজু হৈছে 'পৃথিৱী' ।
কাজিৰঙাত দায়িত্বৰ পৰা অৱসৰ লিয়নৰ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আঠ বছৰ সেৱা আগবঢ়াই যোৱা ১৫ আগষ্টত অৱসৰ লৈছিল বেলজিয়ান মেলিনইজ প্ৰজাতিৰ K9 কুকুৰ লিয়নে ৷ ‘Super Sniffer’ অৰ্থাৎ দুৰ্দান্ত চিকাৰী হিচাপে পৰিচিত লিয়নে বহু অভিযানত সাহাসেৰে সহযোগিতা আগবঢ়াইছিল বনকৰ্মীক ৷ চোৰাং চিকাৰীৰ বাবে এক ত্ৰাস আছিল লিয়ন ৷ লিয়নে অসমৰ বন বিভাগ আৰু অসম আৰক্ষী কৰ্মীসকলৰ সৈতে ২০০ ৰো অধিক টহলৰ লগতে ৩০ ৰো অধিক জৰুৰী আৰু গুৰুত্বপূৰ্ণ অভিযানত অংশগ্ৰহণ কৰিছিল ।
লগতে পঢ়ক: গামোচা পিন্ধাই লিয়নক অৱসৰ: য’ত সকলোৰে ভৰসা শেষ হয়, তাৰ পৰাই আৰম্ভ হয় লিয়নৰ কাম

